তেজপুৰত সেনাৰ চতুৰ্থক’ৰৰ মুৰব্বী ৰাণাৰ স’তে সাংবাদিকৰ সৌহাৰ্দ্যপূৰ্ণ বৈঠক

0 11

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২২আগষ্ট: “আমাৰ দেশত সংবাদমাধ্যমৰ যথেষ্ট গুৰুত্ব আছে আৰু স্বাধীনতা দিয়া হৈছে৷ সংবাদমাধ্যমক সেয়ে দেশৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়৷ দেশৰ সেনাই সংবাদমাধ্যমৰ স’তে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰে যাতে সেনা দেশৰ সৰ্বসাধাৰণৰ কাষ চাপিবলৈ সুবিধা হয়৷ ”আজি তেজপুৰ স্হিত সেনাৰ চতুৰ্থ ক’ৰৰ মুৰব্বী ডি এছ ৰাণাই এইদৰে কয়৷ উল্লেখযোগ্য যে,তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সদস্য সকলৰে এক সৌহাৰ্দ্যপূৰ্ণ বৈঠকত মিলিত হোৱা সেনা বিষয়াগৰাকীয়ে লগতে কয় যে,দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰো বিশেষ দায়িত্ব আছে৷ নিৰাপত্তা জনিত গুৰুত্বপূৰ্ণ বিষয় সমূহৰ ক্ষেত্ৰত সংবাদমাধ্যমে বিশেষ সচেতন হ’ব লাগে বুলি মন্তব্য কৰা জিঅ’চি ৰাণাই আৰু কয় যে স্হানীয় সংবাদমাধ্যমৰ বিশেষ গুৰুত্ব আছে সেনাৰ ওচৰত৷ স্হানীয় সংবাদমাধ্যমত একোটা অঞ্চলৰ সমস্যা আৰু ইয়াৰ আবাসী সকলৰ মানসিকতা তথা স্হিতি প্ৰতিফলিত কৰে বুলিও তেওঁ কয়৷ আনহাতে বৰ্তমান বিশ্বত তথ্যগত যুদ্ধও চলি থকা বুলি প্ৰকাশ কৰি একোটা ভুল তথ্যৰ প্ৰচাৰে এখন দেশৰ বা অঞ্চলৰ সাধাৰণ লোকৰ মনোবল হ্ৰাস কৰিব পাৰে বুলিও তেওঁ কয়৷ জিঅ’চি গৰাকীয়ে কয় যে কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশত এক হেলিকপ্টাৰ দুৰ্ঘটনাৰ মিছা বাতৰি একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল আৰু প্ৰথম অৱস্থাত এই প্ৰচাৰে উৎকণ্ঠাৰ সৃষ্টি কৰিলেও পাছত এই ভূৱা বাতৰিয়ে সেই অসত্য প্ৰচাৰ চলোৱা সংবাদগোষ্ঠীৰহে ভাৱমূৰ্ত্তি আৰু বিশ্বাসযোগ্যতা হ্ৰাস কৰিলে বুলিও তেওঁ মন্তব্য কৰে৷ চতুৰ্থ ক’ৰে দেশৰ এক গুৰুত্বপূৰ্ণ নিৰাপত্তাৰ দায়িত্ব পালন কৰি থকাৰ লগতে শীঘ্ৰেই এটা সাংবাদিকৰ দলক সীমান্তৱৰ্তী অঞ্চল পৰিভ্ৰমণৰ ব্যৱস্থা কৰিব বুলি দোহাৰি লগতে কয় যে কেবল সামৰিক ক্ষেত্ৰতে নহয়,পৰ্যটন উদ্যোগ তথা ইয়াৰ দ্বাৰা স্হানীয় অৰ্থনীতিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পৰা অঞ্চল এই ভ্ৰমণত সামৰি লোৱাৰ সম্ভাৱনা আছে৷ আজিৰ এই সৌহাৰ্দ্যপূৰ্ণ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ স্হানীয় মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল এ এছ ৱালীয়া আৰু সেনা বিষয়া বিভাগৰ ত্যাগীও উপস্থিত আছিল৷ চতুৰ্থ কৰ’ৰ মুৰব্বীজনক শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ তৰফৰ পৰা ফুলাম জাপি আৰু গামোচাৰে সম্ভাষণ জনোৱা হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More