তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানৰ সামৰণি 

শাস্ত্ৰীয় - সত্ৰীয়া - সৃজনশীল নৃত্য - গীতৰ দৃষ্টিনন্দন অনুষ্ঠানেৰে জীপাল হ'ল বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহ 

0 47
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৬ জুন: তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ শীৰ্ষ গীত, বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ শীৰ্ষ গীত, সমূহীয়া সত্ৰীয়া নৃত্য, সমূহীয়া চেতাৰ বাদন, সমবেত শাস্ত্ৰীয় কন্ঠ সংগীত, সমবেত গীটাৰ বাদন, আকৰ্ষণীয় ভাৰত নাট্যম নৃত্য, সমূহীয়া তবলা বাদন, সমবেত ভায়লিন বাদন, সমবেত সৃজনশীল নৃত্য, মনোৰম নৃত্য নাটিকা আৰু মহিলাৰ দলীয় বিহু নৃত্যৰে কালি সন্ধিয়াৰ পৰা নিশালৈকে  মুখৰিত হৈ পৰিল বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহ। ইয়াৰ মাজতে আকৌ ৰাজ্যখনৰ বিশিষ্ট সংগীত শিল্পী তথা প্ৰখ্যাত একৰডিয়ান বাদক অনুপম চৌধুৰীয়ে  কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত একৰডিয়ানৰ সুৰ তুলি মন্ত্ৰমুগ্ধ কৰি তুলিলে কেবাশতাধিক দৰ্শকক। উল্লেখ্য যে, বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান উপলক্ষে দুদিনীয়াকৈ আয়োজন কৰা সুৰীয়া আৰু সাংগীতিক অনুষ্ঠানৰ কালি অন্তিম দিনটোৰ মূল সাংস্কৃতিক অনুষ্ঠান বাণ থিয়েটাৰৰ শীৰ্ষ গীতেৰে আৰম্ভ হোৱাৰ সময়ত সকলোৱে আসনৰ পৰা থিয় হৈ জাতীয় অনুষ্ঠান বাণ থিয়েটাৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। অনাতাঁৰ শিল্পী অনামিকা বৰদলৈয়ে আঁত ধৰা সেই মনোৰম অনুষ্ঠানটি আৰম্ভ হয় বিশিষ্ট গীতিকাৰ বংকিম শৰ্মা ৰচিত আৰু মনোজ নাথ সুৰাৰোপিত লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ শীৰ্ষ গীতেৰে। অভিলেখ সংখ্যক দৰ্শক-শ্ৰোতাৰ উপস্থিতিত  সুৰীয়া তথা সাংগীতিক অনুষ্ঠানটি বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা কুঞ্জমা বৰদলৈ বৰা, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, বাণ থিয়েটাৰৰ সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা আৰু সংগীতৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক তথা বাণ থিয়েটাৰৰ আজীৱন সদস্য পৃথ্বিৰাজ ৰাভাই। কন্ঠশিল্পী তথা অভিনেতা পৃথ্বিৰাজ ৰাভাই ভাষণ প্ৰসংগত শিক্ষাৰ্থীসকলক সংগীতৰ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছতহে প্ৰদৰ্শনমূলক অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে শুদ্ধ শৈলীৰে শাস্ত্ৰীয় সংগীত আয়ত্ব কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সংগীত মহাবিদ্যালয়খনৰ সকলো বিভাগৰ শিক্ষাৰ্থীসকলক আশীৰ্বাদ আৰু শুভেচ্ছা জ্ঞাপন কৰি বিধায়ক গৰাকীয়ে ভাষণ প্ৰসংগত বাণ থিয়েটাৰৰ মজিয়াৰ পৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ IMG 20220606 WA0058আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মাৰ সাংস্কৃতিক যাত্ৰাৰ কেনে সাধনাৰ জৰিয়তে উত্তৰণ ঘটিছিল তাৰ বহু অজান দিশ উপস্থিত শিক্ষাৰ্থীসকলক অৱগত কৰে। উল্লেখ্য যে সংগীত শিল্পী যোগেন হাজৰিকা, মনোজ নাথ, মৃদুল দাস আদিৰ জৰিয়তে কালিৰ এই মনোৰম নিশাটিত বিশিষ্ট নৃত্যশিল্পী ড০ প্ৰতিভা শৰ্মা পৰিচালিত সমূহীয়া সত্ৰীয়া নৃত্যৰ অনুষ্ঠানৰ লগতে অধ্যক্ষা কুঞ্জমা বৰদলৈ বৰা, তৰালী বৰা আৰু প্ৰীতম নাথ পৰিচালিত শাস্ত্ৰীয় কন্ঠ সংগীতৰ  অনুষ্ঠান, পাপৰি দাস পৰিচালিত সমবেত চেতাৰ বাদনৰ অনুষ্ঠান, সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা পৰিচালিত সমবেত গীটাৰ বাদন অনুষ্ঠান, অনুস্মিতা পাল আৰু কাবেৰী ঘোষ পৰিচালিত ভাৰত নাট্যমৰ অনুষ্ঠান, জয়ন্ত খনিকৰ পৰিচালিত সমবেত তবলা বাদনৰ অনুষ্ঠান, অৰুণা বৰা আৰু হেমধৰ দাস পৰিচালিত সমূহীয়া ভায়লিন বাদনৰ অনুষ্ঠান, ড০ প্ৰতিভা শৰ্মা পৰিচালিত সমূহীয়া সৃজনশীল নৃত্য আৰু শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ সমূহীয়া বিহু নৃত্যৰে প্ৰাণ চাঞ্চল্যতাৰ মাজত বুৰ গ’ল বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহৰ কেবা শতাধিক দৰ্শক। আনহাতে কালিৰ এই দৃষ্টিনন্দন অনুষ্ঠানটিত সংগীত শিল্পী মনোজ নাথ পৰিচালিত “কানাই” শীৰ্ষক নৃত্য নাটিকাইও দৰ্শকক মুগ্ধ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More