তেজপুৰত নৱনিৰ্মিত আবক্ষ মূৰ্তিৰে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ৭৬ সংখ্যক স্মৃতিদিৱস

 গীতে মাতে বিশিষ্টজনৰ শ্ৰদ্ধাঞ্জলি

0 25

শতাব্দ  প্ৰতিনিধি তেজপুৰ , ২১ এপ্ৰিল : সাহিত্য কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ ৭৬ সংখ্যক স্মৃতিদিৱসৰ আজিৰ দিনটোত পুৱাই সাহিত্য কাণ্ডাৰী গৰাকীৰ কৰ্ম সাধনাৰ স্থলী তেজপুৰ চহৰৰ গাড়ী ৰখা স্থানত থকা সাহিত্য কাণ্ডাৰী গৰাকীৰ আবক্ষ মূৰ্তিৰ সন্মুখত সম্পন্ন হয় বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আৰু বাণ থিয়েটাৰৰ সহযোগত অনুষ্ঠিত আজিৰ এই স্মৃতি দিৱসৰ কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ক্ৰমে – সাহিত্য কাণ্ডাৰী গৰাকীৰ বোৱাৰী পৰী গোহাঞি বৰুৱা, নাতি, বিশিষ্ট লেখিকা মৃণালী চেতিয়া,তেজপুৰ সাহিত্য সভাৰ সভাপতি ডক্টৰ ভূপেন শইকীয়া, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ডক্টৰ চাৰু চহৰীয়া নাথে । অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক তথা বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা, তেজপুৰ পৌৰসভাৰ নৱ নিৰ্বাচিত সভাপতি প্ৰজ্ঞানু ভট্টচাৰ্য, সাহিত্য কাণ্ডাৰী গৰাকীৰ নাতি উদয় কৃষ্ণ গোহাঞি বৰুৱা, সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা,শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, বিশিষ্ট শিক্ষাবিদ বেণুধৰ কাকতি, ৰমেশ চন্দ্ৰ কলিতা,বিশিষ্ট সংগীতশিল্পী অনিল কুমাৰ ভট্টাচাৰ্য, প্ৰবীণ কন্ঠশিল্পী অজিৎ দাস, প্ৰাক্তন পৌৰপতি পুষ্পা ডেকা, শোণিতপুৰ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক বিজয় কাণ্ডুলনা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দ্বীজেন নাথ, তৰুণ লহকৰ, তেজপুৰ পৌৰসভাৰ একাংশ পৌৰ সদস্য, আৰু বাণ থিয়েটাৰ, তেজপুৰ সাহিত্য সভাৰ সদস্যসকলে এনেদৰে প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বীৰেণ সিংহই নিৰ্মাণ কৰা আবক্ষ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।অনুষ্ঠানতে সংগীত শিল্পী ময়ূৰ কাঞ্চন বৰা আৰু ৰূপম দাসৰ নেতৃত্বত বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু তেজপুৰ সাহিত্য সভাৰ সদস্যা সকলে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা গীত সমবেত ভাবে পৰিৱেশন কৰে।অনুষ্ঠানটিত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই স্মৃতিচাৰণ কৰি সাহিত্য কাণ্ডাৰী গৰাকীৰ জীৱন দৰ্শন আলোকপাত কৰে। তেজপুৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থকা অনুষ্ঠানটিত পাৰ্কিং প্লেচৰ যি স্থানত সাহিত্য কাণ্ডাৰী গৰাকীৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰ পৌৰসভাৰ জৰিয়তে আবক্ষ মূৰ্তি স্থাপন কৰিছিল সেই ঠাইখিনি “পদ্মনাথ গোহাঞি বৰুৱা ক্ষেত্ৰ” হিচাপে নামকৰণ কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰি শোণিতপুৰৰ উপায়ুক্ত আৰু তেজপুৰ পৌৰসভাৰ সভাপতি গৰাকীক অৱগত কৰে। উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰ পৌৰসভাৰ নৱনিৰ্বাচিত পৌৰপতি প্ৰজ্ঞানু ভট্টচাৰ্যই এই প্ৰস্তাবত গুৰুত্ব আৰোপ কৰি শীঘ্ৰেই আলোচনা সাপেক্ষে কাৰ্যকৰী কৰাৰ আশ্বাস প্ৰদান কৰে। আনহাতে অনুষ্ঠানটিত তেজপুৰ সাহিত্য সভাৰ সভাপতি ডক্টৰ ভূপেন শইকীয়াই শলাগ জ্ঞাপন কৰি প্ৰতি বছৰেই এই দিনটোত সাহিত্য কাণ্ডাৰী গৰাকীক তেজপুৰ সাহিত্য সভাই বিশেষ কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অহাৰ পিছত প্ৰথমবাৰৰ কাৰণে নৱনিৰ্মিত এই আবক্ষ মূৰ্তিৰ সন্মুখত এই কাৰ্যসূচী সম্পন্ন কৰা হয় বুলি মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More