তেজপুৰৰ কৌশিকপুৰত ভোগালীৰ উলাহ

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জানুৱাৰী: তেজপুৰৰ দপৰ্বতীয়াৰ কৌশিকপুৰৰ ৰাইজে এইবাৰ নিৰ্মান কৰিছে ঐতিহাসিক দপৰ্বতীয়াতে থকা গুপ্তযুগৰ এক ঐতিহাসিক সমল শৈলদ্বাৰৰ আৰ্হিৰ এক দৃষ্টিনন্দন বিহুঘৰ৷ উল্লেখযোগ্য যে,সম্প্ৰতি পৰম্পৰাগত বিহুঘৰৰ বিপৰীতে ভিন্ন তথা বিভিন্ন ঐতিহাসিক সমলৰ ৰূপদি বিহুঘৰ নিৰ্মাণ আৰু ইয়াৰে অগ্নিপূজা কৰাকলৈ চৰ্চা তথা সমালোচনাও হোৱাৰ বিপৰীতে কৌশিকপূৰৰ ৰাইজে এনে বিহুঘৰ নিৰ্মাণ কৰিলেও যথেষ্ট সতৰ্কতা অৱলম্বন কৰি আহিছে৷ উল্লেখযোগ্য যে,বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ১৯৭১ত আৰম্ভ কৰা কৌশিকপুৰ ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী উপলক্ষে এইবাৰ কাতিবিহুও ৰাজহুৱা ভাবে উদযাপন কৰাৰ পাছত এইবাৰ উলহ-মালহেৰে ভোগালী বিহু উদ্যাপনৰ বাবে প্ৰস্তুতি চলাইছে। এই সোণালী জয়ন্তীৰ অংশ স্বৰূপে বিহু সন্মিলনখনিয়ে ভোগালী বিহুৰ উৰুকাৰ ভোজৰ আয়োজন কৰাৰ লগতে দ-পৰ্বতীয়াৰ শৈলদ্বাৰৰ আৰ্হিত নিৰ্মাণ কৰা ভেলাঘৰটিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। উৰুকাৰ ভোজ আৰু ভেলাঘৰ নিৰ্মাণৰ বাবে ৰাজহুৱা শ্ৰমদানত স্হানীয় পুৰুষ-মহিলা ,কিশোৰ- কিশোৰী সমবেত হৈ নৰাকটা,বাঁহ কটাৰ লগতে দৃষ্টিনন্দন বিহুঘৰ সাজি তথা বিহু গীত নৃত্যৰে বিহুতলি মুখৰিত কৰে৷ যুৱক সকলে ভেলাঘৰ নিৰ্মাণ, খৰি গোটোৱা আদি কামত ব্যস্ত হোৱাৰ লগতে মহিলাসকল ব্যস্ত হৈছে পিঠাপনা প্ৰস্তুত৷এক কৃষিপ্ৰধান ঐতিহাসিক অঞ্চল দপৰ্বতীয়াৰ এই কৌশিকপুৰৰ ভোগালী বিহুত এইবাৰ উৰুকাৰ ভোজ খাব সহস্ৰাধিক লোকে৷জ্যেষ্ঠজনৰ পৰা কণিষ্ঠ জনলৈ ইয়াত সম্প্ৰতি ভোগালীৰ উছাহত বুৰ যোৱাৰ বিষয়ে প্ৰকাশ কৰি এই ভোগালী উদযাপন সমিতিৰ সভাপতি শোভন বৰাই কয় যে, ঐতিহাসিক শৈলদ্বাৰৰ আৰ্হিত বিহুঘৰ নিৰ্মাণ কৰা হ’লেও ৰন্ধা বঢ়াৰ বাবে পৃথকে আন এটা ঘৰো নিৰ্মাণ কৰা হৈছে৷তদুপৰি পূৰ্বেও এনে দৃষ্টিনন্দন বিহুঘৰ পোনপটীয়াকৈ দাহ কৰা নহয়৷ তেওঁ কয় যে,নিজৰ এনে ঐতিহাসিক আৰ্হিত অগ্নিসংযোগ নকৰাৰ ক্ষেত্ৰত ৰাইজ অতি সতৰ্ক৷সেয়ে ভোগালীৰ ভোজৰ পাছত তথা অগ্নিপূজনৰ পূৰ্বে এনে বিহুঘৰ খুলি পেলোৱা হয়৷ ইয়াৰ পাছত পৰম্পৰাগতভাবে অগ্নিপূজা কৰি পৃথক ভাবেহে ভেলাঘৰ তথা মেজি দাহ কৰা হয়৷সম্প্ৰতি,এই দৃষ্টিনন্দন বিহুঘৰে ৰাইজক আকৰ্ষণ কৰাৰ লগতে স্হানীয় ৰাইজে ভোগালীৰ উৰুকাৰ ব্যাপক আয়োজনত ব্যস্ত হৈ পৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More