তেজপুৰৰ গটঙাৰ এটা বিধ্বস্ত পথ

দীৰ্ঘদিনে নিৰ্মাণ নোহোৱাত সমস্যাৰ সন্মুখীন ৰাইজ

0 39

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২০ এপ্ৰিলঃ ৰাজ্যৰ সকলোক্ষেত্ৰতেই উন্নয়ন হোৱাৰ বিজ্ঞাপনৰ বিপৰীতে ৰাজ্যত এনে বহু অঞ্চল আছে য’ত বহুল প্ৰচাৰিত উন্নয়নৰ সামান্যতম প্ৰভাৱো পৰা নাই৷তেজপুৰ বিধান সভা সমষ্টি অন্তৰ্গত তথা চহৰৰ কাষৰে গটঙা অঞ্চলৰ এটা পথৰ দূৰৱস্হাই উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দিছে৷অঞ্চলটোৰ ডেকাৰগাঁও তামুলিজান পথ আৰু মিছন চাৰিআলি বাইপাছ পথৰ দীৰ্ঘদিনীয়া দূৰৱস্হাৰ বিপৰীতে আজিলৈকে ইয়াৰ নিৰ্মাণৰ কোনো ব্যৱস্থা কৰা নহ’ল৷উল্লেখযোগ্য যে,বৰ্তমান লোকনিৰ্মান বিভাগৰ অধীনস্থ পথটো পূৰ্বে পঞ্চায়তৰ অধীনৰ এক পথ আছিল বুলি স্হানীয় লোকে সদৰি কৰি কয় যে,ঢেকিয়াজুলি সংযোগী ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰে গটঙালৈ প্ৰৱেশ কৰা তথা শুক্লেশ্বৰ দেৱালয় আৰু কেন্দুগুৰি থান সংযোগী তথা পটিয়াচুবুৰী,বৰুৱাচুবুৰী আৰু ডেকাৰগাঁও ৰে’ল ষ্টেচন সংযোগী পথৰ বৃহৎ অংশই তাহানিৰ পৰাই জৰাজীৰ্ণ অৱস্থাতে পৰি আছে৷বালিপুখুৰী পঞ্চায়ত আৰু বালিপৰা উন্নয়নখণ্ড অধীনস্থ এই পথটোৰ নিৰ্মানৰ বাবে পূৰ্বে ধন আৱন্তন হোৱাৰ পাছত সেই ধন একাংশই আত্মসাত কৰা বুলিও অভিযোগ কৰি লগতে কয় যে,এনে অনিয়মৰ অভিযোগৰ ক্ষেত্ৰত কোনো তদন্তই পূৰ্বে নহ’ল আৰু সেয়ে পথটো এনেদৰেই জৰাজীৰ্ণ ৰূপত পৰি থাকিল৷এখন এম্বোলেঞ্চ প্ৰৱেশ কৰাৰ ক্ষেত্ৰতো সমস্যাৰ উদ্ভৱ হোৱা চহৰৰ কাষৰীয়া অঞ্চলটোৰ এনে দূৰৱস্হাৰ বিষয়ে স্হানীয় বিধায়ক তথা সাংসদেও গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷উল্লেখযোগ্য যে,তেজপুৰৰ এক পুৰণা অঞ্চল গটঙাৰ মূল পথৰ সন্মুখতে ৰাষ্ট্ৰীয় পথৰ কাষত পানী জমা হৈ থাকে৷ইয়াত পূৰ্বে এটা কালভাৰ্ট আছিল য’দিও বৰ্তমান সেইটো নথকাৰ লগতে হোলা পথাৰ পুতি ইয়াত গৃহ,ব্যৱসায়ীক প্ৰতিষ্ঠান আদি নিৰ্মাণ কৰা হ’ল৷তদুপৰি চৰকাৰীভূমিত বেদখল চলা বুলিও অভিযোগ উথাৰ উপৰি পানী বৈ যাব পৰা ব্যৱস্থা বন্ধ হৈ পৰাত পকী পথচোৱাৰ সন্মূখৰ অংশ এক আঠু পানীত ডুবি থাকে৷ইপিনে কেন্দুগুৰি থান সংযোগী পথৰ সমীপৰ পৰা বাকী অংশ পথ বাৰিষা যাতায়তৰ বাবে একেবাৰেই অনুপযোগী হৈ পৰাৰ লগতে খৰালীও ইয়াত যাতায়ত কৰা যথেষ্ট কষ্টকৰ হৈ পৰে৷উল্লেখযোগ্য যে,সম্প্ৰতি এই পথচোৱা লোকনিৰ্মান বিভাগৰ অধীনস্হ বুলি প্ৰকাশ কৰি স্হানীয় আন একাংশই প্ৰকাশ কৰে যে,এই পথটোৰ নিৰ্মাণ হ’ব বুলি বিভাগীয় সূত্ৰে একাংশ স্হানীয় লোকে জানিব পাৰিছিল য’দিও মুৰকত সেয়াও ফুটুকাৰ ফেনতহে পৰিণত হয়৷বৰ্তমান বাৰিষা এইচোৱা পথৰে খোজকাঢ়িও অহাযোৱা কৰিব নোৱৰা এক পৰিস্থিতিৰ উদ্ভৱ হয়৷কিন্তু তাহানিৰ পৰাই একেই জৰাজীৰ্ণ অৱস্থাতে থকা পথটোৰ নিৰ্মাণৰ নামত উন্নয়নখণ্ড নতুবা লোকনিৰ্মান বিভাগে কোনো ব্যৱস্থাই গ্ৰহণ নকৰাত ৰাইজে হাৰাশাস্তি ভোগ কৰিবলগীয়া হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ বহুসংখ্যক লোকে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More