তেজপুৰত প্ৰথমবাৰৰ বাবে বাউল শিল্পীৰ “হৃদয়ৰ পৰা হৃদয়লৈ” অনুষ্ঠান

নিয়ৰসিক্ত নিশাৰ ব্যতিক্ৰমী অনুষ্ঠানত মন্ত্ৰমুগ্ধ হ'ল তেজপুৰৰ ৰুচিশীল দৰ্শক

0 17

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ নৱেম্বৰঃ বৰ্তমান পশ্চিম বংগৰ বোলপুৰৰ শান্তি নিকেতনত থকা নলবাৰীৰ মহামায়া বাউল, একেদৰে শান্তি নিকেতনতে থকা গোলাঘাটৰ তৰ্পণ বাউল, বৰ্তমানে আশ্ৰম জয়দেৱত থকা নগাঁৱৰ মাধূৰ্যময়ী বাউল আৰু একেদৰেই শান্তি নিকেতনত থকা বাংলাদেশৰ কাঙাল ক্ষেপাৰ দৰে প্ৰসিদ্ধ বাউল লোকশিল্পীৰ হৃদয়স্পৰ্শী বাউলৰ সুমধুৰ অনুষ্ঠানেৰে কালি সন্ধিয়া ৬ – ৩০ বজাৰ পৰা নিশা ৯ বজালৈ তেজপুৰত প্ৰথমবাৰৰ বাবে এক অনন্য পৰিৱেশৰ সূচনা হ’ল “ভূপেন হাজৰিকা কলাভূমি” প্ৰাংগনত। নিয়ৰসিক্ত সন্ধিয়াৰ পৰা নিশালৈকে তেজপুৰৰ ৰুচিশীল দৰ্শকে সাধাৰণতে শুনিবলৈ নোপোৱা লোকসংগীতৰ “হৃদয়ৰ পৰা হৃদয়লৈ” শীৰ্ষক এনে অমিয়া সুৰৰ মাজত যেন বিচাৰি পালে প্ৰখ্যাত বাউল শিল্পী লালন ফকিৰক। এক ৰুচিশীল কলাসুলভ মনৰ শোণিতপুৰৰ উপায়ুক্তগৰাকীৰ জৰিয়তে কালি এই মনোৰম অনুষ্ঠানটি আকৌ পৰিচালনা কৰি সোণত সুৱগা চৰাই তুলিলে ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা এংকৰ মৃণাল তালুকদাৰে।জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে আঁত ধৰা এই অনন্য সুমধুৰ অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ক্ৰমে – জিলা আৰু সত্ৰ ন্যায়াধীশ সত্ৰভূষণ গগৈ, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা আৰু মৃণাল তালুকদাৰে।ইয়াৰ পিছতেই উপায়ুক্ত গৰাকীয়ে আদৰণী ভাষণ প্ৰদান কৰি বিশ্বনাথ জিলাৰ উপায়ুক্ত হৈ থকা সময়তে তেওঁৰেই বন্ধু সাংবাদিক মৃণাল তালুকদাৰৰ জৰিয়তে এই অনুষ্ঠান উপভোগ কৰি আপ্লুত হোৱাৰ পিছত তেজপুৰীয়া ৰাইজক উপভোগ কৰাৰ সুবিধা কৰি দিয়াৰ বাবেই এই অনুষ্ঠানৰ আয়োজন বুলি মন্তব্য কৰে।আনহাতে আটাইকেইগৰাকী বাউল শিল্পীৰ পৰিচয় দাঙি ধৰি বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰে বৰ্তমানৰ যান্ত্ৰিকতা আৰু প্ৰাচুৰ্য্যৰে ভৰা বস্তুবাদী সমাজ ব্যৱস্থাত বাউল লোক সংগীতক জীয়াই ৰখা লোকশিল্পী সকলৰ মহানতাক শ্ৰদ্ধা জনাই বাউলৰ দৰে লোকসংগীতে প্ৰচুৰ মানসিক প্ৰশান্তি প্ৰদান কৰিব পাৰে বুলি কয়। উল্লেখ্য যে, সাংবাদিক মৃণাল তালুকদাৰে অতি সাৱলীল ভাৱে আঁত ধৰা অনুষ্ঠানটিত দক্ষ বাউল শিল্পী মহামায়া বাউলে বাউল গীত নহয় এক আধ্যাত্মিক পদাৱলী বুলি মন্তব্য কৰি কেনেদৰে বিশ্বভাৰতীৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানেৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি এগৰাকী বাউল হৈ পৰিল তাৰ সবিশেষ সদৰী কৰে। একেদৰে আন এগৰাকী বাউল মাধূৰ্যময়ী বাউলে জীৱনৰ প্ৰাপ্তি – অপ্ৰাপ্তিৰ লগতে সুখ – শান্তিৰ উপলব্ধি কেনেদৰে বাউলৰ মাজেৰেই লাভ কৰিবলৈ সক্ষম হৈছে সেই কথা আঁত ধৰোঁতা মৃণাল তালুকদাৰৰ প্ৰশ্নৰ উত্তৰত সদৰী কৰে।উল্লেখ্য যে বাউলৰ লগতে এটি গোৱালপৰীয়া লোকগীত আৰু মীৰা ভজনেৰেও দৰ্শকক আমোদ দিয়া অনুষ্ঠানটিত দৰ্শক সকলে আগবঢ়োৱা দক্ষিণা সম্পূৰ্ণ সাত্ত্বিক নিয়মেৰে অনুষ্ঠানৰ শেষত গ্ৰহণ কৰে বাউল শিল্পী চাৰিগৰাকীয়ে।মনকৰিবলগীয়া যে বাউল শিল্পী সকলে অনুষ্ঠান পৰিবেশন কৰিলে কোনো অনুষ্ঠানৰ পৰা ধন দাবী নকৰে, মাথোঁ ৰাইজৰ পৰা কিঞ্চিৎ দক্ষিণাহে গ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More