তেজপুৰত পুৰোধা শিল্পী দুলাল ৰয় আৰু চৈয়দ ছাদুল্লাক ২০২২ বৰ্ষৰ “চাতক সন্মান” প্ৰদান

সংস্কাৰৰ মাজেৰে প্ৰচলিত সংস্কাৰাচ্ছন্ন সাংস্কৃতিক কাৰ্যকলাপ জাতীয় সংস্কৃতিৰ বাবে শুভ লক্ষণ - দুলাল ৰয়

0 19

IMG 20221208 WA0068IMG 20221208 WA0069শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১১ ডিচেম্বৰঃ ৰাজ্যখনৰ স্বনামধন্য নাট্যশিল্পী, অভিনেতা, পৰিচালক দুলাল ৰয় আৰু বিশিষ্ট সংগীতশিল্পী, গীতিকাৰ, সংগীত ব্যৱস্থাপক তথা আকাশবাণী ডিব্ৰুগড়ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা, সুললিত কন্ঠৰ প্ৰসিদ্ধ ঘোষক চৈয়দ ছাদুল্লাক কালি সন্ধিয়া তেজপুৰৰ মাজগাঁও শ্ৰীমন্ত শংকৰদেৱ নাট্যমন্দিৰ অনুষ্ঠানত আগবঢ়োৱা হয় ২০২২ বৰ্ষৰ “চাতক সন্মান” । উল্লেখ্য যে, তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান “চাতক”এ ধাৰাবাহিক ভাবে প্ৰতিবছৰেই ৰাজ্যখনৰ শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত একোগৰাকী বিশিষ্ট ব্যক্তিক ৰাম প্ৰসাদ ভূঞা – ফুলেশ্বৰী ভূঞা সোঁৱৰণী আৰু জীতেন্দ্ৰনাথ নাথ ভট্টাচাৰ্য – বিমলা ভট্টাচাৰ্য সোঁৱৰণী” চাতক সন্মান” প্ৰদান কৰি অহাৰ পিছত চলিত বৰ্ষৰ এই সন্মান কালি সন্ধিয়া নিৰ্ধাৰিত ৫ – ৪৫ বজাৰ হোৱা সুৰীয়া সাংগীতিক অনুষ্ঠানত আনুষ্ঠানিক ভাৱে চাতকৰ হৈ প্ৰদান কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুন্দৰ্শন ঠাকুৰে ।IMG 20221211 WA0066 চাতক পৰিয়ালৰ উপস্থিতিত এই সন্মানত অংগ বস্ত্ৰ, চাতক স্মাৰক, প্ৰশস্তি আৰু নগদ ধন প্ৰদান কৰা হয়। উল্লেখ্য যে, যোৱা কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকাৰ বাবে চৈয়দ ছাদুল্লা অনুষ্ঠানটিত উপস্থিত থাকিব নোৱাৰাত তেওঁৰ কন্যাই এই সন্মান গ্ৰহণ কৰে। তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ গৱেষক ছাত্ৰী ৰ’দালী শৰ্মাই আঁত ধৰি দুয়োগৰাকী শিল্পীৰ জীৱন পৰিচিতি অতি সাৱলীল ভাৱে দাঙি ধৰা সুমধুৰ অনুষ্ঠানটি পূৰ্বৰ দৰেই আৰম্ভ হয় চাতকৰ সভাপতি, সংগীত শিল্পী অনিল কুমাৰ ভট্টাচাৰ্যৰ গুৰু বন্দনা আৰু সম্পাদক – কোষাধ্যক্ষ ভৱানী ভূঞা আৰু পংকজ শৰ্মাৰ ঘোষাৰে। অনুষ্ঠানটিত চাতক সন্মান প্ৰদান কৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুন্দৰ্শন ঠাকুৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ আৰু বিভিন্ন ক্ষেত্ৰৰ প্ৰকৃত শিল্পী সত্বা সমূহ চয়ন কৰি ধাৰাবাহিক ভাৱে এই সন্মান প্ৰদান কৰি অহা চাতক পৰিয়ালৰ এই প্ৰয়াসক শলাগ জ্ঞাপন কৰি চাতক সন্মানে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিষ্ঠা লাভ কৰিছে বুলি মন্তব্য কৰে। সচিব ঠাকুৰে আৰু কয় – তেজপুৰৰ উৰ্বৰ ভূমিতে এনে অনুষ্ঠানৰ মাৰ্গদৰ্শনৰ যোগেদি নৱপ্ৰজন্মৰ মাজৰ পৰা বিৰল শিল্পীসত্বা সৃষ্টিৰ কঠিয়া আমি সিঁচিব পাৰিব লাগিব। চাতকৰ এই বঁটা প্ৰদান তথা সন্মান প্ৰদৰ্শনৰ পৰম্পৰাই অনুপ্ৰেৰণাৰ এক সোণালী পথৰ সৃষ্টি কৰিছে। তেজপুৰত প্ৰবেশ কৰিলেই এক বিশেষ অনুৰণন উপলব্ধি কৰা হয় বুলি কৈ তেজপুৰৰ শিল্পকলা ক্ষেত্ৰখনৰ পুৰোধা ব্যক্তি সকলক স্মৰণ কৰি তেজপুৰৰ কলা সংস্কৃতিৰ উৰ্বৰতাক অসমবাসীয়ে সদায় স্বীকাৰ কৰি আহিছে বুলি মন্তব্য কৰে। আনহাতে, এই বিশেষ অনুষ্ঠানটিত সংগীত শিল্পী প্ৰাঞ্জল বৰুৱা, হিৰণ্য শইকীয়া, নয়ন শইকীয়া, বিশ্ব মহন্ত আৰু মৃদুল দাসৰ জৰিয়তে দক্ষ কন্ঠশিল্পী কামাখ্যা বৰাই চৈয়দ ছাদুল্লাৰ “বৰষা তুমি আহা” আৰু “সমাধিত মোৰ জানো” শীৰ্ষক গীত, ভাস্কৰ মৌনশে “সময় হ’লে মম জ্বলে”, “যোৱাৰ পৰত সৰা শেৱালি” শীৰ্ষক গীতৰ লগতে কন্ঠশিল্পী প্ৰণামী বৰঠাকুৰে “কাজিৰঙা মই কাজিৰঙা” আৰু “ঘূণে ধৰিবলৈ নিদিবি” শীৰ্ষক গীত আৰু বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰাই অতি জনপ্ৰিয় “অহাৰ দৰে উভতি আঁতৰি গ’লা” শীৰ্ষক গীত আৰু দুলাল ৰয় পৰিচালিত” আশ্ৰয় “বোলছবিৰ “সৌ মেঘৰ ছাঁ” পৰিৱেশন কৰি জীপাল কৰি তোলাৰ লগতে তেজপুৰৰ নাট্যশিল্পী দীপাংকৰ নাথ, বিপ্লৱ শৰ্মা, গৌতম কোঁচ, মুন ডেকা, মানস প্ৰতীম বৰা আৰু ৰাজীৱ শৰ্ম্মাই দুলাল ৰয়ৰে অনুদিত তিনিখন নাটক ক্ৰমে – ৰংগচাৰীৰ নাট “শুনা জন্মে জয়,” মলিয়েৰৰ “মাছৰ তেলেৰে মাছ” আৰু নিকোলাই গ’গলৰ “চৰকাৰী ইন্সপেক্টৰ” ৰ কিয়দংশ পৰিৱেশন কৰি সন্মান প্ৰদান কৰা শিল্পী দুগৰাকীক শ্ৰদ্ধা জনাই। আনহাতে এই সন্মান গ্ৰহণ কৰি ৰাজ্যখনৰ নমস্য নাট্যশিল্পী দুলাল ৰয়ে Alexander Duma ৰ বিখ্যাত উপন্যাস The three masketeeres প্ৰসংগ উল্লেখ কৰি চাতক গোষ্ঠীৰ এই কৃচ্ছ্ৰসাধনা উপন্যাসখনৰ নায়ক তিনিজনৰ জীৱনৰ কৃচ্ছসাধনাৰ কথা মনত পৰিছে বুলি প্ৰথমেই মন্তব্য কৰে । পুৰোধা নাট্যশিল্পী ৰয়ে আৰু কয় – সংস্কাৰৰ মাজেৰে প্ৰচলিত সংস্কাৰাচ্ছন্ন সাংস্কৃতিক কাৰ্যকলাপ জাতীয় সংস্কৃতিৰ বাবে শুভলক্ষণ। বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেতা অসিত সেন আৰু পৰিচালক হৃষিকেশ মুখাৰ্জী, বিখ্যাত চফৰ চিনেমাৰ তৃতীয় গৰাকী পৰিচালক হিচাপে আৰু ফি্লম ফেষ্টিভেল পুৰস্কাৰ লাভ কৰা দস্তক চিনেমাৰ সৈতে নিজৰ অবদান সম্পৰ্কে অতীত সোঁৱৰণীৰ মাজেৰে নষ্টালজিক হৈ পৰি চিনেমাৰ জগতখনৰ প্ৰতি আকৰ্ষিত হৈ থাকিলে নাটকে মোক সদায়ে নতুন জীৱন প্ৰদান কৰি আহিছে বুলি কৈ নাটকৰ সৈতে সম্পৰ্ক জীৱনৰ এক অনন্য সুন্দৰ অভিজ্ঞতা বুলি কয়। ৰয়ে আৰু কয় – নাটক কেৱল আমোদ প্ৰমোদৰ শিল্প হিচাপে ব্যৱহাৰ কৰাতো সমীচীন নহয়। নাটকৰ সমাজতাত্বিকবোধ, ইয়াৰ সামাজিক দায়বদ্ধতা ৰুচিসন্মতভাবে মঞ্চায়নৰ মাজেৰে প্ৰতিফলিত কৰিব নোৱাৰিলে এনে শিল্পৰ কোনো সামাজিক সাংস্কৃতিক মুল্য নাথাকিব। সাম্প্ৰতিক অসমৰ নাট্য পৰম্পৰাৰ আটাইতকৈ দুখজনক দিশটোৱেই হৈছে ৰুচিবিহীন, সামাজিক দায়বদ্ধ শূন্য নাট্যশৈলীৰে নাট প্ৰদৰ্শনৰ পৰম্পৰা।সাংবাদিকৰ আগতো নমস্য নাট্যশিল্পী গৰাকীয়ে নাটশিল্প ক্ষেত্ৰখনৰ সৈতে জড়িত নতুন প্ৰজন্মক এই শিল্পৰ বিষয়ে গভীৰ অধ্যয়নৰ প্ৰয়োজন আছে বুলি কৈ নতুন নতুন পৰীক্ষা – সম্পৰীক্ষাৰে নাট মঞ্চস্থ কৰি অসমৰ অপেছাদাৰী নাট্য আন্দোলনৰ ভেটি টনকিয়াল কৰিবলৈ আহ্বান জনায়।পুনৰ ঘোষাৰে সমাপ্ত কৰা অনুষ্ঠানটিত প্ৰত্যেকগৰাকী অতিথিকে চাতক পৰিয়ালে একোটিকৈ গছপুলি উপহাৰ প্ৰদান কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More