তেজপুৰত হেৰইন আৰু আফিং সহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

0 10

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২২নৱেম্বৰঃ তেজপুৰত আজি আৰক্ষীয়ে চলোৱা অভিযানত এক ড্ৰাগছ সৰবৰাহকাৰীৰ উপৰি আফিং সহ আন এক সৰবৰাহকাৰীক কৰায়ত্ত কৰা হয়৷উল্লেখযোগ্য যে,তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়োৰ নেতৃত্বত তেজপুৰৰ ৰূপকুৰীয়া অঞ্চলৰ আনোৱাৰ হুছেইনৰ পুত্ৰ ৰাজিমূল হুছেইন(২৩)ক মুঠ ১০গ্ৰাম হেৰইন সহ গোটলুং অঞ্চলত কৰায়ত্ত কৰে আৰক্ষীয়ে৷উল্লেখযোগ্য যে,এএছ১২ৱাই ২২০৩নম্বৰ মটৰচাইকেলত প্লাষ্টিকৰ এটা চাবোনৰ বাকচত লুকুৱাই অনা হৈছিল এই হেৰইন৷ইপিনে আন এক অভিযানত তেজপুৰৰ শালনিবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ দয়ালৰ নেতৃত্বত শ’লমৰাত চলা অভিযানত আব্দুল জব্বৰ নামৰ লোকজনক ১০০.৪৯গ্ৰাম আফিং সহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷লোকজনৰ বিষয়ে আৰক্ষীয়ে লাভ কৰা আগতীয়া তথ্যৰ আধাৰত এই অভিযান চলিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More