ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮মে’: তেজপুৰত কালি মাতৃ পুত্ৰসহ মুঠ তিনিজনক ড্ৰাগছ সৰবৰাহ তথা বিক্ৰী কৰাৰ অভিযোগত তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত যোৱা নিশা পুনৰ আৰক্ষীয়ে আন এক ড্ৰাগছ বিৰোধী অভিযানত সফলতা লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে,যোৱা নিশা স্থানীয় বৰঘাট আৰক্ষীয়ে তেজপুৰ নগাঁও সংযোগী কলিয়াভোমোৰা দলঙত চলোৱা তালাচী অভিযানত ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে,নগাঁৱৰ ৰূপহীৰ পৰা এ এছ ১২-৮৫৩৩ নম্বৰৰ চাৰিচকীয়া বাহনত তেজপুৰলৈ আহি থকা অৱস্থাত কলীয়াভোমোৰা দলঙত আৰক্ষীৰ জালত পৰে তেজপুৰ চটাই চাপৰিৰ ছফিকুল ৰহমানৰ পুত্ৰ আনোৱাৰ হুছেইন(১৮)আৰু ভোজখোৱা চাপৰিৰ নৌসাদ আলীৰ পুত্ৰ আনাৰ হুছেইন(২১)। দুয়োৰে পৰা আৰক্ষীয়ে ২৭ টা সন্দেহজনক হেৰ’ইন ভৰ্তি পাত্ৰ উদ্ধাৰ কৰে। উল্লেখযোগ্য যে,তেজপুৰলৈ নগাঁৱৰ পৰা ড্ৰাগছ সৰবৰাহ হোৱাৰ বিষয়ে ইতিমধ্যে কৰায়ত্ত হোৱা একাধিক ড্ৰাগছ সৰবৰাহ কাৰীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে। তেজপুৰৰ লগতে শোণিতপুৰৰ বিভিন্ন স্থানলৈ এনেদৰে নগাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা ড্ৰাগছ সৰবৰাহ হোৱা আৰু আৰক্ষীয়ে এনে ভালেসংখ্যক সৰবৰাহকাৰীক ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পাছতো একাংশই এনে দুস্কাৰ্য চলাই গৈছে।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা