তেজপুৰত বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন

জ্যেষ্ঠ ফটো সাংবাদিক সমীৰ কৰৰ 'ত্ৰিৰংগা' শীৰ্ষক আলোকচিত্ৰ প্ৰদৰ্শনী

0 41

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৯আগষ্ট: ১৮৩৯ৰ ১৯আগষ্টৰ পৰাই উদযাপিত হৈ অহা বিশ্ব ফটোগ্ৰাফী দিৱসৰ স’তে সংগতি ৰাখি তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ প্ৰাংগনতো শুক্ৰবাৰে এই দিৱস উদযাপন কৰা হয়৷ অন্তৰ্নিহিত কলা, সুকমাৰ কলা,বিজ্ঞান তথা ইতিহাসৰ কথা মনত ৰাখি সৰ্বপ্ৰথম ফৰাচী চৰকাৰে ঘোষণা কৰা এই দিনটোত ৰাজ্যখনৰ সংবাদক্ষেত্ৰৰ সৈতে দীৰ্ঘকাল ধৰি জড়িত এগৰাকী জ্যেষ্ঠ ফটো সাংবাদিক তেজপুৰৰ সমীৰ কৰৰ মুঠ ৬০খন নিৰ্বাচিত আলোকচিত্ৰৰে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নত এই আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় ৷ IMG 20220819 WA0111আজি দিনৰ ১১বজাত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰি কয় যে আলোকচিত্ৰ শিল্পী কৰৰ আলোকচিত্ৰই সদায়েই দৰ্শকক সন্মোহিত কৰি আহিছে৷ বিধায়ক ৰাভাই ৰাজ্যৰ বৰ্তমানৰ শ্ৰেষ্ঠ ফটো সাংবাদিক সকলৰ ভিতৰত এজন বুলি উল্লেখ কৰি লগতে কয় যে যিকোনো বিষয়ৰ আলোকচিত্ৰ গ্ৰহণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মূহুৰ্তৰ প্ৰকাশ কৰিবলৈ সক্ষম হয় কৰৰ আলোকচিত্ৰই৷ আনহাতে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই প্ৰদৰ্শনীত বন্তি প্ৰজ্বলন কৰি কয় যে,কৰে আজিৰ প্ৰদৰ্শনীৰ বাবে যি বিষয় বাছনি কৰিলে সেয়া সঁচাকৈয়ে অনন্য৷দেশৰ স্বাধীনতাৰ ৭৫বছৰ সম্পূৰ্ণ হোৱা আৰু এইবাৰ ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ এক দলিল স্বৰূপ হৈ পৰা কৰৰ এই প্ৰদৰ্শনীৰ আলোকচিত্ৰ সমূহ উপযুক্ত ভাবে সংৰক্ষণ কৰিবলৈ আহ্বান জনাই উপায়ুক্ত গৰাকীয়ে এইসমূহ আলোকচিত্ৰ ভৱিষ্যতে অতি গুৰুত্বপূৰ্ণ হৈ উঠিব বুলিও কয়৷ আনহাতে ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি তথা প্ৰবীন শিল্পী বংকিম শৰ্মাই তাহানিৰ পৰা বৰ্তমানলৈকে আলোকচিত্ৰ গ্ৰহণত হোৱা পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে একোখন নিৰ্বাক আলোকচিত্ৰৰ তেনেদৰেই কথা কোৱাৰ সামৰ্থ থাকে৷ সাংবাদিক পুলক কুমাৰ ডেকাই আঁত ধৰা এই অনুষ্ঠানত সাহিত্যিক ড° ভূপেন শইকীয়া,সহকাৰী আয়ুক্ত বৰষা তালুকদাৰ,তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা,এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা,সমাজকৰ্মী দাদুল বৰকাকতিকে ধৰি উপস্থিত বিশিষ্ট ব্যক্তি সকলেও আলোকচিত্ৰ শিল্পী সমীৰ কৰলৈ শুভেচ্ছা জনাই তেওঁৰ এই সৃষ্টিৰ প্ৰশংসা কৰে৷ উল্লেখযোগ্য যে,তাহানি ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ ১৫বিধ কেমেৰা,ৰিল আদিও প্ৰদৰ্শন কৰা এই প্ৰদৰ্শনীত দেশে উদযাপন কৰা স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়চোৱাত ঘৰে ঘৰে ত্ৰিৰংগা বিষয় বস্তুৰ আধাৰত এই সময়ৰ বিভিন্ন মূহুৰ্তৰ আলোকচিত্ৰৰে সমীৰ কৰে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সহযোগত ত্ৰিৰংগা শীৰ্ষক আলোকচিত্ৰ প্ৰদৰ্শনীখন অনুষ্ঠিত কৰে৷ উল্লেখযোগ্য যে,১৯৮৬ৰ পৰা আলোকচিত্ৰৰ জগতখনৰে জড়িত হৈ পৰা ফটো সাংবাদিক কৰে ১৯৯৩ৰ পৰা সংবাদ মাধ্যমৰ স’তে জড়িত হৈ এই পৰ্যন্ত অজস্ৰ ফটো তুলি আহিছে৷এই প্ৰদৰ্শনীলৈ আজি যথেষ্ট সংখ্যক দৰ্শকে সঁহাৰি জনায়।ইফালে আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে বিভিন্ন কাৰ্যসূচীৰে বিশ্ব ফটোগ্ৰাফী দিৱস পালন‌ কৰে। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফটোগ্ৰাফী প্ৰতিযোগিতাৰ লগতে এখন ফটোগ্ৰাফী কৰ্মশালাৰ আয়োজন কৰা হয়। তদুপৰি অসমৰ স্বনামধন্য ফটোগ্ৰাফাৰ শিল্পী নলিনী কান্ত বৰুৱাক এই অনুষ্ঠানত সম্বৰ্দ্ধনা জ্ঞাপন হয় । সম্বৰ্দ্ধনা অনুষ্ঠানত বিভাগীয় অধ্যাপক অধ্যাপিকাৰ লগতে উপস্থিত থাকে , তেজপুৰ বিশ্ববিদ্যালয়ৰ উপ কুলপতি অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য আৰু পঞ্জীয়ক ড° বিৰেণ দাস।অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে অধ্যাপক অভিজিত বৰাই, আৰু উদ্বোধনী ভাষণ আগবঢ়ায় বিভাগীয় মুৰব্বী অধ্যাপিকা জয়া চক্ৰৱৰ্তীয়ে। প্ৰতিষ্ঠিত ফটোগ্ৰাফাৰ লগতে Little Hands Productionৰ স্বত্বাধিকাৰ তথা বিভাগৰ প্ৰাক্তন ছাত্ৰ দীপাংকৰ ভাগৱতী ওৰফে ষ্টিফেন ষ্টাইৰিস্ক সম্বৰ্দ্ধনা জনোৱাৰ পাছতে কৰ্মশালা আৰম্ভ হয়। ফটোগ্ৰাফী কৰ্মশালাত তেজপুৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীকে আদি কৰি প্ৰায় ৭০ জন ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ মাধ্যমেৰে ষ্টীফেন ষ্টাইৰিস্ক এ ফটোগ্ৰাফীৰ বিভিন্ন কৌশলবোৰৰ আভাস দিয়ে, শিল্পী নলিনী কান্ত বৰুৱাই বিভাগত আয়োজন কৰা আলোকচিত্ৰ প্ৰদৰ্শনী মুকলি কৰে। প্ৰদৰ্শনীত ১০০ ৰো অধিক ফটোৰ লগতে কেমেৰা তথা ফটোগ্ৰাফীৰ বৰ্ণিল যাত্ৰাক প্ৰতিনিধিত্ব কৰা “আলোকচিত্ৰকৰ” নামক প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More