তেজপুৰত ৰাজু বৰুৱাৰ গল্প সংকলন “শিৰীষে মাতে, তেজে মাতে” উন্মোচন

0 21

চুটি গল্প ঊনবিংশ শতিকাৰ অভিনৱ সৃষ্টি – ড০ ভূপেন শইকীয়াঃ

গ্ৰন্থখনে মানুহৰ মৌলিক চিন্তাধাৰাত টুকুৰীয়াই যাব – -বিশিষ্ট নাট্যকাৰ ঐশ্বৰ্য্য কাকতি

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৯ জুলাই : এগৰাকী বিশিষ্ট কবি তথা চিন্তাশীল লেখিকা ৰাজু বৰুৱাই বিভিন্ন সময়ত ৰচনা কৰা একাংশ গল্প একত্ৰিত কৰি প্ৰকাশ কৰি উলিওৱা “শিৰীষে মাতে, তেজে মাতে” শীৰ্ষক এখন গল্প সংকলন আজি তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত আনুষ্ঠানিক ভাবে উন্মোচন কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি, বিশিষ্ট ঔপন্যাসিক তথা নগাঁৱৰ ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° ভূপেন শইকীয়াই। তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আৰু বিশিষ্ট নাট্যকাৰ পৰিচালক, প্ৰাবন্ধিক ঐশ্বৰ্য্য কাকতিৰ পৌৰোহিত্যত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতেই লেখিকা তথা গল্প সংকলনখনিৰ ৰচয়িতা ৰাজু বৰুৱাই আদৰণী ভাষণ দাঙি ধৰি ঐশ্বৰ্য্য কাকতিৰ লগতে ড° ভূপেন শইকীয়াৰ সৃষ্টিশীলতা আৰু সামাজিক দায়বদ্ধতাৰ শলাগ লোৱাৰ লগতে তেজপুৰৰ সংবাদ কৰ্মী সকলৰ সৈতে থকা দীৰ্ঘদিনীয়া সাহচৰ্যতাৰ কথা সদৰি কৰে।আনহাতে উন্মোচনী ভাষণত ড° ভূপেন শইকীয়াই চুটি গল্প ঊনবিংশ শতিকাৰ অভিনৱ সৃষ্টি বুলি মন্তব্য কৰি আধুনিক অসমীয়া চুটি গল্পই ইতিমধ্যে শতবৰ্ষ গৰকিছে আৰু আধুনিক চুটি গল্প ঊনবিংশ শতিকাৰ বিষন্নতা আৰু যন্ত্ৰণাৰ ফলশ্ৰুতি বুলি মন্তব্য কৰে। ড° শইকীয়াই সাময়িক পত্ৰিকাৰ প্ৰয়োজন পূৰণৰ বাবেই চুটি গল্পৰ চাহিদা সম্প্ৰতি বৃদ্ধি পাইছে বুলি কৈ ১৮ ৯২ চনতে লক্ষ্মীনাথ বেজবৰুৱাই “সেউতী” নামৰ গল্প “জোনাকী” ত প্ৰকাশিত কৰিছিল বুলি কয়। আনহাতে অসমীয়া চুটি গল্পৰ ইতিহাসৰ তিনিটা কাল বা পৰ্ব আলোচনীৰ নামেৰেই কৰা হৈছে আৰু সেয়া “জোনাকী”, “আৱাহন”, আৰু “ৰামধেনু” বুলি উল্লেখ কৰাৰ লগতে অসমীয়া চুটিগল্পই চিৰাচৰিত কাহিনী কোৱাৰ পুৰণি শৈলীৰ পৰা আহি মনোজগতত প্ৰবেশ কৰিছে বুলি কৈ ৰাজু বৰুৱাৰ গল্পত শ্ৰেণী চেতনা আৰু সমাজৰ বাস্তৱ দিশ প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে। বিশিষ্ট কবি বিপিন কটকী, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, বিশিষ্ট গল্পকাৰ ডাঃ ৰাণা মুকুট কেওঁট, বিশিষ্ট সমাজকৰ্মী ৰুবুল শৰ্মাকে ধৰি একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিশিষ্ট পুৰাতত্ত্ব বিদ ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্যইও শুভেচ্ছামূলক ভাষণ প্ৰদান কৰি সাহিত্যৰ বিভিন্ন শিতানৰ লেখি অহা ৰাজু বৰুৱা এগৰাকী গীতিকাৰ হিচাপেও খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি কৈ তেজপুৰৰ শতবৰ্ষ গৰকা “অসমীয়া ক্লাব” ৰ শীৰ্ষ গীতেই ইয়াৰ প্ৰমাণ দিয়ে বুলি কয়। আনহাতে অনুষ্ঠানটিত সভাপতিৰ আসনৰ পৰা ঐশ্বৰ্য্য কাকতিয়ে লেখিকা ৰাজু বৰুৱাক নাৰী স্বাধীনতাৰ এগৰাকী ধ্বজাবাহী বুলি মন্তব্য কৰি গল্প সংকলনখনে মানুহৰ মৌলিক চিন্তা ধাৰাক টুকুৰিয়াই যাব বুলি মন্তব্য কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More