তেজপুৰত মৰ্মান্তিক ঘটনাঃ পুত্ৰবিয়োগৰ শোকত প্ৰাণ গ’ল মাতৃৰ

কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যত মৃত্যু যুৱকৰ

0 59

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ মে’ঃ তেজপুৰৰ এজন যুৱকৰ চেন্নাইত শোকাৱহ মৃত্যুৱে যুৱকজনৰ পৰিয়ালত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি কৰাৰ লগতে পুত্ৰশোকত ভাঙি পৰা মাতৃৰো মৃত্যু ঘটাৰ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে৷ এই শোকাৱহ ঘটনাই তেজপুৰৰ নিকটৱৰ্তী বান্দৰমাৰী মনিঝাৰনি অঞ্চলৰ ৰাইজক ম্ৰিয়মাণ কৰিছে৷উল্লেখযোগ্য যে, বকুল বড়ো(২৩) নামৰ যুৱকজনে দুই সতীৰ্থক ৰক্ষা কৰিবলৈ গৈ নিজেই মৃত্যু মুখত পৰে। উল্লেখ্য যে, দুদিন পুৰ্বে চেন্নাইৰ মাদাথুকোলামত পুখুৰীত একেেলগে মাছ ধৰিবলৈ যোৱা বকুলৰ আন দুজন জন সতীৰ্থ পানীত ডুব যায়। সেই দৃশ্য প্ৰত্যক্ষ কৰি কৰি বকুলে যুৱক দ্বয়ক উদ্ধাৰ কৰে যদিও বকুলৰ সেই পুখুৰীত সলিল সমাধি ঘটে।এটা কৃষক পৰিয়ালৰ মাজু সন্তান বকুলৰ মৃতদেহ চেন্নাইৰ পৰা আজি মণিঝাৰণিৰ বাসগৃহ আহি পোৱাৰ পূৰ্বেই যোৱা নিশা প্ৰায় ২-৩০বজাত পুত্ৰশোকত ভাঙিপৰা বকুলৰ মাতৃ চম্পা বড়ো(৫২)ৰ মৃত্যু ঘটে৷প্ৰণিধানযোগ্য যে,পিতৃয়ে খেতিবাতি কৰাৰ লগতে জ্যেষ্ঠ ভাতৃয়ে দিনহাজিৰা কৰাৰ বিপৰীতে কণীষ্ঠ ভাতৃয়ে পঢ়ি থকাত প্ৰায় ডেৰবছৰ পূৰ্বে কৰ্মসংস্থাপনৰ বাবে চেন্নাইলৈ যোৱা বকুলে এটা কোম্পানীত কাম কৰিছিল আৰু দেওবাৰে দুইবন্ধুৰ স’তে মাছ মাৰিবলৈ ওলাই গৈছিল৷ইপিনে বকুলৰ মৃতদেহ ঘৰলৈ অনাৰ ক্ষেত্ৰত আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাত স্থানীয় ৰাইজৰ দান বৰঙণিৰ লগতে বকুলৰ স’তে কৰ্মৰত দুই বন্ধু ৰাহুল বড়ো আৰু ৰাজেশ মেছে ইয়াৰ ব্যৱস্হা কৰাৰ উপৰি শোণিতপুৰ জিলা বড়ো ছাত্ৰ সন্হা আৰু এবছুৰ আঞ্চলিক কমিতিৰ বিষয় ববীয়া সকলেও এইক্ষেত্ৰত বিশেষভাবে সহায় কৰে৷ আজি বিয়লি বকুলৰ মৃতদেহ চেন্নাইৰ পৰা মনিঝাৰনিৰ ঘৰ আহি পোৱাত এক শোকাকুল পৰিস্হিতিৰ উদ্ভৱ হয় অঞ্চলটোত।উল্লেখযোগ্য যে, আজি পুৱা বিপৰ্যস্ত পৰিয়ালটোৰ নিজা মাটিত গঞা ৰাইজে চম্পা বড়োৰ অন্ত্যেষ্টিক্ৰিয়া কৰাৰ পাছত বিয়লি পুনৰ মাতৃৰ চিতাৰ কাষতে বকুলৰো অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ মাতৃ আৰু পুত্ৰৰ বিয়োগৰ এই হৃদয়বিদাৰক দৃশ্যই উপস্থিত সকলোৰে চকু সেমেকাই তোলে। মাজু পুত্ৰ,পত্নী তথা মাতৃ আৰু ভাতৃক হেৰুৱাই মৰ্মাহত হৈ পৰিছে পিতৃ তথা দুই ভাতৃ। বকুল আৰু তেওঁৰ মাতৃৰ অকাল বিয়োগত নিখিল বড়ো ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতি আৰু আঞ্চলিক সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More