তেজপুৰত স-পত্নীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ

মহাভৈৰৱ মন্দিৰত আশিস নিৰ্মালী লৈ পৰ্যবেক্ষণ কৰিলে ৰূপকোঁৱৰৰ পৈতৃক গৃহ ঐতিহাসিক ‘পকী’ৰ সা-সম্পদ

0 16

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৪ আগষ্টঃ সম্পূৰ্ণ ব্যক্তিগত ভ্ৰমণ সূচীৰে আজি শিলে কথা কোৱা, পুৰাতন স্থাপত্য – ভাস্কৰ্য্যৰ স্থলী তথা সাস্কৃতিক নগৰী তেজপুৰত উপস্থিত হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰাছমিন মানহাৰভাই ছায়া ৷ তেজপুৰত উপস্থিত হৈয়েই মুখ্য ন্যায়াধীশ গৰাকীয়ে সপত্নীক এছিয়া মহাদেশৰ সৰ্ববৃহৎ শিৱ লিংগ থকা মহাভৈৰৱ মন্দিৰত উপস্থিত হৈ শ্ৰীশ্ৰীমহাদেৱৰ শ্ৰীচৰণত পূজা অৰ্চনা আগবঢ়াই আৰু পূজাৰীৰ পৰা আশিস নিৰ্মালী গ্ৰহণ কৰে ৷IMG 20220814 WA0055 মুখ্য ন্যায়াধীশ গৰাকীয়ে শ্ৰীশ্ৰীমহাভৈৰব মন্দিৰত পূজা অৰ্চনা কৰাৰ পিছতেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৈতৃক গৃহ ঐতিহাসিক ‘পকী’ তথা বৰ্তমান অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ জ্যোতি ভাৰতীত উপস্থিত হয়৷ ‘পকী’ ত উপস্থিত হোৱাৰ পিছতেই জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা জিলা সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসৰ লগতে জ্যোতি ভাৰতীৰ শিল্পী সকলে জ্যোতি সংগীতেৰে মুখ্য ন্যায়ধীশ গৰাকীক উষ্ম আদৰণি জনায়৷ ইয়াৰ মাজতেই মুখ্য ন্যায়াধীশ গৰাকীয়ে ঐতিহাসিক ‘পকী’ ৰ সকলো সা সম্পদ পৰ্য্যবেক্ষণ কৰাৰ সময়ত বিহগুৰিৰ চন্দ্ৰনাথ নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা তথা ইংৰাজীৰ বিষয়ৰ শিক্ষয়িত্ৰী মিনাক্ষী গোস্বামীয়ে ইংৰাজী ভাষাতেই মুখ্য ন্যায়াধীশ গৰাকীক সকলো তথ্য অৱগত কৰোৱায়৷ ইয়াৰ মাজতে সাংবাদিক আগত মুখ্য ন্যায়ধীশ গৰাকীয়ে তেজপুৰ অতি পৰিস্কাৰ-পৰিচ্চন্ন চহৰ বুলি উল্লেখ কৰি ‘পকী’ লৈ অহা জাতিৰ পিতা মহাত্মা গান্ধীৰ সেইসময়ৰ কথাই নিজকে উদ্বুদ্ধ কৰে বুলি মন্তব্য কৰি ঐতিহাসিক সম্পদ সমূহ সুন্দৰ ৰূপত সংৰক্ষিত হৈ থকাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে ৷ আনহাতে পুনৰ তেজপুৰলৈ আহি ঐতিহাসিক সম্পদ সমূহ পৰ্যবেক্ষণ কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে৷ উল্লেখ্য যে, মুখ্য ন্যায়াধীশ গৰাকীৰ তেজপুৰ ভ্ৰমণৰ আজিৰ এই সময়ত শোণিতপুৰ জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ ছত্ৰভূষন গগৈ, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ সমন্বিতে প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া সকলে সংগ দিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More