তেজপুৰত ভুৱা সেনা বিষয়া গ্ৰেপ্তাৰ

0 15

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৯জুলাই: দীৰ্ঘদিনে নিজকে সেনা বিষয়াৰূপে পৰিচয় দি অহা এক প্ৰৱঞ্চকক সেনাৰ সহযোগত তেজপুৰত কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী। উল্লেখযোগ্য যে,তেজপুৰ শ’লমৰাৰ জীয়াবুল ইছলাম নামৰ এই ভুৱা সেনা বিষয়াই প্ৰকৃত সেনা বিষয়াৰ দৰে আদৱ-কায়দাৰে দীৰ্ঘদিন ধৰি অঞ্চলটোত একপ্ৰকাৰ সন্ত্ৰাস চলাই আহিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, এসময়ত সমীপৰ শ’লমৰাস্থিত সেনা চাউনীত কোনো সেনা বিষয়াৰ ঘৰত ৰান্ধনীৰ কাম কৰাৰ সুবাদতে সেনা চাউনীলৈ যাতায়াত কৰাৰ বাবে লাভ কৰিছিল অনুমতিপত্ৰ তথা প্ৰৱেশদ্বাৰৰ পাৰপত্ৰ। সেই সূত্ৰে দুই-এজন সেনা বিষয়াৰে চিনাকী হোৱাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি জিয়াবুলে নিজকে সেনা বাহিনীৰ মেজৰ-কৰ্ণেল বুলি পৰিচয় দি বিলাসী বাহনত ‘অন আৰ্মি ডিউটি’ বুলি ষ্টীকাৰ লগাই আনকি বিভিন্ন স্থানত সেনা বিষয়াৰূপে ঘূৰি ফুৰিবলৈ লয়। এই প্ৰৱঞ্চকৰ কাণ্ডৰ বিষয়ে সেনাৰ চোৰাংচোৱাই খবৰ লাভ কৰে আৰু আজি সেনাই স্থানীয় শালনিবাৰী আৰক্ষী চকীত অভিযোগ দাখিল কৰে। এই অভিযোগৰ ভিত্তিতে সেনাৰ সহযোগত আৰক্ষীয়ে জীয়াবুলক কৰায়ত্ত কৰে আৰু জীয়াবুলৰ বাসগৃহত তালাচী চলোৱা হয়। তালাচীৰ সময়ত জীয়াবুলৰ নাম সন্নিবিষ্ট সেনাৰ পোছাকৰ লগতে সেনাৰ পোছাক পৰিহিত ফটো আৰু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ আৰক্ষী সক্ষম হৈছে।তদুপৰি নকল কৰ্ণেল জীয়াবুলৰ এএছ০১ডিআৰ২২০৭ নম্বৰৰ চাৰিচকীয়া বাহনখনো জব্দ কৰিছে। আৰক্ষীয়ে সম্প্ৰতি এই ভুৱা সেনা বিষয়াক জেৰা অব্যাহত ৰাখিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More