তেজপুৰত শ্মশান বন্ধু, সত্ৰীয়া সংস্কৃতিৰ সাধক, নিষ্ঠাবান সমাজকৰ্মী ৰবীন্দ্ৰ চন্দ্ৰ দে’ক স্মৰণ

সত্ৰাধিকাৰ গহন চন্দ্র গোস্বামী সোঁৱৰণী উদ্যান আৰু কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত বিশেষ স্মৃতিচাৰণ অনুষ্ঠান

0 19

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৩০ ডিচেম্বৰ : তেজপুৰৰ সত্ৰাধিকাৰ, ধৰ্মৰত্ন গহন চন্দ্র গোস্বামী সোঁৱৰণী উদ্যাণ আৰু কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰতিষ্ঠা লগ্নৰ মূল কাণ্ডাৰী, হৰিগাঁও শ্মশান প্ৰতিষ্ঠাৰ মূল হোতা, সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক, শ্মশান বন্ধু ৰবীন্দ্ৰ চন্দ্ৰ দে’ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কালি সন্ধিয়াৰ পৰা গহন চন্দ্র গোস্বামী সোঁৱৰণী উদ্যানৰ গহন চন্দ্র গোস্বামী সোঁৱৰণী মঞ্চত আধ্যাত্মিক পৰিৱেশৰ মাজত আয়োজন কৰা বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত নিষ্ঠাবান সমাজকৰ্মী গৰাকীৰ জীৱন – দৰ্শন উদ্ভাসিত হৈ পৰে। দিহানাম, গুৰু বন্দনা, ঘোষা পাঠ, টোকাৰী গীত, বৰগীত, লোকগীত, হৰিনাম সংকৃতন আদিৰে মুখৰিত হৈ পৰা অনুষ্ঠানটিত বিশিষ্টজনে জনালে শ্ৰদ্ধাঞ্জলি। উল্লেখ্য যে, সত্ৰাধিকাৰ গহন চন্দ্র গোস্বামী সোঁৱৰণী উদ্যান আৰু কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে সমিতিৰ সভাপতি, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তোক্ষেশ্বৰ বৰাই ৰবীন্দ্ৰ চন্দ্ৰ দে’ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে পৰিয়ালৰ লোক সকলৰ উপৰি অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ শিৱৰঞ্জন মহন্ত, উদ্যান সমিতিৰ প্ৰাক্তন সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাকে ধৰি বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উদ্যান সমিতিৰ সম্পাদক, সাংবাদিক অশ্বিনী বৰাই আঁত ধৰা আৰু সম্পূৰ্ণ সাত্ত্বিক পৰিৱেশত আৰম্ভ হোৱা অনুষ্ঠানটিত বিশিষ্ট সত্ৰীয়া শিল্পী প্ৰেমানন্দ মহন্তই ঘোষা পাঠ কৰাৰ পিছত কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ শিক্ষাৰ্থী সকলে নৃত্যাংশৰে গুৰুবন্দনা কৰে । ৰবীন্দ্ৰ চন্দ্ৰ দে’ৰ বিভিন্ন শুভাকাংক্ষী আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠানটিত আয়ুস্মিতা দাসে এটি বৰগীতেৰে প্ৰয়াত সত্ৰীয়া শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভক্তি ৰসৰ নিজৰা প্ৰবাহিত হোৱা অনুষ্ঠানটিত তেজপুৰৰ আইদেউ মহিলা সমাজে দিহানাম পৰিৱেশন কৰাৰ লগতে পৰোৱাৰ ভাগৱতী সমাজে হৰিনাম সংকৃতন পৰিৱেশন কৰাৰ উপৰি অনুষ্ঠানটিত ৰবীন্দ্ৰ চন্দ্ৰ দে’ৰ জীৱন – দৰ্শনৰ ওপৰত আলোকপাত কৰি বিশেষ ভাৱে স্মৃতিচাৰণ কৰে তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই। ভাষণ প্ৰসংগত বৰুৱাই ১৯৪৭ চনতে বহি:ৰাজ্যৰ পৰা ডাক বিভাগৰ চাকৰিৰ কৰ্ম সূত্ৰে তেজপুৰলৈ আহি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী নিকামূল সত্ৰৰ অধিকাৰ গহন চন্দ্র গোস্বামীৰ সান্নিধ্য লাভ কৰি কেনেদৰে অসম আৰু অসমীয়া সমাজখনৰ লগত একাত্ম হৈ পৰৱৰ্তী সময়ত সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কৰি এগৰাকী পৰম বৈষ্ণৱলৈ পৰ্যৱসিত হৈছিল তাৰ সবিশেষ দাঙি ধৰে।কোনো কালেই নিজৰ নাম – যশ, খ্যাতিৰ কথা নভবা ৰবীন্দ্ৰ চন্দ্ৰ দে’ আছিল এগৰাকী প্ৰকৃতাৰ্থত সমাজকৰ্মী আৰু সেয়েহে উঠি অহা প্ৰজন্মই এনে ব্যক্তিক আদৰ্শ হিচাপে গ্ৰহণ কৰা উচিত বুলিও বৰুৱাই মন্তব্য কৰে। উল্লেখ্য যে, নিষ্ঠাবান সমাজকৰ্মী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আয়োজন কৰা এই বিশেষ স্মৃতিচাৰণ অনুষ্ঠান সমাপ্ত হয় কন্ঠশিল্পী মূৰ্চ্ছনা শিৱম আৰু অশ্লেষা কৌশিকৰ টোকাৰী গীত আৰু লোকগীতেৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More