তেজপুৰত শিক্ষাৰ্থীক পৰম্পৰা আৰু লোকাচাৰ শিকোৱাৰ দৃষ্টান্তমূলক পদক্ষেপ দুখন বিদ্যালয়ৰ

ৰাইজে সমূহীয়াকৈ ৰাজহুৱা পুখুৰীত ধৰিলে মাছঃপ্ৰাক ভোগালী বিহুৰ উল্লাস

0 19

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৩ জানুৱাৰী : কাইলৈ ভোগালী বিহুৰ উৰুকা। এই উৰুকাতেই পৰম্পৰাগত ভাৱে সমিল মিলেৰে এসাঁজ খোৱাৰ পৰম্পৰা অসমীয়াৰ। উৰুকাৰ দিনটোত ঘৰে ঘৰে ব্যক্তিগত ভাৱে ভোগৰ সামগ্ৰী যোগাৰ কৰিলেও ৰাজহুৱা ভাৱে একেলগে উৰুকাৰ ভোজ খোৱাৰ আনন্দই সুকীয়া। সেই আনন্দ উপভোগৰ বাবে আজি উৰুকাৰ আগদিনা গাঁৱৰ ৰাজহুৱা পুখুৰীত মাছ ধৰি পৰম্পৰাগত ভাৱে তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰৰ ডেকাচুবুৰীৰ ৰাইজে মাংগলিক পৰিৱেশৰ মাজত স্হানীয় নলনী পুখুৰীত ধৰিলে মাছ।IMG 20230113 WA0067 প্ৰায় দুই কুইন্টল মাছ ধৰি কাইলৈ স্হানীয় টেকেলা পথাৰত ৰাজহুৱা ভোজৰ বাবে ৰখাৰ লগতে বাকী মাছ স্হানীয় লোকৰ মাজত উচিত মূল্যত খাব পৰাকৈ কৰি সকলো শ্ৰেণীৰ ৰাইজকো এসাঁজ তৃপ্তিৰে খোৱাৰ সুবিধা কৰি দিয়ে। উল্লেখ্য যে, ৰাইজে সমূহীয়াকৈ মাছধৰাৰ প্ৰাকক্ষণত শৰাই আগবঢ়াই, বন্তি জ্বলাই সাজু হৈ পৰে উৰুকাৰ সমূহীয়া ভোজৰ লগতে পৰম্পৰাগত সকলো ভোগালী বিহুৰ লোকাচাৰৰ বাবে । আনহাতে তেজপুৰৰ নিকটৱৰ্তী বৃহত্তৰ বিহগুৰি অঞ্চলৰ দুখনকৈ শিক্ষানুষ্ঠানত আজি পুৱাৰ পৰা শিক্ষাৰ্থী আৰু শিক্ষক – শিক্ষয়িত্ৰী আৰু স্হানীয় ৰাইজক লৈ আয়োজন কৰা প্ৰাক ভোগালী বিহুৰ বাৰে ৰহনীয়া অনুষ্ঠানে সকলোকে মুগ্ধ কৰি তোলে।IMG 20230113 WA0066 শিক্ষাৰ্থী সকলে অকল পাঠ্যপুথিৰ মাজতেই আৱদ্ধ হৈ থাকিলে নহ’ব তেওঁলোকে জানিব লাগিব নিজস্ব কৃষ্টি, সংস্কৃতি, পৰম্পৰা, লোকাচাৰ, ৰীতি – নীতি সকলো। সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই ২০১৪ চনৰ পৰা বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিভিন্ন কাৰ্য্যসূচীৰে প্ৰাক ভোগালী বিহু আয়োজন কৰি অহাৰ দৰে সেই বিদ্যালয়ৰ কাষৰে যুগনায়ক শংকৰদেৱ শিশু নিকেতন নামৰ বিদ্যালয়খনেও এইবাৰ প্ৰথমবাৰৰ বাবে আয়োজন কৰা প্ৰাক ভোগালী বিহুৰ নানাৰঙী কাৰ্যসূচীৰ মাজত আজি শ্ৰেণী কোঠা এৰি শিক্ষাৰ্থী সকল বুৰ গ’ল আনন্দ উল্লাসৰ মাজত। উল্লেখ্য যে, শিক্ষাৰ্থীসকলে জানিব পৰাকৈ বিহুৰ সকলো জলপান, পিঠা পনা বিদ্যালয়তেই প্ৰস্তুত কৰি সকলোৰে নাম লিখি পৰিচয় কৰি দিয়াৰ এনে ব্যৱস্থাক আজি সকলোৱে প্ৰশংসা কৰে। ইয়াৰ মাজতে আকৌ বিহুনাম, নৃত্যৰে মুখৰিত হৈ পৰে বিদ্যালয় প্ৰাংগন। IMG 20230113 WA0068সেইদৰে ২০২২ বৰ্ষত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটাৰে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা বিহগুৰিৰে চন্দ্ৰ নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামীয়ে বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত বিদ্যালয়খনৰ পৰম্পৰা অনুসৰি এইবাৰো আয়োজন কৰা প্ৰাক ভোগালী বিহুৰ বাৰেৰহনীয়া কাৰ্যসূচীৰ মাজত আজি আপোন পাহৰা হৈ পৰিল বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ লগতে শিক্ষক – শিক্ষয়িত্ৰী আৰু স্হানীয় ৰাইজ। বিদ্যালয়খনৰ একাদশ বৰ্ষৰ ছাত্ৰসকলে অতি আকৰ্ষণীয়কৈ নিৰ্মাণ কৰি তোলা ভেলাঘৰক কেন্দ্ৰ কৰি শিক্ষাৰ্থী সকলেই বিহুৰ পিঠা পনা প্ৰস্তুত কৰা দৃশ্যই সকলোকে আকৰ্ষিত কৰি তোলে।এইখন বিদ্যালয়তো বিহুনাম, নৃত্য আদিৰে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় আজি পুৱা। উল্লেখ্য যে, বিভিন্ন জাতি – জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পোচাক পৰিধানৰ মাজত এক দৃষ্টিনন্দন পৰিৱেশ বিৰাজ কৰাৰ লগতে পিঠা – পনা প্ৰতিযোগিতাৰে শিক্ষাৰ্থীসকলক বাপতি সাহোন বিহুক জনাৰ ব্যৱস্থা কৰি অহা এই প্ৰাক ভোগালী বিহুৰ আয়োজন সন্দৰ্ভত যোৱা ৫ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা গ্ৰহণ কৰা অধ্যক্ষা মিনাক্ষী গোস্বামীয়ে বিদ্যালয়খনত ২০১৪ বৰ্ষৰ পৰাই পৰম্পৰাগত প্ৰাক ভোগালী বিহুৰ আয়োজন কৰি পিঠা পনা প্ৰতিযোগিতা আয়োজন কৰি শিক্ষাৰ্থী সকলক নিজৰ কৃষ্টিৰ সৈতে পৰিচয় কৰাই দিয়াৰ চেষ্টা কৰি অহা হৈছে বুলি কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More