শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ তেজপুৰ ১১ মাৰ্চঃ অতি উদ্বেগজনক ভাবে তেজপুৰলৈ ড্ৰাগছৰ দৰে বিষাক্ত দ্ৰব্যৰ সৰবৰাহ বৃদ্ধি পাইছে৷ আৰক্ষীৰ অভিযানত সঘনাই এনে সৰবৰাহকাৰী কৰায়ত্ত হোৱা সত্বেও ড্ৰাগছৰ এই সৰবৰাহ বন্ধ হোৱা নাই৷ আজি পুনৰ তেজপুৰৰ বৰঘাট আৰক্ষীয়ে লাভ কৰা আগতীয়া তথ্যৰ ভিত্তিত ভোমোৰাগুৰিৰ কলিয়াভোমোৰা সেতুৰ সমীপত হেৰ’ইন সহ দুজন যুৱকক হাতেলোটে কৰায়ত্ত কৰে। উল্লেখ্য যে, আৰক্ষীয়ে কলিয়াভোমোৰা সেতুৰ সমীপত চলোৱা নিয়মীয়া তালাচীৰ সময়ত এটা চাবোন কেচত ভৰাই অনা ১২.৭৯ গ্ৰাম হেৰ’ইন আৰু ১৩.২৬ গ্ৰাম ওজনৰ সন্দেহজনক হেৰ’ইনভৰ্তি আন ১০ টা প্লাষ্টিক কণ্টেইনাৰৰ জব্দ কৰিবলৈ সক্ষম হয় ।আৰক্ষীয়ে কৰায়ত্ত কৰা তেজপুৰৰ দোলাবাৰীৰ মনিৰুল ইছলাম আৰু মখতুল হুছেইন নামৰ দুই যুৱকৰ পৰা এএছ ২১ জে১০৩০ পালচাৰ মটৰ চাইকেল এখনো জব্দ কৰে।উল্লেখযোগ্য যে, আৰক্ষীয়ে শোণিতপুৰত সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও বৰবিহ সেৱনকাৰীৰ সংখ্যাও ভাৱে বৃদ্ধি পাইছে৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.