তেজপুৰত ভূমি কেলেংকাৰিঃ মৰাভৰলীৰ বুকুৰ ভূমি ম্যাদী হল কেনেকৈ

ইংৰাজ আমোলত জাহাজ ডুব যোৱা অংশতো নিৰ্মাণ

0 27

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩মে’: এসময়ত গোঁসাই ঘাট, গোধৰা ঘাটকে ধৰি বহুকেটা ঘাটৰে জলপৰিবহণ ব্যৱস্থাৰে সমৃদ্ধ জীয়াভৰলী নৈৰ সুঁতিটো মৰাভৰলীলৈ ৰূপান্তৰিত হোৱাৰ পাছতে এই নৈখনৰ বুকুৰ ভূমিৰ ক্ষেত্ৰত যে কিমান গৰাকী ওলাল তাৰ কোনো হিচাপ নাই । বিগত ২২বছৰে এই মৰাভৰলীৰ বুকুৰ ভূমি আচৰিত ধৰণে ম্যাদী পট্টাৰ ভূমিলৈ পৰিৰ্তিত হোৱাৰ উপৰি ইয়াত বেদখল, কৃষি তথা শিলবালি খননৰ কামো ব্যাপক ভাবে বৃদ্ধি পালে । বৰ্তমানৰ জীয়াভৰলীৰ পৰা ব্ৰহ্মপুত্ৰপৰ্যন্ত প্ৰায় ২৯কিলোমিটাৰ অঞ্চল বৰ্তমানেও শীৰ্ণৰূপত বৈ থকা মৰাভৰলীৰ বুকুৰে ইংৰাজৰ আমোলত যন্ত্ৰ চালিত নাও তথা জাহাজো চলাচল কৰিছিল আৰু এনে এক জাহাজ ডুব যোৱাৰ বাবেই মৰাভৰলীৰ এক অংশ জাহাজডুবা হিচাপেই বৰ্তমান পৰিচিত । কিন্তু এখন প্ৰবাহমান নৈৰ অধিকাংশ ভূমিয়েই বৰ্তমান বহু লোকৰ দখলত আৰু ইয়াৰে বৃহৎ অংশ ইতিমধ্যেই ম্যাদী ভূমিলৈ পৰিৱৰ্তিত হৈছে । কিন্তু যোৱা ২২বছৰৰ ভিতৰত হোৱা এনে বহু ঘটনাৰ তদন্ত চৰকাৰে নকৰাত বৰ্তমান বাৰিষা বৃহত্তৰ অঞ্চলৰ বহুপৰিমাণৰ পানী ব্ৰহ্মপুত্ৰলৈ ওলাই যোৱা মৰাভৰলীৰ অস্তিত্বই বিপন্ন কৰি বিভিন্ন স্থানত পুতি থকাৰ লগতে বৃহৎ নিৰ্মাণ কাৰ্য অব্যাহত আছে । উল্লেখযোগ্য যে,মৰাভৰলীৰ মাছ অতি সোৱাদযুক্ত বুলি সৰ্বজন বিদিত । তদুপৰি জাহাজডুবা অঞ্চলৰ বৰালীকে ধৰি অন্যান্য মাছ আৰু অধিক সোৱাদযুক্ত বুলিও নাম আছে । ইংৰাজৰ আমোলত জাহাজ ডুব যোৱা অংশটো বৰ্তমান এক টিলাৰ দৰে হৈ আছে মৰাভৰলীৰ বুকুত আৰু ইয়াত খনন চলালে বৰ্তমানেও সেই জাহাজৰ অৱশেষ লাভ কৰাটো সম্ভৱ বুলি ৰাইজে মন্তব্য কৰিছে । যোৱা সময়চোৱাত ২০-২৫বছৰ পূৰ্বে তেজপুৰলৈ আহি ইয়াত নিগাজি হোৱা লোকেও আনকি ৫০-৬০বছৰ পূৰ্বৰে পৰাই মৰাভৰলী নৈৰ বুকুৰ মাটি তেওঁলোকৰ ম্যাদী ভূমি বুলি নথিপত্ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা ঘটনাই এই জালিয়াতিৰে অতীতৰে পৰাই যে তেজপুৰ সদৰ ৰাজহচক্ৰৰ বিষয়াৰ কাৰ্যালয় জড়িত সেয়া স্পষ্ট কৰে । ৰাজনৈতিক প্ৰভাৱ, ধনৰ বলত নিশাৰ ভিতৰতে এখন নৈৰ বুকু ম্যাদী পট্টাৰ ভূমিলৈ সলনি হোৱা ঘটনাৰ বিপৰীতে তেজপুৰ চহৰৰ গাতে লাগি থকা মৰাভৰলীক লৈ চৰকাৰী ভাবে বৃহৎ আৰু বহুমুখী প্ৰকল্প গ্ৰহণৰ সুযোগ থকা সত্বেও সেয়া উপেক্ষা কৰি অহা হ’ল । পৰিণতিত বৰ্তমান আচৰিতভাবে মৰাভৰলী নৈৰ বুকুত এফালে যধেমধে বালি আৰু মাটিৰ খনন চলিছে,এফালে পুখুৰী খন্দোৱা হৈছে আৰু একো একোটা অংশত এতিয়া নৈখন পুতি ইয়াত বিভিন্ন নিৰ্মাণকাৰ্য চলোৱা হৈছে । কিন্তু এইবোৰ সকলো দেখিও প্ৰশাসনে বা সংশ্লিষ্ট চৰকাৰী বিভাগে হাত সাবতি বহি আছে কাৰণ ইতিমধ্যেই নৈখনৰ বুকু একাংশ লোকৰ মাজত ক্ৰয় বিক্ৰয় হৈ গৈছে । এখন নৈৰ মাটি আচৰিত ভাবে ক্ৰয় বিক্ৰয় হোৱাৰ ক্ষেত্ৰত চৰকাৰী ভাবে কোনো সময়তে গুৰুত্ব নিদিয়াত দিছপুৰত যিকোনো দলৰ চৰকাৰ গঠন হ’লেও একেখিনি লোকেই প্ৰতিখন চৰকাৰৰে আপোন হৈ এনে দুষ্কাৰ্য চলাই গৈছে । সম্প্ৰতি পৰোৱা দৈনিক বজাৰৰ সমীপৰে তথা ৩৭(ক)নম্বৰ ৰাষ্ট্ৰীয় পথৰ কাষতে মৰাভৰলীৰ বুকুৰ এটা বৃহৎ অংশ পুতি পেলোৱা হৈছে । এই অংশৰ পৰা নাতিদূৰতে আকৌ বালিৰ খনন চলোৱাৰ উপৰি পুখুৰী খান্দিছে আন একাংশই । আনহাতে ঐতিহাসিক জাহাজডুবাৰ টিলা সহ নৈখনৰ বুকু আচৰিত ভাবে ম্যাদীভূমিলৈ পৰিৱৰ্তিত হোৱাৰ লগতে বৰ্তমান ইয়াত বৃহৎ নিৰ্মাণ কাৰ্য চলি আছে । কমিচনৰাজৰ উৰ্বৰ ক্ষেত্ৰ আৰু একাংশ বিভাগীয় বিষয়াৰ বাবে ফ্লেটকে ধৰি সম্পত্তি ক্ৰয়ৰ উৰ্বৰ ভূমিত পৰিণত হোৱা তেজপুৰ বৰ্তমান একাংশ ৰাজনৈতিকভাবে আশিসধন্য লোকৰ বাবে ব্যক্তিগত সম্পত্তিৰ দৰেই হৈ পৰিছে আৰু মাজে সময়ে চৰৰকাৰক সাহায্য আদিও দি এনে নোহোৱানোপোজা কাম কৰি যাবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে, এসময়ৰ জীয়াভৰলী নৈৰ এক বোৱতী সুঁতি তথা বৰ্তমানৰ মৰাভৰলী নৈৰ বক্ষ কেনেদৰে বহুলোকৰ ম্যাদীভূমি হ’ল তাৰ এক উচ্চপৰ্যায়ৰ তথা শক্তিশালী তদন্ত কৰিলে এতিয়াও বহু ৰহস্য উদ্ঘাটন হ’ব য’দিও সমগ্ৰ বিষয়টো মেকুৰীৰ ডিঙিত টিলিঙা কোনে আঁৰিব লেখীয়া হৈ পৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More