তেজপুৰত মিছন বসুন্ধৰাৰ আঁচনিৰ সুযোগত ভূমি আত্মসাতৰ ফন্দিঃ এজাহাৰ দাখিল

0 16

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,২৭ডিচেম্বৰ: ৰাজ্য চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিখন ৰাজ্যৰ লগতে তেজপুৰৰ চলি থকাৰ সময়তে একাংশই আনৰ ভূমি আত্মসাৎ কৰাৰ বাবে জালিয়াতিৰ আশ্ৰয় লোৱাৰ ঘটনাও পোহৰলৈ আহিছে৷তেজপুৰত জালিয়াতিৰ গোচৰত আনকি অধিবক্তা আৰু নটাৰী বিষয়া সাঙোৰ খাই পৰিছে ৷ ইয়াৰ ফলত আদালতক অৱমাননাই নহয় নটাৰীৰ জৰিয়তে সম্পাদিত দলিলৰ কাৰ্য প্ৰণালীৰ ন্যায়িক ব্যৱস্থাটোকে সন্দেহৰ আৱৰ্তলৈ আনিছে একাংশ অধিবক্তাই৷ এনে অধিবক্তাই ভুল তথ্যৰ আধাৰত শপতনামা দিয়া ভূৱা ব্যক্তিকে প্ৰকৃত লোক বুলি চিনাক্ত কৰা আৰু চহী কৰা শপতনামা নটাৰী কৰি তৈয়াৰ কৰা দলিল তেজপুৰ সদৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰি ভূমি আত্মসাতৰ অপচেষ্টা চলোৱা চক্ৰ এটাক চিনাক্ত কৰিছে তেজপুৰ সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই ৷ অভিযোগ অনুসৰি, শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ অসীম নাথ নামৰ লোজনৰ পিতৃ প্ৰয়াত দেৱকান্ত নাথৰ তেজপুৰ চানমাৰীত আছিল ৪৬৬ নম্বৰ পট্টাৰ ১০৬ নম্বৰ দাগৰ মাটি অসীম নাথৰ খুৰাকৰ দুই পুত্ৰ প্ৰাঞ্জল নাথ আৰু প্ৰশান্ত নাথে দালালৰ জৰিয়তে আত্মসাতৰ চেষ্টা চলায়৷ উল্লেখযোগ্য যে, এই ভূমিৰ বাবে অভিযুক্ত প্ৰাঞ্জল আৰু প্ৰশান্তই তেজপুৰৰ সদৰ ৰাজহ চক্ৰ বিষয়াৰ ওচৰত আপত্তি বিহীন প্ৰমাণ পত্ৰৰ বাবে দাখিল কৰা দলিলত চহী কৰা নাই প্ৰকৃত অসীম নাথ, জ্যেষ্ঠ ভাতৃ অনন্ত নাথ আৰু মাতৃ মোহিনী দেৱীয়ে৷ দলিলত ভাৰাতীয়া লোকক চহী কৰাইছিল অধিবক্তাৰ পৰামৰ্শত দুই অভিযুক্ত প্ৰাঞ্জল আৰু প্ৰশান্তই৷ এই সন্দৰ্ভত অসীম নাথে চক্ৰ বিষয়াৰ ওচৰত এক অভিযোগ দাখিল কৰাত তেজপুৰ সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই তেজপুৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰি বিষয়টোৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। এই সন্দৰ্ভত তেজপুৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪৬৮ নম্বৰ ধাৰাত ১৩০৯/২২নম্বৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More