তেজপুৰত শোণিতপুৰ জিলা আছুৰ ত্ৰয়োদশ অধিৱেশন অনুষ্ঠিত

বিশাল সাংস্কৃতিক শোভাযাত্ৰাই সন্মোহিত কৰিলে ৰাইজক

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৬ জানুৱাৰীঃ তেজপুৰৰ মাজগাঁও স্হিত জাতীয় ছহিদ বাকৰিত আজি অনুষ্ঠিত হোৱা সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ত্ৰয়োদশ অধিবেশন উপলক্ষে বাহিৰ কৰা সাংস্কৃতিক শোভাযাত্ৰাই আজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিৱেশনৰ পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ তদৰ্থ সমিতিৰ মুখ্য আহ্বায়ক অভিজিত নাথে। গায়ন – বায়নৰ হৰি ধ্বনিৰ মাজত দহখন আঞ্চলিকৰ ছাত্ৰ সন্থাৰ লগতে জিলাৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰি নাথে কয় যে, অবৈধ বিদেশী বিতাৰণ আন্দোলনত প্ৰাণাহুতি দিয়া ছহিদ সকলৰ বিদেশী মুক্ত অসমৰ সপোন বাস্তৱ কৰাৰ বাবে সংকল্পবদ্ধ আছু।নাথে আৰু কয় যে,তেজপুৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ফণী শৰ্মা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰো সাধনাৰ থলী আছিল। সেয়া আজিৰ সমদলত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ অংশগ্ৰহণ উমান দিছে। তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ আকুন্ঠ সহযোগত জিলা আছুৰ ত্ৰয়োদশ অধিবেশন অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি নাথে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। ইয়াৰ পাছতে ছহিদ শ্ৰদ্ধাঞ্জলি আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে আছুৰ সাংগঠনিক সম্পাদক নিতুল বৰাই৷ ছহিদ পৰিয়ালৰ সদস্য সকলেও বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দিনৰ ১২ বজাত সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই। সাংস্কৃতিক শোভাযাত্ৰাত ৰাজ্যখনৰ এগৰাকী বিশিষ্ট অভিনেতা অৰুন নাথ, নৃত্য পটীয়সী তথা প্ৰবীন অভিনেত্ৰী কৃষ্ণা দাস নাথ, বান থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা মনোমতী কুৰ্মী, বিশিষ্ট শিক্ষাবিদ ড০ চাৰু চহৰীয়া নাথ, অভিনেতা নয়ন নিলীম প্ৰমুখ্যে ব্যক্তিসকলে শোভাযাত্ৰাত অংশ গ্ৰহণ কৰাৰ উপৰিও গায়ন-বায়ন, বড়ো, নেপালী, কাৰ্বি, গাৰো, চাওতালী, ঝাৰখণ্ডী, কোঁচ সন্মিলনী, বিভিন্ন বিদ্যালয় – মহাবিদ্যালয়ৰ, দহখন আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সদস্যা তথা বহুসংখ্যক ৰাইজে অংশ গ্ৰহণ কৰাৰ লগতে এই হাতীয়ে আগুৱাই নিয়া এই বিশাল সাংস্কৃতিক শোভাযাত্ৰাত ব’হাগ বিহু, কাতি বিহু, ভোগালী বিহু, হৰিহৰ যুদ্ধ, লাচিত বৰফুকন, পিঠাপনা প্ৰস্তুতৰ দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইফালে বিয়লি অনুষ্ঠিত হোৱা প্ৰতিনিধি সভা মুকলি কৰে আছুৰ কেন্দ্ৰীয় সাহিত্য সাংস্কৃতিক সম্পাদক পৰিস্মিতা বড়াই। ইপিনে বিয়লি অনুষ্ঠিত প্ৰতিনিধি সভা আৰু মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই ।অধিবেশনৰ এই কাৰ্যসূচীত মুখ্য অতিথি ৰূপে আছু মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য, বিশিষ্ট অতিথি ৰূপে সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা, সন্মানীয় অতিথি ৰূপে উপদেষ্টাদ্বয় ক্ৰমে প্ৰকাশ চন্দ্ৰ দাস, উদ্দীপ জ্যোতি গগৈ উপস্থিত থাকিব বুলি জনাইছে আছুৰ বিষয়ববীয়াই। নিশা পৰ্যন্ত চলিবলগীয়া অধিবেশনত বিষয় বাছনি সভা অনুষ্ঠিত হব। ইতিমধ্যে জিলা অধিবেশনৰ বাবে জাতীয় ছহিদ বাকৰিত হৰিহৰ যুদ্ধৰ প্ৰতীকি সহ আটক ধুনীয়াকৈ সজাই পৰাই তোলা পৰিবেশে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More