তেজপুৰৰ ঐতিহাসিক হজৰাপুখুৰীৰ পাৰত দহ সহস্ৰাধিক ৰাইজে উপভোগ কৰিলে মহাবীৰ লাচিত বৰফুকনৰ বীৰ গাঁথা

জীৱন্ত হাতী - ঘোঁৰা - নৌকাৰ দ্বাৰা হজৰাপুখুৰীত সূচনা হ'ল আকৌ শৰাইঘাটৰ যুদ্ধ

0 23

শব্দ-পোহৰৰ মায়াজালত দুইশতাধিক শিল্পীয়ে মঞ্চৰ পৰিৱৰ্তে মুক্তাংগণত সৃষ্টি কৰিলে ইতিহাস

তিনিবাৰকৈ মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰা বিজিৎ গগৈয়ে শৰীৰ কলাৰ পৰিৱৰ্তে অৱতীৰ্ণ হ’ল লাচিতৰ চৰিত্ৰত

প্ৰাঞ্জল শইকীয়া, পদ্ম হাজৰিকা, পৃথ্বিৰাজ ৰাভা, চুকাফাৰূপী শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ পৰা আঙুৰলতা ডেকালৈ দুশ শিল্পীয়ে সূচনা কৰিলে অনন্য পৰিৱেশৰ

তেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়াই, ২০ নবেম্বৰঃ “ইতিহাসৰ বৰ ভেটি প্ৰগতিৰ সত্য” – ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই উক্তিকে প্ৰতিফলিত কৰি কালি সন্ধিয়া আধুনিক প্ৰযুক্তি তথা কলা কৌশলৰ দ্বাৰা অসম বুৰঞ্জীৰ আটাইতকৈ অনুপ্ৰেৰণীয় চৰিত্ৰ লাচিত বৰফুকনৰ বীৰ গাঁথা তেজপুৰত উপভোগ কৰিলে দহ সহস্ৰাধিক দৰ্শক-ৰাইজে।IMG 20221120 WA0071 তেজপুৰক উদ্ভাসিত কৰি ৰখা অসম বুৰঞ্জীৰ আন এক অন্যতম চৰিত্ৰ শালস্তম্ভীয় ৰজা হৰ্জ্জৰবৰ্ম্মণৰ স্মৃতি বিজড়িত ঐতিহাসিক হজৰাপাৰৰ হজৰাপুখুৰীৰ পাৰত শব্দ – পোহৰৰ মায়াজালত প্ৰায় দুশ শিল্পীয়ে সম্পূৰ্ণ মুক্তাংগণত সম্ভৱতঃ ৰাজ্যখনৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অতি আকৰ্ষণীয় আধুনিক কলা – কৌশলেৰে নিবেদন কৰা “লাচিত – বুৰঞ্জী লিখাৰ তৰোৱাল” শীৰ্ষক নাটকখনৰ দ্বাৰা আন এক ইতিহাসৰ সৃষ্টি হ’ল তেজপুৰত । 20221119 210313উল্লেখ্য যে, অসম আৰু অসমীয়াৰ স্বাভিমান, শৌৰ্য্য – বীৰ্য্যৰ প্ৰতীক, মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত অসম ৰেপাৰেটৰীয়ে কালিৰে পৰা দুদিনীয়াকৈ নিবেদন কৰা এই বিশেষ শৈলীৰ নাটকখন উপভোগ কৰিবলৈ হিলদল ভাঙি ওলাই অহা দহ সহস্ৰাধিক ৰাইজো সেই ইতিহাসৰ সাক্ষী হৈ ৰ’ল ভৱিষ্যতৰ বাবে। তেজপুৰৰ যুৱ ব্যৱসায়ী তথা কথাশিল্পী নয়নজ্যোতি ভট্টাচাৰ্য্যৰ বহুল সমাদৃত উপন্যাস “বুৰঞ্জী লিখা তৰোৱাল” ৰ আধাৰত তেজপুৰৰ নাট্যকাৰ – পৰিচালক তথা সাংবাদিক পুলক কুমাৰ ডেকাৰ ৰচনা, পৰিচালনা আৰু পৰিকল্পনাৰে সৰ্বাত্মকভাৱে সফল নিবেদন হোৱা নাটকখনৰ হৃদয় উদ্বেলিত কৰা অনন্য সংলাপ, কাহিনীৰ নিখুঁত প্ৰয়োগ, শব্দ – সংগীত, পোহৰৰ সু প্ৰয়োগ, ত্ৰুটিহীন ৰূপসজ্জা, সাজসজ্জা, দৃশ্যসজ্জাৰ লগতে জীৱন্ত হাতী, অশ্বাৰোহী সৈন্যৰ জীৱন্ত ঘোঁৰা, হিলৈ, বৰটোপৰ পৰা সঁচা নাৱেৰে হজৰাপুখুৰীক লুইতলৈ পৰিণত কৰি নৌকা যুদ্ধৰ দৃশ্যাংশৰ মাজত তিনিবাৰকৈ মিষ্টাৰ ইণ্ডিয়া খিতাপ অৰ্জন কৰা বিজিৎ গগৈৰ লাচিতৰ চৰিত্ৰত শৰীৰৰ চৰ্চাৰ পিছত অভিনয়ৰো দক্ষতা প্ৰতিপন্ন কৰি পুনৰ লাচিত বৰফুকনৰ বীৰ গাঁথা প্ৰতিপন্ন কৰিলে সাম্ৰাজ্যবাদী মোগলৰ সন্মুখত।IMG 20221120 WA0068 একেদৰে সেই সময়ত আহোম ৰাজবংশৰ মাৰ্গদৰ্শনকাৰী হিচাপে পৰিচিত হোৱা অতি জ্ঞানী আতন বুঢ়াগোহাঁইৰ চৰিত্ৰত নাটকখনৰ প্ৰথমৰ পৰা শেষলৈকে প্ৰথিতযশা চলচ্চিত্ৰ অভিনেতা প্ৰাঞ্জল শইকীয়াৰ বলিষ্ঠ অভিনয়ৰ উপৰি আন এগৰাকী দক্ষ অভিনেতা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই চক্ৰধ্বজ সিংহৰ চৰিত্ৰত, বিধায়ক পদ্ম হাজৰিকাই জীৱন্ত হাতীৰ প্ৰবেশ কৰি প্ৰতাপ সিংহৰ চৰিত্ৰত, নাটকখনৰ কাহিনীত বিশেষভাৱে অতি ধীমান সংলাপেৰে সংযোজিত কৰা স্বৰ্গদেউ চুকাফাৰ চৰিত্ৰত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সাৱলীল অভিনয়, আন এক বিশেষ চৰিত্ৰত চলচ্চিত্ৰৰ মোহময়ী অভিনেত্ৰী আঙুৰলতা ডেকাৰ অভিনয়, বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগমে পাখৰী কুঁৱৰী চৰিত্ৰত, বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক ভূপেন শৰ্মাই স্বৰ্গদেউ জয়ধ্বজ সিংহৰ চৰিত্ৰত, মীৰজুমলাৰ চৰিত্ৰত প্ৰশান্ত কুমাৰ বৰা, ৰাম সিংহৰ চৰিত্ৰত অশ্বিনী বৰাই অতি মনপৰশা অভিনয় কৰি কালি এই বিৰল মুহূৰ্তত হাজাৰ হাজাৰ দৰ্শকক অভিভূত কৰি তোলে।উজ্জ্বল শইকীয়া, জিতুমণি কলিতা আৰু প্ৰতিভা শৰ্মাৰ সহ পৰিচালনাৰে ৰণজীৱ দাসৰ সংগীত পৰিচালনা, ডিম্পল দাসৰ মনোগ্ৰাহী তথা দৃষ্টিনন্দন আলোক সম্পাত, বিশিষ্ট নৃত্যশিল্পী ৰুবী বৰা বৰদলৈৰ নৃত্য পৰিচালনা, ইন্দ্ৰানী তামুলীৰ সাজসজ্জা, কুলেন বৰা, যোগেন তাঁতীৰ দৃশ্যসজ্জা, মৃগেন চন্দ্র বড়া, দিব্যজ্যোতি নাথ, নিতুমণি কলিতা, ভূপেন শইকীয়াৰ ৰূপসজ্জা, হীৰেন নাথৰ সমৰকলা আৰু সৌমিত্ৰ দত্তৰ কলানিৰ্দেশনাৰে সফল নিবেদন হোৱা নাটকখনৰ আন চৰিত্ৰসমূহ ৰূপায়ণ কৰা শিল্পীসকল আছিল ক্ৰমে – অবনী বৰা, ৰাজীৱ শৰ্মা,মৌৰাজ কৌশিক, অশ্বিনী বৰা, প্ৰহ্লাদ তালুকদাৰ, জীতেন কুমাৰ দাস, পুুতুল বৰুৱা, সঞ্জীৱ বৰঠাকুৰ, শান্তনু শইকীয়া, নমিতা মহন্ত, মধুস্মিতা হাজৰিকা ডেকা, ৰণজিৎ বৰা, গৌতম শৰ্মা, জিতু কলিতা, অৰূপ মহন্ত, বিপুল কুমাৰ নাথ, মিণ্টু নয়ন দাস, নৱ কিশোৰ শইকীয়া, নৱজিৎ শৰ্মা, বিষ্ণু দাস, জ্ঞানদ্বীপ বড়ো, হীৰক কলিতা, অপূৰ্ব বৰা, প্ৰশান্ত দাস, জান তালুকদাৰ, বিস্তৃৰ্ণা ভট্টাচাৰ্য, হিমাশ্ৰী বৰা, ভিলাৰচিয়া বৰা, কৃষাণু, আদিত্য, পাপু, প্ৰিয়াংশু মনজিৎ, পৱন, দেৱাশীষ, দেৱ, ৰনি, লিজা, দিশা আদি।IMG 20221120 WA0070আনহাতে এই নাট নিবেদনৰ পূৰ্বে এই আয়োজনৰ লগত সংগতি ৰাখি লাচিত বৰফুকন বিশেষ সংখ্যাৰে অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা সম্পাদিত অসম ৰেপাৰেটৰীৰ মুখপত্ৰ “কুশীলৱ” আনুষ্ঠানিক ভাৱে উন্মোচন কৰে সংগীত নাটক অকাদেমীৰ উপ সচিব ৰাজু দাসে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More