তেজপুৰত মাংগলিক পৰিৱেশত ৰাসোৎসৱৰ নাটমেলা

0 22

পৰম্পৰাগত ভাবে লক্ষ্মী পূজাৰ নিশা “কেলী গোপাল” নাটৰ শুভাৰম্ভণি ঐতিহ্যমণ্ডিত মিলন বাকৰি আৰু বিহগুৰি কলিতা গাওঁ আঞ্চলিক ৰাসোৎসৱৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ,১০অক্টোবৰঃ “শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন /ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন” পুনৰ সন্মুখত আহি পৰিছে শাৰদীয় স্নিগ্ধ জোনাকৰ সেই ৰাসোৎসৱৰ বতৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাস ভাওনাৰ জৰিয়তে কৃষ্ণ সংস্কৃতিৰ দৰ্শন পৰম্পৰাগত ভাবে প্ৰদৰ্শন কৰিবৰ বাবে সত্ৰ নগৰী মাজুলীৰ লগতে ৰাজ্যখনৰ চৌদিশে কালি লক্ষ্মী পূৰ্ণিমাৰ দিনটোৰ পৰাই ৰাস ভাওনাৰ “কেলী গোপাল” নাট মেলাৰে সাজু হৈ পৰিছে বিভিন্ন ৰাসোৎসৱ উদযাপন সমিতি। তেজপুৰতো ঐতিহ্যমণ্ডিত মিলন বাকৰি ৰাস মহোৎসৱ সমিতিয়ে পূৰ্বৰ দৰে পৰম্পৰাগত ভাবে কালি নিশা লক্ষ্মী পূজাৰ দিনটোত যেনেদৰে এক মাংগলিক পৰিৱেশত নাট মেলাৰ শুভাৰম্ভ কৰে একেদৰে তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ কলিতা গাওঁ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিয়েও শ্ৰী শ্ৰী চুপহা সত্ৰত মাংগলিক পৰিৱেশত কালি নিশা “কেলী গোপাল” নাটকৰ নাট মেলা কাৰ্য শুভাৰম্ভ কৰে। উল্লেখ্য যে, তেজপুৰৰ ঐতিহ্যমণ্ডিত ৮৭ সংখ্যক মিলনবাকৰি ৰাস মহোৎসৱৰ নাটমেলা অনুষ্ঠান কালি স্হানীয় গায়ন – বায়ন আৰু ভাওনা শিল্পীৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত সম্পন্ন হয় মিলন বাকৰিৰ স্হায়ী ৰাস মন্দিৰ প্ৰাংগনত । উদযাপন সমিতিৰ সভাপতি সুনীল শইকীয়া, কাৰ্যকৰী সভাপতি কুলেন শইকীয়া আৰু সম্পাদকদ্বয় ৰাজু বৰা অপূৰ্ব বৰাকে ধৰি ভকত বৈষ্ণৱ আৰু স্হানীয় ৰাইজৰ উপস্থিতিত কালি নিশাৰ এই নাটমেলা পৰ্বত মূল বায়ন হিচাপে বীৰেন কলিতা, গায়ন হিচাপে নন্দেশ্বৰ বৰা আৰু নামঘৰীয়া হিচাপে মহেন্দ্ৰ দাস উপস্থিত থাকি মাংগলিক ভাবে নাটমেলা শুভাৰম্ভ কৰে। উল্লেখ্য যে, ১৯৩৬ চনত তেজপুৰৰ মিলনবাকৰিত প্ৰতিষ্ঠা কৰা মিলনবাকৰি ৰাস মহোৎসৱৰ এইবেলি ৮৭ বছৰত ভৰি দিছে । অহা ইংৰাজী ৭ ,৮ নবেম্বৰ তাৰিখে মিলন বাকৰি ১৪খন চুবুৰীৰ ৰাইজৰ সামূহিক প্ৰচেষ্টাত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত ৰাইজে নিৰ্মাণ কৰা সুবিশাল মণ্ডপৰ মাজত সম্পন্ন হ’ব এই ৰাস ভাওনা। আনহাতে তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ কলিতা গাঁও আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিয়েও কালি নিশা স্হানীয় শ্ৰী শ্ৰী চুপহা সত্ৰত ৫৬ সংখ্যক ৰাসোৎসৱৰ মূল “কেলী গোপাল” নাটকৰ নাট মেলা শুভাৰম্ভ কৰে। সত্ৰৰ মূল গায়ন ভদ্ৰেশ্বৰ বৰা, মূল বায়ন ভূপেন ভূঞা, বৰ বায়ন টংকেশ্বৰ বৰা, তৰুণ দাস, ডেকা সত্ৰাধিকাৰ মিত্ৰদেৱ মহন্ত, প্ৰশান্ত মহন্ত, উদযাপন সমিতিৰ বিষয়ববীয়া তথা সত্ৰীয়া আৰু ভাওনা শিল্পী ইন্দুকল্প হাজৰিকাৰ লগতে ভকত বৈষ্ণৱ আৰু স্হানীয় ৰাইজৰ উপস্থিতিত সম্পন্ন হয় এই নাটমেলা পৰ্ব। উল্লেখ্য যে, মূল ৰাসৰ দিনা আনুষ্ঠানিকতাৰ পিছত এই ৰাস উদযাপনৰ “কেলী গোপাল” নাট পৰিৱেশিত হ’ব অহা ১১ আৰু ১২ নবেম্বৰত।শ্ৰীকৃষ্ণই সোণৰ বাঁহী লৈ অভিনয় কৰিবলৈ সাজু হোৱা এই ৰাসোৎসৱৰ প্ৰথম নিশা কৃষ্ণৰ ভাওত অৱতীৰ্ণ হ’ব প্ৰান্তিক মহন্ত, ৰাধাৰ ভাওত, ভাস্বতী মহন্ত, শঙ্খচুৰৰ ভাওত ৰবীন শইকীয়া আৰু দ্বিতীয় নিশা কৃষ্ণ -দেৱ হাজৰিকা আৰুঅনুজ বৰা ৰাধা, শিল্পী ৰেখা গোস্বামী আৰু প্ৰিয়ম পল্লৱী শঙ্খচুৰৰ ভাওত অৱতীৰ্ণ হ’ব ভাস্কৰ নেওগ। এই ৰাস ভাওনাৰ মুখ্য পৰিচালক ৰূপে থাকিব দক্ষ ভাওনা আৰু সত্ৰীয়া শিল্পী ইন্দুকল্প হাজৰিকা। আনহাতে মূল ৰাস ভাওনাৰ আৰম্ভণিতে প্ৰদৰ্শিত হব ইন্দুকল্প হাজৰিকা ৰচিত নৃত্য নাটিকা – “মই শংকৰে কৈছোঁ”।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More