তেজপুৰৰ আৰিমৰা চাপৰিত বিৰল প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণ

সক্ৰিয় চোৰাং চিকাৰীঃ বন বিভাগক সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী

0 66

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ফেব্ৰুৱাৰী: IMG 20230204 WA0058 1ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ঋতুকালীন পৰিভ্ৰমী চৰাইৰ আগমনে প্ৰকৃতিপ্ৰেমী সকলক আহ্লাদিত কৰি অহাৰ সময়তে শোণিতপুৰ জিলাৰ তেজপুৰৰ সমীপৱৰ্তী আৰিমৰা চাপৰিত শেহতীয়াকৈ পৰিলক্ষিত হোৱা বিৰল প্ৰজাতিৰ কৰ্চন (Common Crane) চৰাইয়ে তেজপুৰৰ লগতে জিলাখনৰ প্ৰকৃতিপ্ৰেমী সকলক উৎফুল্ল কৰি তুলিছে। উল্লেখ্য যে, আৰিমৰা চাপৰিৰ যিখিনি ঠাইত এই পৰিভ্ৰমী চৰাইৰ বিচৰণ দেখা পোৱা গৈছে সেই ঠাইখিনিত এইবাৰ কৃষক ৰাইজে প্ৰচুৰ সৰিয়হ খেতি কৰিছে। সেই সৰিয়হৰ মাজত স্হানীয় প্ৰকৃতিপ্ৰেমীয়ে এই কৰ্চন চৰাই প্ৰথমে দেখিবলৈ পায়। এই চৰাইবিধ পূৰ্বে কাহানিও দেখা পোৱা নাছিল স্হানীয় ৰাইজ বা প্ৰকৃতিপ্ৰেমীসকলে। এইবাৰ হঠাৎ তেনে বিৰল প্ৰজাতিৰ চৰাই দেখা পাই স্হানীয় কৃষক বাবুল নাথে খবৰ দিয়াৰ পিছত তেজপুৰৰ প্ৰকৃতিপ্ৰেমী অভিজিৎ বৰুৱা, অনুজ শইকীয়া, উদিৎ বৰাই প্ৰত্যক্ষ কৰি চৰাইবিধ যে কৰ্চন চৰাই সেয়া নিশ্চিত হয়। ইয়াৰ পিছতেই তিনিওগৰাকী প্ৰকৃতিপ্ৰেমীয়ে এই পৰিভ্ৰমী চৰাইখিনিৰ সুৰক্ষাৰ বাবে স্হানীয় ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে ৰাইজকো এই বিৰল প্ৰজাতিৰ পৰিভ্ৰমী চৰাইখিনিক সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনায়। উল্লেখ্য যে, এই পৰিভ্ৰমী চৰাইখিনি পৰ্যবেক্ষণত ব্যস্ত থকা তিনিওগৰাকী প্ৰকৃতিপ্ৰেমীয়ে জানিবলৈ দিয়া অনুসৰি সেই অঞ্চলত একাংশ চোৰাং চিকাৰীয়ে দিনৰ ভাগতেই চৰাই মৰা বন্দুক আদি লৈ তেনে পৰিভ্ৰমী চৰাই নিধনত নামি পৰাই নহয় গছ গছনি আদি কাটিও তহিলং কৰি প্ৰকৃতিৰ মনোৰম অঞ্চল হিচাপে পৰিগণিত অঞ্চলটিলৈ ভাবুকি কঢ়িয়াই আনিছে। বন বিভাগ এটা থকাৰ পিছতো দিনৰ পোহৰত হাতত বন্দুক লৈ কেনেদৰে প্ৰকৃতি ধ্বংসত জড়িত হ’ব পাৰিছে বুলি ক্ষোভ প্ৰকাশ কৰি অচিৰেই বিহিত ব্যৱস্থা ল’বলৈ দাবী উত্থাপন কৰাৰ লগতে এই বিৰল প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ সুৰক্ষা নিশ্চিত কৰিবলৈকো দাবী জনাইছে। কালিৰ দিনটোত মঙলদৈৰ প্ৰকৃতিপ্ৰেমী নেজিৱ আহমেদও আহি এই বিৰল প্ৰজাতিৰ কৰ্চন চৰাইখিনি পৰ্যবেক্ষণ কৰি সুৰক্ষাৰ বাবে বন বিভাগক দাবী জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More