তেজপুৰত “পিন হ’ল কেমেৰা”প্ৰদৰ্শন

নাট্যকাৰ প্ৰয়াত দীপক মহন্তক স্মৰণ

0 23
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ১৮জুলাইঃ তেজপুৰৰ “মাটি আখৰা” নামৰ নাট্যানুষ্ঠানটোৱে যোৱা নিশা বাণ থিয়েটাৰত তেওঁলোকৰ অষ্টম প্ৰয়োজনাত নাট্যকাৰ প্ৰয়াত দীপক মহন্তৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা মৃদুল চুতীয়াৰ পৰিচালনাত আৰু মূল চৰিত্ৰত অভিনয়েৰে  সফল মঞ্চায়ন কৰে প্ৰয়াত নাট্যকাৰ মহন্তৰ বহুল চৰ্চিত তথা জনপ্ৰিয় ব্যংগাত্মক নাটক “পিনহ’ল কেমেৰা”। এক শোকাবহ পথ দুৰ্ঘটনাত নাট্যকাৰ, সাংবাদিক মহন্তৰ অকাল বিয়োগ ঘটিছিল।এসময়ত সমগ্ৰ ৰাজ্যখনতে যথেষ্ট চৰ্চা লাভ কৰা, বৰ্তমানৰ সমাজ ব্যৱস্থা আৰু ৰাজনৈতিক বাতাবৰণৰ জীয়া বাস্তৱৰ কাহিনীক তীৰ্যক ব্যংগৰে উপস্থাপন কৰা বিশেষ কাহিনীৰ নাটকখনত মৃদুল চুতীয়াৰ  পৰিচালনাৰে সম্পূৰ্ণ লোকবাদ্য প্ৰয়োগ কৰি সুন্দৰ সংগীতৰ প্ৰয়োগ কৰে  হিমাংশু বৰা, শিৱানন্দ বৰুৱা আৰু নৱজ্যোতি শইকীয়া। সেইদৰে বিপুল নাথ আৰু জিতুমণি কলিতাৰ মনোৰম আলোক সম্পাত, দিব্যজ্যোতি নাথৰ ৰূপসজ্জা, গৌতম কোঁচ আৰু শৈলেন্দ্ৰ শইকীয়াৰ দৃশ্য সজ্জাৰে সফল মঞ্চায়ন হোৱা বহু চৰ্চিত নাটকখনৰ মূল চৰিত্ৰত মৃদুল চুতীয়াই নিজেই চমকপ্ৰদ অভিনয় কৰাৰ লগতে তেজপুৰৰ দক্ষ অভিনেতা ৰাজীৱ শৰ্মা, প্ৰশান্ত কুমাৰ বৰা, পুতুল বৰুৱা, ভূপেন বৰুৱা, গৌতম কোঁচ, দীপ কলিতাই অতি সাৱলীল অভিনয় কৰি দৰ্শকক আপ্লুত কৰে। ইয়াৰ  লগতে উদীয়মান প্ৰণৱ নাথ, ভাৰ্গৱ বৰা, বিপ্লৱ শৰ্মা, চিন্ময়জ্যোতি শৰ্মা, গৌতম শৰ্মা, দেৱাশীষ কৌশিক, শৈলেন্দ্ৰ নাথ শইকীয়া আৰু একমাত্ৰ নাৰী চৰিত্ৰত এলিচা শইকীয়াইও ক্ৰুটীহীন অভিনয়ৰে নাটকখন  দৰ্শকৰ অধিক উপভোগ্য কৰি তোলাত দীৰ্ঘ দিনৰ পিছত বহু চৰ্চিত নাটকখনৰ মাজত একাংশ দৰ্শক নষ্টালজিক হৈ পৰা পৰিলক্ষিত হয়। নাট্যানুষ্ঠান “মাটি আখৰা” ৰ সভাপতি দুল গোস্বামীৰ লগতে অন্যান্য বিষয়ববীয়াসকলৰ উপস্থিতিত নাটকখনৰ কুশীলৱ সকলক ৰাইজৰ সন্মুখত বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই পৰিচয় কৰি দিয়াৰ পিছতেই সকলো কুশীলৱই প্ৰয়াত নাট্যকাৰ দীপক মহন্তৰ প্ৰতিচ্ছবিৰ সন্মুখত সমবেত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More