তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান 

প্ৰথম দিনটোতে সুৰীয়া - সাংগীতিক পৰিৱেশেৰে জীপাল হ'ল বাণ থিয়েটাৰ প্ৰাংগন

0 76
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৫ জুনঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত ১৯৯৯ চনতেই গঢ়ি উঠা লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কালিৰে পৰা দুদিনীয়াকৈ আয়োজিত হোৱা বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানত সুৰীয়া আৰু সাংগীতিক পৰিৱেশৰ মাজত জীপাল হৈ পৰিছে বাণ থিয়েটাৰ প্ৰাংগন। বাণ থিয়েটাৰৰ সদস্য, অভিনয় শিল্পী অশ্বিনী বৰাৰ বিশেষ তৎপৰতাত এনেদৰে দৃষ্টিনন্দন ৰূপত সজাই তোলা হৈছে বাণ থিয়েটাৰৰ চৌহদ। এনে পৰিৱেশৰ মাজতে কালি দুপৰীয়াৰ পৰা  অনুষ্ঠিত হয় সাংস্কৃতিক প্ৰতিযোগিতা। লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা কুঞ্জমা বৰদলৈ বৰা আৰু শিক্ষক – শিক্ষয়িত্ৰীসকলৰ জৰিয়তে ৰাজশ্ৰী বৰুৱা আৰু মায়া ৰাণী বৰাই বিচাৰকৰ আসন অলংকৃত কৰা সাংস্কৃতিক প্ৰতিযোগিতাত প্ৰথমেই অনুষ্ঠিত হয় একক কণ্ঠৰ গীতৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত একাংশ সম্ভাৱনাপূৰ্ণ কন্ঠশিল্পীয়ে নিজৰ পাৰদৰ্শিতা প্ৰতিপন্ন কৰে। ইতিমধ্যে শাস্ত্ৰীয় সংগীতৰ প্ৰতিযোগিতা সম্পন্ন হোৱাৰ পিছত কালিৰ দিনটোতে সম্পন্ন হয় শাস্ত্ৰীয় নৃত্যৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত প্ৰতিযোগী সকলৰ দৃষ্টিনন্দন নৃত্যই সকলোকে মুগ্ধ কৰা পৰিলক্ষিত হয়। ইয়াৰ পিছতেই কালি বিয়লি অনুষ্ঠিত হয় ৰুচিসন্মত আধুনিক নৃত্যৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ অন্তত কালি সন্ধিয়াৰ পৰা আকৌ  সম্পন্ন হয় বিজয়ী প্ৰতিযোগীৰ পুৰস্কাৰ প্ৰদান অনুষ্ঠান। মহাবিদ্যালয়খনৰ সংগীতৰ শিক্ষক মনোজ নাথে আঁতধৰা এই পুৰস্কাৰ প্ৰদান অনুষ্ঠানত বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা কুঞ্জমা বৰদলৈ বৰা, বাণ থিয়েটাৰৰ উপসভাপতি ভৱানন্দ দাস, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী আৰু সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাই  বিজয়ী প্ৰতিযোগীসকলক স্মাৰক আৰু পাৰদৰ্শিতা পত্ৰ প্ৰদান কৰে। বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট, কাৰ্যনিৰ্বাহকৰ সকলো বিষয়ববীয়া আৰু সদস্যৰ লগতে একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সুৰীয়া আৰু সাংগীতিক পৰিৱেশৰ মাজত কালিৰ এই বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে নিশা পৰ্যন্ত মুখৰিত হৈ পৰে বাণ থিয়েটাৰ প্ৰাংগন। আনহাতে এই বাৰ্ষিক অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি পুৱাৰ পৰা আকৌ বাণ থিয়েটাৰ প্ৰাংগনত  অনুষ্ঠিত হয় চিত্ৰকলা প্ৰতিযোগিতা। শতাধিক শিশু- কিশোৰ-কিশোৰী প্ৰতিযোগীৰ ৰং তুলিকাৰ সমাহাৰত নান্দনিক পৰিবেশৰ সৃষ্টি হয় বাণ থিয়েটাৰ প্ৰাংগনত। উল্লেখ্য যে, এই বাৰ্ষিক সাংস্কৃতিক প্ৰতিযোগিতাৰ বিভিন্ন শিতানৰ বিজয়ী প্ৰতিযোগীসকল হ’ল- একক কণ্ঠৰ গীতৰ “ক” শাখাৰ প্ৰতিযোগিতাত প্ৰথম আয়ুস্মিতা দাস, দ্বিতীয় পদ্মজা কাশ্যপ, তৃতীয় মুগ্ধ শইকীয়া আৰু উদগনি বঁটা লাভ কৰে ক্ৰমে, জীয়না নিহি গৌতম, প্ৰাৰ্চি বৰা আৰু ধৃতিস্মিতা মহন্ত। “খ” শাখাত প্ৰথম স্থান লাভ কৰে আয়ুস্মিতা দাস, দ্বিতীয় সিদ্ধাৰ্থ শংকৰ বৰা, তৃতীয় হিমাংশু ভট্ৰৰায় আৰু উদগনি বঁটা লাভ কৰে প্ৰসিদ্ধ শিৱমে। সেইদৰে একক নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে প্ৰিয়া তালুকদাৰ, দ্বিতীয় যুটীয়া ভাবে ক্ৰমে অনুশ্ৰী কুৰ্মী আৰু ধৃতিস্মিতা মহন্তই, তৃতীয় যুটীয়া ভাবে লাভ কৰে ক্ৰমে অধুস্তা অনভি বৰুৱা আৰু সংস্কৃতা সোম বৰুৱাই আৰু উদগনি বঁটা লাভ কৰে ক্ৰমে ডৰথি কেওঁট আৰু ভাৱনা ৰাজখোৱাই। আধুনিক নৃত্য প্ৰতিযোগিতাৰ “ক” শাখাত প্ৰথম স্থান লাভ কৰে ধৃতিস্মিতা মহন্ত, দ্বিতীয় জাগৃতি শইকীয়া, তৃতীয় নৱামী ঘোষ আৰু উদগনি বঁটা লাভ কৰে আয়ুশ্ৰী ভট্টাচাৰ্য্যই। “খ” শাখাত প্ৰথম স্থান লাভ কৰে অনুশ্ৰী কুৰ্মী, দ্বিতীয় কৃষ্টিনা কাকতি, তৃতীয় লিজা তালুকদাৰ আৰু উদগনি বঁটা লাভ কৰে নীলাশ্ৰী হাজৰিকাই। সেইদৰে শাস্ত্ৰীয় কন্ঠ সংগীতৰ “ক” শাখাত প্ৰথম স্থান লাভ কৰে ৰাজীৱ আলী, দ্বিতীয় যুটীয়া ভাবে অৰ্চিত বিশ্ব কণ্ডলী আৰু জীয়না নিহি গৌতম, তৃতীয় যুটীয়া ভাবে তেজশ্বিনী শইকীয়া আৰু অংকিতা দাস আৰু উদগনি বঁটা লাভ কৰে ক্ৰমে ইপতিচাম নৌৰেল আৰু অনুৰাগ বৰদলৈয়ে। “খ” শাখাত প্ৰথম স্থান লাভ কৰে হিমাংশু ভট্ৰৰায়, দ্বিতীয় যুটীয়া ভাবে সিদ্ধাৰ্থ শংকৰ বৰা আৰু আয়ুস্মিতা দাস, তৃতীয় যুটীয়া ভাবে লাভ কৰে ক্ৰমে সালংকৃতা বৰুৱা আৰু উজ্বয়িনী হাজৰিকা আৰু উদগনি বঁটা লাভ কৰে ক্ৰমে ইয়ামী ভট্টাচাৰ্য আৰু মেঘাৰাণী কাশ্যপে। আনহাতে শাস্ত্ৰীয় বাদ্য সংগীতৰ “ভায়লিন” ত প্ৰথম স্থান লাভ কৰে অনন্যা সুতাৰ, দ্বিতীয় কপিলজ্যোতি নাথ, তৃতীয় যুটীয়া ভাবে চিন্ময়ী তামুলী আৰু হৰ্ষিতা বৰাই। “চেতাৰ” ত উদগনি বঁটা লাভ কৰে মন্দিৰা গোস্বামী আৰু “তবলা” ত প্ৰথম স্থান লাভ কৰে অৰ্ণৱ ঘোষ, দ্বিতীয় যুটীয়া ভাবে ৰিয়ান দাস আৰু সপ্তদ্বীপ মজুমদাৰ আৰু তৃতীয় স্থান যুটীয়া ভাবে লাভ কৰে ক্ৰমে ৰিমন কৰ গুপ্তা আৰু পৰশমণি ফুৱেলে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More