তেজপুৰত বিষুৱা উৎসৱ: স্মৃতি গ্ৰন্থ উন্মোচন

0 32

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৪এপ্ৰিল: “এখন স্মৃতিগ্ৰন্থ পৰৱৰ্তী সময়ত এক ঐতিহাসিক সমল হৈ পৰে । অসমীয়া এক সংমিশ্ৰিত জাতি । অষ্ট্ৰিক,মংগোলীয় তথা আৰ্যসকল বিভিন্ন দিশৰ পৰা এসময়ত অসমলৈ আহিছিল । ইয়ালৈ এনেদৰেই বিভিন্ন সংস্কৃতিৰো আগমন ঘটিছিল । এই সকলো কৃষি নিৰ্ভৰ সংস্কৃতি । সংস্কৃতি এক বোৱতী নৈ । সময়ত ইয়ালৈ পৰিৱৰ্তন আহে । ইয়াৰ মাজতে আমি সকলোৱে নিজৰ সাংস্কৃতিক জাতীয় বৈশিষ্ট্য বৰ্তাই ৰাখিব লাগিব ।”–এই মন্তব্য তেজপুৰ সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়াৰ । উল্লেখযোগ্য যে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত আজি বৃহত্তৰ শোণিতপুৰ জিলা কোচ ৰাজবংশী সমন্বয় সমিতিয়ে আয়োজন কৰা বিষুৱা উৎসৱ উপলক্ষে সুলেখিকা গকুল ৰয়ৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ বিষুৱা উন্মোচন কৰি ড° শইকীয়াই এইদৰে কয় । ৰাজ্যখনৰ অন্যতম জনগোষ্ঠী কোঁচ ৰাজবংশীসকলৰ এই কৃষিভিত্তিক উৎসৱৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা চাৰিদুৱাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ দত্তই তেওঁৰ ভাষণত কবি নৱকান্ত বৰুৱাৰ উক্তি স্মৰণ কৰি কয় যে উৎসৱ কেবল মানুহৰহে আছে । মানুহে আদিম কাল অতিক্ৰম কৰি কৃষিকাৰ্যত জড়িত হোৱা সময়ৰ পৰাই সম্ভৱ উৎসৱ আৰম্ভ হৈছিল বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে মানুহে কৰ্মৰ পাছত কৰা স্বতঃস্ফূৰ্ত ভাবে কৰা আনন্দ প্ৰকাশেই উৎসৱ । মাত্ৰ নাম পৃথক হ’লেও এয়া কিমান পুৰণা সেয়া কোৱাটো কঠিন বুলিও দত্তই মন্তব্য কৰে । তেওঁ আৰু কয় যে,সময়ৰ সোঁতত সংস্কৃতিলৈ পৰিৱৰ্তন আহিলেও এই যি পৰিৱৰ্তন হৈছে সেয়া কিমান প্ৰাসংগিক সেয়া কিন্তু বিচাৰ্যৰ বিষয় । তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ চিকিৎসক মাধৱ ৰাজবংশীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা আৰু বিক্ৰম দাসে আঁত ধৰা সভাখনত শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি বাসুদেৱ শৰ্মাই তেওঁৰ ভাষণত কয় যে, ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীয়ে এই উৎসৱ নিজা নিজাধৰণৰে পালন কৰি আহিলেও সকলোৰে উদ্দেশ্য একেই । এই উৎসৱৰ মাজত সাদৃশ্যও আছে বুলি প্ৰকাশ কৰি তেওঁ লগতে এই উৎসৱ সমূহে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ যথেষ্ট অৰিহণা যোগাইছে বুলি মন্তব্য কৰে । আনহাতে আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নিতুল বৰাই কয় যে, ৰাজ্যৰ ৩০টা জনগোষ্ঠীয় সংগঠনৰ স’তে আছুৱে ঐক্যবদ্ধ ভাবে কাম কৰি অহাৰ লগতে প্ৰতিটো থলুৱা জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি ৰক্ষাৰ বাবে বিভিন্ন কৰ্মসূচী গ্ৰহণ কৰি অহা হৈছে । লেখিকা সমাৰোহ সমিতিৰ ৰুমা দেৱী,আক্ৰাচুৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক কপিলদেৱ সিংহই বিষুৱা উৎসৱৰ পালনৰ লগতে বিহু,বৈশাগু আদি উৎসৱৰ সাদৃশ্যৰ বিষয়ে উল্লেখ কৰি সাংস্কৃতিক তথা জাতীয় পৰম্পৰা ৰক্ষাত গুৰুত্ব আৰোপ কৰে । আন এজন বক্তা ড° পৰশমণি সিংহই তেজপুৰ চহৰত প্ৰথম বাৰলৈ বিষুৱা উৎসৱ অনুষ্ঠিত হোৱাৰ বিষয়ে প্ৰকাশ কৰি তেওঁৰ প্ৰয়াত পিতৃ ড° পূৰ্ণ নাৰায়ণ সিংহই দেশৰ সাংসদত প্ৰথমবাৰলৈ কোচৰাজবংশী সকলৰ অধিকাৰৰ বিষয়ে উত্থাপন কৰা বুলি কয় । আন এজন বক্তা সাংবাদিক অৰূপ কলিতাই তেওঁৰ চমু ভাষণত অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰকাশ ভংগী পৃথক হ’লেও অনুভূতি একেই বুলি উল্লেখ কৰি ভূমি আৰু বায়ুৱে সকলোকে একেডাল ডোলৰে ধৰি ৰাখিছে য’দিও বৰ্তমান সময়ত প্ৰতিটো থলুৱা জাতি জনগোষ্ঠীয়ে পাৰস্পৰিক ভাষা সংস্কৃতি জনাৰ আৱশ্যক বুলি কয় । তেওঁ কয় যে নিজা ভাষা সংস্কৃতি বিপদাপন্ন হোৱাৰ সলনি থলুৱা ভাষাৰ শব্দৰ ভড়াল চহকী কৰাত গুৰুত্ব দিব লাগে আৰু বিদ্যান সমাজে ৰাজ্যৰ থলুৱা জাতি জনগোষ্ঠীৰ শব্দ সম্ভাৰৰে এখন সামুহিক অভিধান যুগুতাব লাগে । বকুল ৰয়ে আদৰণি ভাষণত বিষুৱা বা বেষমাৰ উৎপতি সন্দৰ্ভত তথা ইয়াৰ বিভিন্ন লোকাচাৰ সমূহৰ ওপৰত প্ৰকাশ কৰে । অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱা, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মায়ো ভাষণ দিয়া সভাখনত আক্ৰাচুৰ কেন্দ্ৰীয় উপসভাপতি নৱ কুমাৰ দাস, সদৌ কোচৰাজবংশী উন্নয়ন পৰিষদৰ সদস্য জিতুমণি চৌধুৰী, সুলেখক সমাজকৰ্মী মুকুল গোস্বামী, সমাজকৰ্মী ৰাজীৱ দাস, সুনীল পাটনি, ভাৰতেন্দু বেপাৰী আদি বহুকেজন বিশিষ্ট ব্যক্তিৰ উপস্থিত থাকে । এই বিষুৱা উৎসৱত কুশান নৃত্য,গোৱালিনা নৃত্য, প্ৰবীন শিল্পী দুৰ্গাময়ী বৰা,গীতুমণি বৰা,ডা° ৰিণি দুৱৰা, ডা° দিপ্তীৰেখা বৰুৱা, নিখিল বৰুৱা, অন্বেষা কাঞ্চন বৰুৱা আৰু কুমাৰজিতে গীত পৰিবেশন কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More