তেজপুৰৰ ঐতিহ্যমণ্ডিত চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ৰ মূল প্ৰবেশ পথৰ তোৰণ উদঘাটন

প্ৰাক্তন ছাত্ৰ-সাংবাদিক অতনু ভূঞাৰ ধনেৰে নিৰ্মিত তোৰণ উন্মোচনী অনুষ্ঠানত শিক্ষাৰ্থীৰ গীত-নৃত্য

0 46
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ মে’: শৈক্ষিক অথবা বিদ্যায়তনিক ক্ষেত্ৰত কৃতিত্বৰ পৰিচয় দি অহাৰ লগতে ৮৭ বছৰীয়া ঐতিহ্যৰে গৰিমামণ্ডিত তেজপুৰ চহৰৰ চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ৰ মূল প্ৰবেশ পথৰ নৱনিৰ্মিত তোৰণখন আজি  এক মাংগলিক পৰিৱেশৰ মাজত উদঘাটন কৰা হয়। উল্লেখ্য যে, ১৯৩৫ চনৰ ২২ আগষ্টত তেজপুৰৰ কেবাগৰাকীও শিক্ষানুৰাগী ব্যক্তিৰ প্ৰযত্নত গঢ়ি উঠা আৰু সম্প্ৰতি ৮৭৩ গৰাকী অভিলেখ সংখ্যক শিক্ষাৰ্থী আৰু ৩০ গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰীৰে ৰাজ্যখনৰেই অন্যতম অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় হিচাপে পৰিগণিত বিদ্যালয়খনৰ মূল প্ৰবেশ পথত আজিকোপতি এখন তোৰণ নথকাৰ পিছত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট সাংবাদিক, শিল্পী অতনু ভূঞাই নিজা খৰছেৰে তোৰণখন নিৰ্মাণৰ দায়িত্ব লোৱাৰ পিছত আজি এক উৎসৱমুখৰ পৰিবেশৰ মাজত সপৰিয়াল উপস্থিত হৈ অতনু ভূঞাই  ফিটা কাটি উন্মোচন কৰে। ইয়াৰ পিছতেই তোৰণখনৰ দাতা প্ৰাক্তন ছাত্ৰ অতনু ভূঞাৰ লগতে আজি তোৰণ উন্মোচনী অনুষ্ঠানৰ অতিথি সকলক গায়ন বায়নৰে আদৰি অনাৰ পিছত তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, সাংবাদিক পংকজ বৰুৱাৰ পৌৰোহিত্যত সম্পন্ন হয় শিক্ষাৰ্থী সকলৰ গীত – নৃত্যৰে মুখৰিত উন্মোচনী অনুষ্ঠান।IMG 20220523 WA0037 বিদ্যালয়খনৰ সহকাৰী শিক্ষক ৰিন্টু বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিদ্যালয় কৰ্তৃপক্ষই তোৰণখনৰ দাতা, প্ৰাক্তন ছাত্ৰ অতনু ভূঞাক গামোচা, শৰাই আৰু প্ৰশস্তি পত্ৰেৰে কৃতজ্ঞতা জ্ঞাপন কৰাৰ পিছত অতনু ভূঞাই ভাষণ প্ৰসংগত বিদ্যালয়খনৰ স্মৃতি ৰোমন্থন কৰি একাংশ আদৰ্শ শিক্ষাগুৰুৰ নাম উচ্চাৰণ কৰি প্ৰত্যেক গৰাকী প্ৰাক্তন ছাত্ৰই নিজৰ শিক্ষানুষ্ঠানখনৰ উত্তৰণৰ বাবে পাৰ্যমানে সহায় কৰাতো উচিত বুলি মন্তব্য কৰে। বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰি যোৱা বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী আজি দেশ-বিদেশৰ একোগৰাকী প্ৰতিষ্ঠিত ব্যক্তি বুলি গৌৰৱ কৰি সাংবাদিক ভূঞাই তাহানিৰে পৰা বিদ্যালয়খনত একেই পৰিৱেশ আজিও বৰ্তি থকাৰ বাবেই এতিয়াও নামভৰ্তিৰ সময়ত আসন নেপাই বহু অভিভাৱক বিমুখ হ’ব লগা হৈছে বুলি কয়। বৰ্তমানৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহত বিদ্যালয় আৰম্ভ হোৱাৰ সময়ত গাড়ী মটৰেৰে যি ভীৰ হোৱা পৰিৱেশ সৃষ্টি হয় এইখন বিদ্যালয়ত নিজে পঢ়ি থকা সময়ত একে পৰিৱেশৰ সূচনা হৈছিল বুলি কৈ তেনে এখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে সেয়েহে গৌৰৱান্বিত বুলি কয়। অনুষ্ঠানতে বিদ্যালয়খনৰ সহকাৰী শিক্ষক, সংগীত শিল্পী ৰিন্টু বৰাই ৰচনা কৰা আৰু সংগীত শিল্পী ৰূপন জ্যোতি কটকীয়ে সুৰেৰে সজোৱা বিদ্যালয়খনৰ প্ৰতীকী গীত এটি অতিথি সকলৰ জৰিয়তে উন্মোচন কৰে অতনু ভূঞাই। আনহাতে অনুষ্ঠানতে বিদ্যালয়খনৰ শিক্ষয়ত্ৰীসকলে প্ৰথমবাৰৰবাবে এই প্ৰতীকী গীতটি পৰিৱেশনো কৰে। অনুষ্ঠানটিত অসম চৰকাৰৰ এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাই সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ক লৈ তেজপুৰীয়া হিচাপে সদায় গৌৰৱ কৰি অহা বুলি মন্তব্য কৰাৰ লগতে বৰ্তমানেও প্ৰায় নশ শিক্ষাৰ্থী থকা এনে চৰকাৰী প্ৰাথমিক বিদ্যালয় আন ঠাইত আছে বুলি সন্দেহ আছে বুলি কয়। শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক ৰঞ্জন কুমাৰ দাস, পৰিচালনা সমিতিৰ সভাপতি সুনীল কুমাৰ দত্তয়ো ভাষণ দিয়া অনুষ্ঠানটিত সভাপতিৰ আসনৰ পৰা পংকজ বৰুৱাই ভাষণ প্ৰদান কৰি প্ৰথমেই ১৯৩৫ চনৰ ২২ আগষ্টত নিজৰ বাসগৃহতে এই বিদ্যালয়খন শুভাৰম্ভ কৰা শিক্ষানুৰাগী ব্যক্তি প্ৰয়াত মাণিক বৰা, তাৰ পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ অগ্ৰগতিত অৰিহণা আগবঢ়োৱা বদান্য পুৰুষ প্ৰয়াত দালিম বৰা আৰু ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা লাভ কৰা প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বেণুধৰ কাকতিক স্মৰণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেনে বদান্যতাৰেই প্ৰাক্তন ছাত্ৰ অতনু ভূঞা আগবাঢ়ি আহি বহুদিনীয়া এক অভাব পুৰণ কৰি আন প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ বাবেও এক নিদৰ্শন দাঙি ধৰিলে বুলি মন্তব্য কৰে পংকজ বৰুৱাই । অনুষ্ঠানটিত ছাত্ৰী দৃষ্টি কলিতা আৰু শ্যামলীমা দাসে সৃজনশীল নৃত্য, ছাত্ৰ অৰ্ণৱ ডেকা আৰু হৃষী কাশ্যপে ঢোল বাদন, ছাত্ৰ জ্যোতিস্ময় বৈশ্যই আধুনিক নৃত্য, চয়নিকা চহৰীয়াই বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত পৰিবেশন কৰাৰ লগতে নিষ্ঠা কলিতা, ডিম্পী বৰা, জ্যোতিস্মিতা কটকী, গুঞ্জন পাঠক, হিমাশ্ৰী দাস আৰু তৃষা চুতীয়াই বিহু নৃত্য পৰিৱেশন কৰি জীপাল কৰি তোলে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More