তেজপুৰত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চিকিৎসা বিশেষজ্ঞৰ অংশ গ্ৰহণেৰে পঞ্চম বাৰ্ষিক শিশু পালমোন’লজী সন্মিলন

0 43

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৫ অক্টোবৰঃ ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্স তেজপুৰ শাখাৰ উদ্যোগত ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্স অসম ৰাজ্যিক শাখা আৰু আই এ পি শ্বাস-প্ৰশ্বাস শাখাৰ সহযোগত পঞ্চম বাৰ্ষিক শিশু পালমোন’লজী সন্মিলনখন অহা ২২ অক্টোবৰত তেজপুৰৰ হোটেল দ্য গ্ৰীণউডত দিনজোৰা কাৰ্যসূচীৰে আয়োজনৰ ব্যাপক প্ৰস্তুতি চলিছে। আয়োজক সমিতিৰ সম্পাদক ডাঃ ৰূপম দাসে এক বিবৃতিযোগে জনায় যে সন্মিলনখনত সাধাৰণ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বিষয়ে বিতং তথ্য সম্বলিত আলোচনা হোৱাৰ লগতে আলোচনা চক্ৰখনত চেন্নাইৰ ডাঃ সতীশ কুমাৰ, ভুৱনেশ্বৰৰ ডাঃ ৰশ্মি ৰঞ্জন দাস, গুৱাহাটীৰ এইমছৰ ডাঃ নিশা টোটেজা,গুৱাহাটীৰ অধ্যাপক জে এন শৰ্মাকে ধৰি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বহু কেইগৰাকী প্ৰসিদ্ধ চিকিৎসকে আলোচক হিচাপে অংশ ল’ব । সন্মিলনখনত আয়োজিত হব লগা অধ্যাপক চি এছ দাস বক্তৃতানুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাপক ডা. আৰতি ডেকাকে বহু কেইগৰাকী সুখ্যাত চিকিৎসকে ভাগ লোৱাৰ কথা। আনহাতেদি ‘ সুস্থ শ্বাস-প্ৰশ্বাস সুস্থ ভৱিষ্যৎ ‘ শীৰ্ষক বিষয় বস্তুৰ আলোচনাত অসমৰ লগতে বহু কেইগৰাকী স্বাস্থ্য বিষয়াৰ লগতে চাহ বাগিচাৰ বহু শিশু বিশেষজ্ঞই লগতে অংশ গ্ৰহন কৰিব। সন্মিলন খন সফল কৰি তোলাৰ লগতে সন্মিলনত অংশ গ্ৰহণৰ বাবে অসমৰ সকলো শিশু ৰোগ বিশেষজ্ঞকে বিবৃতিটোত আয়োজক সমিতিয়ে লগতে আহ্বান জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More