তেজপুৰৰ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ সম্পন্ন

0 32

শতাব্দ  ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮মাৰ্চঃ তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্রতিষ্ঠানত আজি সম্পন্ন হয় দুই দিনীয়া কাৰ্যসূচীৰে সপ্তম ৰাষ্ট্ৰীয় আলোচনা সত্ৰ৷ ৱৰ্ল্ড এচ’চিয়েচন ফৰ চাইক’চচিয়েল ৰিহেবিলিটেচন ৰ এই সত্ৰত আন্ত: ৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় স্তৰৰ প্ৰায় ২৫৭ গৰাকী গৱেষক তথা মানসিক স্বাস্থ্য কৰ্মীয়ে অংশ গ্ৰহণ কৰে৷ প্ৰথম দিনৰ কাৰ্যসূচী অতিথি সকলৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয়। আদৰণি ভাষণ আগবঢ়ায় লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ এছ কে দেউৰীয়ে । স্মৃতিগ্ৰন্থ উন্মোচন কৰে ৰিহেবিলিটেচন ৰ সভাপতি ডঃ গেব্রিয়ালি ৰোকা , সম্পাদক প্ৰধান ভি কে ৰাধাকৃষণ আৰু সম্পাদক এইচ কেন্দ্ৰশেখৰৰ লগতে মেগছেছে বঁটা প্ৰাপক আৰু শ্ৰদ্ধা ৰিহেবিলিটেচন ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক ডঃ ভাৰত বাটৱানীয়ে৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কৰুণা হাজৰিকা । ভাৰত ক্ষেত্ৰৰ সভাপতি ডঃ চি ৰাম সুব্ৰমনিয়ামে সংস্হাটোৱে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ , জনসাধাৰণৰ অধিকাৰ লগতে সামাজিক গুৰুত্ব আৰু মানসিক স্বাস্থ্য কৰ্মীৰ দায়িত্ব সম্পৰ্কত আলোকপাত কৰে । শলাগ জ্ঞাপন কৰে আয়োজক সমিতিৰ সম্পাদক ডঃ শোভানা এইচে । উল্লেখযোগ্য যে এই সৰ্বভাৰতীয় পৰ্যায়ৰ অনুষ্ঠান এন ই চি আৰু তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্যৰ যুটীয়া সহযোগত অনুষ্ঠিত হয় । প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে ” প্ৰমোটিং ৰাইটছ এণ্ড ৰিকভাৰী ইন মেন্টল হেলথ ” শীৰ্ষক সত্ৰ আৰম্ভণি কৰে ডঃ গেব্রিয়াল ৰোকা , ডঃ ভি কে ৰাধাকৃষ্ণন , ডঃ মুৰালী থায়লঠ আৰু ডঃ আলেকজেণ্ডাৰ স্মিথে৷ অনুষ্ঠানত আৰ থাৰা , ডঃ চি ৰাম সুব্ৰমনীয়াম , ডঃ শশী ৰায় , ডঃ আৰ পদ্মৱতী আৰু ডঃ মোহন কে আইজাকে অংশ লয় । অনুষ্ঠানৰ দ্বিতীয় ভাগত “ৰেহেবিলিটেচন ইন নৰ্থ ইষ্ট ইণ্ডিয়া ” শীৰ্ষক অনুস্থানত আলোচক হিচাপে উপস্থিত থাকে মিন্টু মণি শৰ্মা , দিলীপ গানকেৰ , ডঃ নিলেচ মোহিত আৰু ডঃ ৰাজকুমাৰ লেনীন সিং । অনুষ্ঠানৰ তৃতীয় পৰ্বত ” ৰিহেবিলিটেচন অফ হোমলেছ পাৰচন উইথ মেন্টল ইলনেছ ” শীৰ্ষক আলোচনা সত্ৰত জি স্বামীনাথ , ডঃ ভাৰত বাটৱানী , অঞ্জনা গোস্বামী , মাইকেল পি . এ উপস্থিত থাকে। অনুষ্ঠানত গৱেষণা পত্ৰ পাঠ ,ছয় খন কৰ্মশালা , বিভিন্ন মানসিক স্বাস্থ্য বিষয়ক ১৩ খন আলোচনা ,ই ই জি সমর্কীয় তথ্যকে ধৰি মানসিক স্বাস্থ্য সজাগতা , পেনেল আলোচনা আদিৰে সামৰণি পৰে । তেজপুৰৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাত আন্ত: ৰাষ্ট্ৰীয় স্তৰৰ গৱেষক সকলে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সকলোৰে সহযোগিতাৰ বাবে আহ্বান জনায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More