তেজপুৰৰ এখন বাঁহনি, এজাক বগলী আৰু এজন যুৱক…

0 38
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ,২জুন: তেজপুৰৰ বিভিন্ন অঞ্চলত পূৰ্বে এই সময়ত দেখা পোৱা গৈছিল জাক জাক বগলী। বিভিন্ন অঞ্চলৰ বাঁহনিত জাকে জাকে বগলীয়ে আশ্ৰয় লৈ এই সময়চোৱাতে পোৱালী জগাই ডাঙৰ কৰাটো এক সহজলভ্য দৃশ্য আছিল। কিন্তু এতিয়া তেজপুৰৰ নিৰ্দিষ্ট দুটামান অঞ্চলতহে এনে কিছু বগলীৰ বাঁহ দেখিবলৈ পোৱা যায়। এনে পৰিৱেশৰ মাজতে বিগত পাঁচ বছৰে ডেকাৰগাঁও পশ্চিম পথাৰৰ এডৰা বাঁহনিলৈ নিৰ্দিষ্ট সময়ত আহি ইয়াতে বাঁহ সাজি পোৱালী জগাই তথা ডাঙৰ কৰে এই বগলী জাকে। তেজপুৰ ডেকাৰগাঁও ৰে’ল ষ্টেচনৰ সমীপৰ পথাৰত থকা এই বাঁহনিখন বগলীৰ লগতে পানী কাউৰি,কনামুচৰী,বৰটোকোলাকে ধৰি বিভিন্ন পক্ষীৰ আশ্ৰয় স্থল। যোৱা প্ৰায় চাৰিমাহে ইয়াত পুনৰ এজাক বগলীয়ে আশ্ৰয় লৈছে আৰু এতিয়া প্ৰতিজোপা জাতিবাঁহত বগলীৰ বাহ আৰু বাহ সমূহত  যথেষ্ট সংখ্যক বগলী পোৱালী দেখিবলৈ পোৱা গৈছে। বহুল জনবসতিপূৰ্ণ অঞ্চলৰ পৰা দূৰত্বত থকা বাঁহনিখনৰ এই বগলীক লৈ কিন্তু দুই একৰ আপত্তিও আছে। স্বাভাৱিকতেই বগলীৰ জাকৰ বিষ্ঠাৰ বাবে হোৱা দুৰ্গন্ধৰ বাবেই দুই এজনে বগলী জাকক খেদি বাঁহগছবোৰ কাটিব লাগে বুলি দাবী জনাই অহাৰ বিপৰীতে বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ মোহত বন্দী স্থানীয় যুৱক  উৎপল বৰুৱা আৰু তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ এবিঘা মাটিৰ বাঁহনিখনৰ পৰা এই বগলীজাক আৰু ইয়াত থকা বিভিন্ন চৰাইক খেদিবলৈ কোনোমতেই সন্মত নহয়।
উৎপলৰ মতে যদিহে পক্ষীবিধক কেবল দুৰ্গন্ধৰ বাবেই খেদি পঠোৱা হয় তেনেহলে সিহঁতৰ অসংখ্য পোৱালী মৃত্যু মুখত পৰিৱ। ইয়াত পূৰ্বে বগলী হত্যা কৰা একাংশকো সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ তৎপৰতাত গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰতি বছৰে পাঁচ-ছমাহ থাকি আঁতৰি যোৱা বগলী জাকৰ বাবে আনকি উৎপলে মাজতে স্থানীয় আৰক্ষীৰ পৰাও বাঁহ কটাৰ বাবে হেঁচা পাইছিল যদিও পৰিস্থিতিৰ বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ সক্ষম হ’ল যুৱকজন। উৎপলে কয় যে,এই পক্ষী বিধ থাকিবলৈ এতিয়া বৃহৎ গছ অঞ্চলবোৰত পাবলৈ নোহোৱা হ’ল। আগতে জনবসতিপূৰ্ণ অঞ্চলৰ দূৰতে থকা পক্ষীবোৰ উপায়হীন হৈহে এনেদৰে থাকিবলগীয়া হৈছে। বগলীয়ে আশ্ৰয় লোৱাৰ বাবেই বৰ্তমান বজাৰত যথেষ্ট মূল্য থকা বাঁহবোৰো নষ্ট হৈছে য’দিও বগলীৰ এটা নতুন প্ৰজন্মৰ সুৰক্ষাৰ বাবেই পৰিশ্ৰমী উৎপলে সেই লোকচান বহন কৰিবলৈ বদ্ধপৰিকৰ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More