তেজপুৰৰ অগ্ৰণী ক্ৰিকেট খেলুৱৈ, বিশিষ্ট ক্ৰীড়া সংগঠক, খেলুৱৈ নিৰ্বাচক প্ৰদীপ চৌধুৰীৰ দেহাৱসান

বিভিন্ন ব্যক্তি - অনুষ্ঠানৰ শোক প্ৰকাশ

0 25

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ২৮ জানুৱাৰী :IMG 20230128 WA0041 তেজপুৰ তথা অসমৰ উত্তৰ পাৰৰ এসময়ৰ অগ্ৰণী ক্ৰিকেট খেলুৱৈ, বিশিষ্ট ক্ৰীড়া সংগঠক, সৰবৰহী সমাজকৰ্মী, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ আজীৱন সদস্য প্ৰদীপ চৌধুৰীৰ আজি পুৱা প্ৰায় ১০ – ৩০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰৰ লগতে জিলাখনত শোকৰ ছাঁ পৰিছে। ১৯৫৮ চনৰ ১৯ অক্টোবৰত তেজপুৰৰ নেপালী পট্ৰিত জন্ম গ্ৰহণ কৰা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ চৌধুৰী কেবামাহ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ পিছত আজি চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে। ক্ৰিকেট খেলত তেজপুৰ দলৰ পৰা জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো অংশ গ্ৰহণ কৰি ৭০ দশকতে পাৰদৰ্শিতাৰ পৰিচয় দি তেজপুৰলৈ সুনাম কঢ়িয়াই অনা প্ৰদীপ চৌধুৰী তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সৈতে জড়িত হৈ পৰৱৰ্তী সময়ত তেজপুৰ ক্ৰিকেট সন্থাৰ জৰিয়তে বহু প্ৰতিভাৰ জন্ম দিয়াত অহোপুৰুষাৰ্থ কৰিছিল।বৰ্তমান সময়লৈকে ক্ৰিকেট খেলুৱৈ নিৰ্বাচক সমিতিৰ সৈতে জড়িত হৈ থকা চৌধুৰীয়ে তিনিবাৰকৈ ৰাজ্যিক ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে তেজপুৰত ১৯৮৫ চনৰ পৰা আয়োজন কৰা বিশ্বজিৎ বৰা সোঁৱৰণি ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰাত মুখ্য ভূমিকা পালন কৰাই নহয় শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও প্ৰতি বছৰে নিজে প্ৰদান কৰি আহিছিল চলিত বৰ্ষলৈকে। পূব শোণিতপুৰ ক্ৰীড়া সন্হাৰো আজীৱন সদস্য চৌধুৰীয়ে তেজপুৰৰ পাঁচমাইল অঞ্চলতো বিশ্বজিৎ বৰা সোঁৱৰণি ক্ৰিকেট খেল অনুষ্ঠিত কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। পশ্চিম তেজপুৰ ৰঙালী বিহু সন্মিলন আৰু জয়মতী সংঘৰ আজীৱন সদস্য চৌধুৰী তেজপুৰৰ যিকোনো ক্ৰীড়াৰ সৈতেও পিছলৈ ঘনিষ্ঠ ভাবে জড়িত হৈ আছিল। তেজপুৰ প্ৰাক্তন বিধায়ক তথা তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ প্ৰাক্তন সভাপতি ৰাজেন বৰঠাকুৰৰ সৈতে অতি আত্মিক সম্পৰ্ক বজাই ৰাখি তেজপুৰৰ ক্ৰীড়া ক্ষেত্ৰৰ বিকাশ আৰু উত্তৰণৰ অৰ্থে অহোপুৰুষাৰ্থ কৰি যোৱা প্ৰদীপ চৌধুৰীৰ পৰলোকপ্ৰাপ্তিত তেজপুৰৰ তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ, উপসভাপতি মৃদুল কুমাৰ শৰ্মা, তেজপুৰ জিলা ক্ৰিকেট সন্থাৰ উপসভাপতি সুৰজিত বৰা, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ প্ৰাক্তন সভাপতি ইস্কে আলম, তেজপুৰ জিলা ক্ৰিকেট সন্থাৰ ঈশান বৰা, জয়মতী সংঘৰ সম্পাদক নৰেণ শইকীয়া আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত পত্নীৰ লগতে একমাত্ৰ পুত্ৰ সন্তানক এৰি যোৱা চৌধুৰীৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা আহি পোৱাৰ পিছতেই অসংখ্যজনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More