তেজপুৰত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন

0 139

শতাব্দ প্ৰতিনিধি, তেজপুৰ ৩১ মেঃ ধঁপাত বৰ্জন কৰাৰ সংকল্পৰে সমগ্ৰ দেশৰ লগতে আজি শোণিতপুৰ জিলাতো বিশ্ব ধঁপাত মুক্ত দিৱস পালন কৰা হয়। এই উপলক্ষে শোণিতপুৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষে শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণ আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগত বিশ্ব ধঁপাত মুক্ত দিৱস উপলক্ষে তেজপুৰ আদালত চৌহদৰ পৰা ধঁপাত বৰ্জনৰ আহ্বানৰে উলিওৱা সজাগতা ৰেলীৰ ফ্লেগ অফ কৰে শোণিতপুৰ জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ ছত্ৰভূষন গগৈ আৰু কনকলতা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ টি বি ছেত্ৰীয়ে। আনহাতে বিশ্ব ধঁপাত মুক্ত দিৱস উপলক্ষে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭৩মহিলা বেটেলিয়নৰ মহিলা কেডেটৰ এটা দলে তেজপুৰত বাটৰ নাট প্ৰদৰ্শন আৰু সজাগতা ৰেলীৰ জৰিয়তে ধঁপাত বৰ্জনৰ সংকল্প লোৱাৰ বাবে ৰাইজলৈ আহ্বান জনায়।আনহাতে
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব্ ফাৰ্মাচিউটিকেল চায়েন্স, চমুকৈ জি আই পি এছ তেজপুৰৰ উদ্যোগত আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সহযোগত আজি উদাযপন কৰা হয় বিশ্ব ধঁপাত বিৰোধী দিৱস । জি.আই.পি.এছ-তেজপুৰৰ চেমিনাৰ হলত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত দুয়োখন স্বাস্থ্য শিক্ষা প্ৰতিষ্ঠানৰে অধ্যাপক, গৱেষক, কৰ্মচাৰী তথা শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে।IMG 20220531 WA0052 অনুষ্ঠানটিৰ আঁত ধৰে আহ্বায়ক তথা সহ:অধ্যাপক উদ্ধৱ পটংগীয়াই। সভাৰ আদৰণি ভাষণত জি.আই.পি.এছ.-তেজপুৰৰ অধ্যক্ষ ড° আব্দুল বাকী আহমেদে ধঁপাত বিৰোধী দিৱস উদযাপনৰ লক্ষ্য আৰু প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। এইবেলি বিশ্ব ধঁপাত দিৱস ২০২২ ৰ বিষয়বস্তু হ’ল পৰিৱেশ ৰক্ষা। এই বিষয়ত তথ্য সমৃদ্ধ এক বক্তব্য ৰাখে মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ ক্লিনিকেল চাইক’লজি বিভাগৰ সহ: অধ্যাপক ড° ৰাজেশ কুমাৰে। অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে তেজপুৰ ছায়েন্স একাডেমীৰ অধ্যক্ষা সুৰঞ্জনা শৰ্মাই । বৰ্তমান বিশেষকৈ যুৱচামৰ মাজত পৰিলক্ষিত হোৱা ধঁপাত জাতীয় সামগ্ৰী সেৱনৰ প্ৰৱণতাৰ ওপৰত বক্তব্য প্ৰদান কৰে মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখনৰ চাইকিয়েট্ৰিক চ’চিয়েল ৱৰ্ক বিভাগৰ সহ:অধ্যাপক ড° আৰিফ আলিয়ে। ধঁপাত তথা অন্য নিচাজাতীয় সামগ্ৰীয়ে শাৰিৰীক ক্ষয়-ক্ষতিৰ বাহিৰেও মানসিকভাৱে এজন লোকক অত্যধিক পৰিমাণে ক্ষতিগ্ৰস্ত কৰে। চাইকিয়েট্ৰিক নাৰ্ছিং বিভাগৰ প্ৰশিক্ষক বৰষা শেনচোৱাই শিক্ষাৰ্থীসমূহক নিচাজাতীয় সামগ্ৰী সেৱনৰ পৰা বিৰত ৰাখিবলৈ কলেজসমূহত মানসিক স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠানৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত শেষৰফালে গৱেষক মনাস্পিকা দাসৰ দ্বাৰা চুটি ছবি প্ৰদৰ্শন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More