তেজপুৰত সংগীত নাটক অকাদেমীৰ সত্ৰীয়া নৃত্য আৰু খোলবাদন কৰ্মশালা

শিশুৰ সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ চমৎকাৰ প্ৰদৰ্শনত আপ্লুত ৰাইজ

0 77

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৮ জুলাই :সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী, সংগীত নাটক অকাদেমী বঁটা প্ৰাপক হৰিচৰণ ভূঞাৰ জৰিয়তে যোৱা ১ জুলাইৰ পৰা ৭ জুলাইলৈ তেজপুৰ চানমাৰীৰ দুৰ্গা পূজা মণ্ডপত অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য আৰু খোলবাদন কৰ্মশালাৰ আজি কণ কণ প্ৰশিক্ষাৰ্থী সকলৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে সামৰণি পৰে। উল্লেখ্য যে, তেজপুৰৰ অন্যতম নৃত্যানুষ্ঠান “সপ্তাশ্ব” ৰ উদ্যোগত আৰু সংগীত নাটক অকাদেমীৰ অৰ্থ সাহাৰ্য্যত সাতদিনীয়াকৈ অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য আৰু খোলবাদন কৰ্মশালাৰ আজিৰ সামৰণি অনুষ্ঠানত ওডিছী নৃত্যৰ বিশিষ্ট শিল্পী, ড° মাধুৰীমা গোস্বামী, তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ কমল চন্দ্ৰ উপাধ্যায়ৰ লগতে একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মূল প্ৰশিক্ষক বিশিষ্ট সত্ৰীয়া শিল্পী তথা সংগীত নাটক অকাদেমী বঁটা প্ৰাপক হৰিচৰণ ভূঞাই ভাষণ প্ৰসংগত সম্পূৰ্ণ সত্ৰৰ আৰ্হিত শুদ্ধ শৈলীৰে তেজপুৰৰ অন্যতম নৃত্যানুষ্ঠান “সপ্তাশ্ব” ই দীৰ্ঘদিন ধৰি এই শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে বিশেষ তৎপৰতা গ্ৰহণ কৰি আহিছে বুলি মন্তব্য কৰে। দক্ষ নৃত্যশিল্পী ড° প্ৰতিভা শৰ্মাৰ নেতৃত্বত “সপ্তাশ্ব” নামৰ নৃত্যানুষ্ঠানটিয়ে দীৰ্ঘদিন ধৰি সম্পূৰ্ণ সত্ৰ সমূহৰ পৰম্পৰাৰ আৰ্হিত শুদ্ধ শৈলীৰে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰি এক বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি “সপ্তাশ্ব”ক প্ৰশংসা কৰে সংগীত নাটক অকাদেমী বঁটা প্ৰাপক বিশিষ্ট সত্ৰীয়া শিল্পী হৰিচৰণ ভূঞাই ।এনে প্ৰশিক্ষণৰ জৰিয়তেই শিশুসকলক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ দৰ্শনৰ বিষয়ে শিশু অৱস্থাতেই অৱগত হ’ব পৰা পৰিৱেশ সৃষ্টি কৰাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে বুলি মন্তব্য কৰে বিশিষ্ট সত্ৰীয়া শিল্পী গৰাকীয়ে। উল্লেখ্য যে, সপ্তাশ্বৰ সম্পাদিকা, খ্যাতিসম্পন্ন নৃত্যশিল্পী ড° প্ৰতিভা শৰ্মাই আঁত ধৰা এই এই সামৰণি অনুষ্ঠানটিত কণ কণ শিক্ষাৰ্থী সকলে প্ৰদৰ্শন কৰা সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ সমূহীয়া প্ৰদৰ্শনে উপস্থিত ৰাইজক আপ্লুত কৰি তোলে। প্ৰশিক্ষাৰ্থী সকলৰ লগতে একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত আজিৰ এই সত্ৰীয়া নৃত্য আৰু খোলবাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠানটিত বিশিষ্ট সত্ৰীয়া শিল্পী হৰিচৰণ ভূঞাৰ লগতে বিশিষ্ট ওডিছী নৃত্যৰ শিল্পী ড° মাধুৰীমা গোস্বামী, তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ কমল চন্দ্ৰ উপাধ্যায়েও ভাষণ প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More