তেজপুৰত পথ দুৰ্ঘটনাত সৰবৰহী ছাত্ৰনেতা নিহত

0 16

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৫জুন: যোৱা নিশা তেজপুৰত সংঘটিত এক পথ দুৰ্ঘটনাত তেজপুৰ সদৰ আঞ্চলিক ছাত্র সন্থাৰ সক্ৰিয় কৰ্মী তথা স্থানীয় পৰ্বতীয়া শাখা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি পটংগীয়া(২৪) নিহত হয়।তেজপুৰৰ বাম পৰ্বতীয়া নিবাসী অনন্ত পটংগীয়াৰ পুত্ৰ দীপজ্যোতি যোৱা নিশা প্ৰায় ১২-৪৫বজাত এএছ১২ইউ১৬১৪নম্বৰ মটৰচাইকেলখনৰে বামপৰ্বতীয়াৰ দিশৰ পৰা তেজপুৰ চহৰ অভিমুখে গৈ থকা অৱস্থাত কমাৰ চুবুৰীৰ ভৰ্টক মেছৰ সমীপত এ এছ ১২এল ৬৪৫১নম্বৰৰ ইন’ভা গাড়ীৰ স’তে দুৰ্ঘটনাটো সংঘটিত হয়।আৰক্ষীয়ে প্ৰকাশ কৰা মতে,দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত হোৱা ছাত্ৰ কৰ্মীজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰে আৰু আৰক্ষীক খবৰ দিয়াৰ লগতে তেওঁক স্থানীয় টাইমছ নামৰ নাৰ্ছিং হ’মখনলৈ নিয়া হয়।IMG 20220615 WA0057কিন্তু ইতিমধ্যেই দীপজ্যোতিৰ মৃত্যু ঘটে।আৰক্ষীয়ে দুৰ্ঘটনাটো সংঘটিত হোৱা ইন’ভা বাহনখন জব্দ কৰিছে।আনহাতে,নিহত দীপজ্যোতিৰ মৰণোত্তৰ পৰীক্ষা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত আজি পুৱা প্ৰায় ১০বজাত সম্পন্ন হোৱাৰ পাছত মৃতদেহ পৰিয়ালক গতাই দিয়া হয়।উল্লেখযোগ্য যে,সাংগঠনিক দক্ষতা সম্পন্ন সৰবৰহী যুৱকজনৰ শোকাৱহ মৃত্যুত আছুৰ ৰাজ্যিক নেতৃত্বৰ লগতে শোণিতপুৰ জিলা সমিতি,তেজপুৰ আঞ্চলিক সমিতি,পশ্চিম তেজপুৰ আঞ্চলিকৰ উপৰি সংগঠনটোৰ বিভিন্ন সমিতি সমূহে গভীৰ শোক প্ৰকাশ কৰিছে।উল্লেখযোগ্য যে,দীপজ্যোতিৰ যঁজা ভ্ৰাতৃও প্ৰায় পাঁচ বছৰ পূৰ্বে ১৪জুলাই তথা বুধবাৰেই তেজপুৰৰ শ’লমৰাত সেনাৰ বাহনৰ খুন্দাত নিহত হৈছিল।ছাত্ৰনেতাজন নিহত হোৱাৰ বাতৰি বিয়পি পৰাৰ পাছতে আজি তেজপুৰৰ বামপৰ্বতীয়াৰ লগতে চহৰখনত শোকৰ ছাঁ পৰে।বহুসংখ্যক সতীৰ্থ তথা ৰাইজৰ উপস্থিতিত আজি দিনত দীপজ্যোতিৰ অন্ত্যেষ্টিক্ৰিয়া স্থানীয় ৰাজহুৱা শ্মশানত সম্পন্ন কৰা হয়।ছাত্ৰনেতাজনৰ মৃত্যুত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা,প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দাদুল বৰকাকতি,প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি মাধুৰ্য গোস্বামী,আছু নেতা নিতুল বৰা,পৰিস্মিতা বৰা,অৰূপ ডেকা,সমাজকৰ্মী মৌচম প্ৰতিম দত্ত,শান্তনু মহন্ত, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ,সমাজকৰ্মী দীপক শইকীয়াকে ধৰি বিভিন্নজনে শোক প্ৰকাশ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More