তেজপুৰত সুৰামত্ত যুৱকৰ সন্ত্ৰাস

তিনিস্হানত সংঘটিত কৰিলে দুৰ্ঘটনা

0 7
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৮জুন: তেজপুৰত সুৰামত্ত চালকৰ অতপালিত আজি ৰাজপথত এক সন্ত্ৰাসৰ সৃষ্টি হয়। উল্লেখযোগ্য যে, তিনিঠাইত দুৰ্ঘটনা সংঘটিত কৰা বাহনখন বৈঠাভঙাৰ পৰা তেজপুৰলৈ আহি আছিল আৰু বাহনখনত তিনিজন সুৰামত্ত যুৱক আছিল বুলি অভিযোগ উঠিছে। এ এছ ০১ বি এন ৬৮৫৮ নম্বৰৰ চুইফ্ট ডিজায়াৰ বাহনখনে প্ৰথমে দুৰ্ঘটনা সংঘটিত কৰে ঘোঁৰামাৰী অঞ্চলত। ইয়াৰ পৰা পলায়ন কৰা বাহনখনে হলেশ্বৰত খুন্দিয়াই আন এখন স্কুটীক। দুৰ্ঘটনাৰ সময়ত প্ৰফুল্ল বৰা নামৰ লোকজনে কন্যা মৃদুস্মিতা বৰাক টিউচনলৈ বুলি আনি আছিল। দুৰ্ঘটনাত পিতৃ-কন্যা দুয়ো আঘাতপ্ৰাপ্ত হৈছে। কন্যাৰ অৱস্থা সংকটজনক। স্থানীয় লোকৰ তৎপৰতাত ততাতৈয়াকৈ তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত দুজনক। ইয়াৰ পৰাও পলায়ন কৰা  বাহনখনে আন এক দুৰ্ঘটনা সংঘটিত কৰে। এইবাৰ ডেকাৰগাঁৱতো এখন স্কুটীক খুন্দিয়াই পলায়ন কৰে বাহনখন। এই ঘটনাতো স্কুটী আৰোহী আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। তিনিটাকৈ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা মুহুৰ্ততে স্থানীয় লোকৰ সহযোগত পাছত আৰক্ষীয়ে বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। ক্ষোভিত লোকে উত্তম-মাধ্যম শোধায় তিনিও যুৱকক। ইতিমধ্যে আৰক্ষীয়ে আটক কৰা বৈঠাভঙাৰ তিনি সুৰামত্ত যুবক আব্দুল হামিদ, আখতাৰ আলি আৰু চাহজাহান আলি বুলি চিনাক্ত কৰা হৈছে। ইপিনে বিয়লি তিনিওকে তেজপুৰ সদৰ থানালৈ অনা হয় যদিও আখতাৰ আলি নামৰ যুৱকজনে আৰক্ষী থানাৰ পৰাই পলায়ন কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More