তেজপুৰত পদবজ্ৰে তিব্বত মুক্তি আন্দোলনকাৰী

0 26

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মে’ঃ সম্প্ৰতি প্ৰতিবেশী ৰাষ্ট্ৰ আগ্ৰাসী চীনৰ গ্ৰাসত পৰিছে তিব্বত৷ চীনে সমগ্ৰ তিব্বত নিজৰ অধীনত ৰাখি এক প্ৰকাৰ তিব্বতৰ সকলো অধিকাৰ খৰ্ব কৰিছে৷পৰিণতিত তিব্বতীয় সকলৰ মুক্তিৰ বাবে চিকিমৰ পৰা এক পদযাত্ৰা আৰম্ভ কৰিছে তিব্বতৰ জনতাই৷ ১৯৫৯ ত তিব্বত চীনে অধিকাৰ কৰি তিব্বতীয় সকলৰ স্বাধীনতা কুক্ষিগত কৰে৷ তিব্বতৰ এনে অৱস্থা আৰু চীনৰ এই আগ্ৰাসী ৰূপ ভাৰতৰ বাবেও এক ভাবুকি৷ তেজপুৰত তিব্বত মুক্তি আন্দোলনৰ নেতৃত্বই এইদৰে মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত৷ তিব্বতীয় সকলৰ মুক্তি আন্দোলনৰ প্ৰতি জনসমৰ্থন বৃদ্ধিৰ লক্ষ্যৰে পদযাত্ৰা কৰা তিব্বত মুক্তি আন্দোলনৰ নেতৃত্বই লগতে কয় যে, তিব্বতীয়ান সকলক হত্যা ভয় ভাবুকিৰে চীনে দমন কৰি আহিছে৷ অৰুণাচল প্ৰদেশ বা লাডাখত বাৰম্বাৰ চীনে ভাবুকিৰ সৃষ্টি কৰি আহিছে বুলিও উল্লেখ কৰি তেওঁলোকে আৰু কয় যে, তিব্বতী সকলৰ আৰাধ্য দেৱতা মহাদেৱৰ মন্দিৰো বৰ্তমান চীনৰ দখলত৷ ইয়াৰ বাবেই আজি পদযাত্ৰা কৰা মুক্তি আন্দোলনৰ নেতাকৰ্মী সকলে তেজপুৰৰ মহাভৈৰৱ মন্দিৰত উপস্থিত হৈ আশিস গ্ৰহণ কৰে আৰু চীনক তিব্বতৰ পৰা উৎখাত কৰাৰ পণ লয়৷ এইক্ষেত্ৰত দেশৰ কেন্দ্ৰীয় তথা তিব্বতীয় চৰকাৰে বিশেষ ভূমিকা লোৱাৰো প্ৰয়োজনীয়তা দোহাৰে এই সকল তিব্বত মুক্তি আন্দোলনকাৰীয়ে৷ অসম তিব্বত সমন্বয় সমিতিৰ উদ্যোগত তেজপুৰলৈ পদব্ৰজে অহা এই দলটোৰ মূল লক্ষ্য হৈছে তিব্বতক চীনৰ হাতোৰাৰ পৰা মুক্ত কৰি তিব্বতৰ ৰাইজৰ স্বাধীনতা ঘূৰাই অনা৷ এটা সময়ত ধৰ্মগুৰু দালাই লামা অৰুণাচলৰ মাজেৰে আহি তেজপুৰত প্ৰৱেশ কৰি চীনৰ এই আগ্ৰাসনৰ বিষয়ে তেজপুৰতে জনগণক সদৰি কৰিছিল আৰু সেইবাবেই তেজপুৰলৈ আহি এইদৰে দলটোৱে পদাৰ্পণ কৰা বুলি উল্লেখ কৰে৷ অহা ২৩ মে’ পৰ্যন্ত এই সকল তিব্বতীয়ে তেজপুৰতেই বিভিন্ন স্হানত তেওঁলোকৰ যাত্ৰাৰ উদ্দেশ্য সম্পৰ্কত ৰাইজক অৱগত কৰিব বুলিও সদৰি কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More