তেজপুৰৰ চিপী ভেংৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈয়ো সন্দেহ

অভিযুক্ত আৰক্ষী দম্পতী সুৰক্ষিত :চিপীৰ মৃতদেহৰ ক্ষতস্থান দেখি শিয়ৰি উঠিছিল কাৰ্যবাহী দণ্ডাধীশ

0 51

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩আগষ্ট: তেজপুৰ নপামৰ চিপী ভেংৰা নামৰ বনকৰা কিশোৰীগৰাকীৰ মৃত্যু ৰহস্য উদ্ঘাটনৰ তদন্তই গতি লাভ কৰিব বুলি আশা কৰা হৈছে বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঢেকিয়াজুলিৰ এগৰাকী কিশোৰীৰ হত্যাৰ অভিযোগ সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৰ পাছতে দৰং জিলাত ঢেকিয়াজুলিৰ বনকৰা কিশোৰী গৰাকীৰ মৃত্যুৰ ক্ষেত্ৰত আৰক্ষীয়ে যি সন্দেহজনক ভূমিকা গ্ৰহণ কৰিছিল,একেদৰে তেজপুৰৰ বনকৰা কিশোৰী চিপিৰ মৃত্যুৰ ঘটনাৰে জড়িত থকাৰ অভিযোগ উঠিছিল স্বয়ং আৰক্ষী বিভাগতে কৰ্মৰত দুই পতি-পত্নীৰ বিৰুদ্ধে৷ যোৱা পাঁচ ছেপ্টেম্বৰতেই এইগৰাকী আদিবাসী কিশোৰী চিপী ভেংৰাই এক অতি যন্ত্ৰণাদায়ক মৃত্যুক সাৱতিব লগীয়া হৈছিল যদিও আজিলৈকে এই ঘটনাৰ তদন্ত আগনাবাঢ়িল৷ তেজপুৰ সদৰ আৰক্ষী থানাত পঞ্জীয়নভুক্ত গোচৰৰ ফাইল ইমান দিনে জাপ খাই পৰি আছে৷ আনকি বৰ্তমান এই ঘটনাৰ তদন্তৰ দায়িত্বত থকা আৰক্ষী বিষয়া গৰাকী আছে ছুটীত৷ উল্লেখযোগ্য যে,অসম আৰক্ষীৰে কনিষ্টবল দম্পতী অনুৰূপা শইকীয়া(জোন) আৰু ৰাজীৱ বৰাৰ ঘৰত ঘৰুৱা বন কৰিবলৈ নিয়া হৈছিল তেজপুৰৰ চিপীক ৷ দীঘলীয়া সময় চিপী আছিল দেৰগাঁৱত কৰ্মৰত অনুৰূপা নামৰ কনিষ্টবল গৰাকীৰ স’তে আৰু অনুৰূপাৰ স্বামী ৰাজীৱ বৰা কৰ্মৰত আছিল তেজপুৰত৷ তিনি ছেপ্টেম্বৰত কিশোৰী চিপীক মুমূৰ্ষু অৱস্থাত এই আৰক্ষী দম্পতীয়ে গটাই দিছিল চিপীৰ পৰিয়ালক৷ পাছত যোৱা পাঁচ ছেপ্টেম্বৰত কিশোৰী চিপী ভেংৰাৰ মৃত্যু ঘটাক কেন্দ্ৰ কৰি তেজপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ উল্লেখযোগ্য যে আকস্মিক ভাবে শাৰিৰীক অসুস্থতাৰ অজুহাতত পিতৃ-মাতৃক গতাই দিয়া চিপীৰ শৰীৰত অকথ্য নিৰ্যাতনৰ চিহ্ন স্পষ্ট আছিল৷ কঁকাল পিঠি মূৰ আৰু ভৰিত গভীৰ আঘাতৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত কিশোৰী গৰাকীৰ মৃত্যু ঘটাৰ পাছত চিপীৰ শৰীৰত দেখা পোৱা গভীৰ আৰু লোমহৰ্ষক আঘাত দেখি হতবাক হৈ পৰাই নহয়, আনকি কিশোৰীগৰাকীৰ শৰীৰত থকা আঘাতৰ বৰ্ণনাও দিছিল সেই সময়ত কনকলতা অসামৰিক চিকিৎসালয়ত উপস্থিত থকা কাৰ্যবাহী দণ্ডাধীশেও৷ এই ঘটনা সন্দৰ্ভত আটছা আৰু আছাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ উপৰি আমছুৰ নপাম আঞ্চলিকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ঘটনাৰ উচিত তদন্ত দাবী কৰি এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰিছিল৷ অভিযোগ উঠিছিল যে, বিভিন্ন অত্যাচাৰ আৰু নিৰ্যাতনৰ সন্মুখীন হোৱা চিপীক আৰক্ষী দম্পতীয়ে এখন বাহনৰে আনি চিপিক নপামৰ বাসগৃহৰ সন্মুখত পেলাইহে গৈছিলহি৷ স্মাৰকপত্ৰৰ প্ৰতিলিপি শোণিতপুৰৰ তদানীন্তন উপায়ুক্ত আৰু তদানীন্তন আৰক্ষী অধীক্ষকৰ লগতে গোলাঘাটৰ তদানীন্তন আৰক্ষী অধীক্ষককো প্ৰদান কৰিছিল৷ কিন্তু আমছুৰ দাবী আজিলৈকে দাবী হৈয়েই থাকিল৷ ইপিনে আটছা আৰু আছাই সেইসময়ত কৰা অভিযোগ অনুসৰি, কিশোৰী চিপী ভেংৰাৰ ৰহস্যজনক মৃত্যু প্ৰকৃততে এক পাশৱিক হত্যাকাণ্ডহে৷ উল্লেখযোগ্য যে,মৰণোত্তৰ পৰীক্ষাৰ সময়ত উপস্থিত থকা কাৰ্যবাহী দণ্ডাধীশে পাঁচ ছেপ্টেম্বৰত কিশোৰী গৰাকীৰ মৃতদেহৰ এখন ভৰি ভঙাৰ লগতে কঁকালত গুৰুতৰ আঘাতৰ চিহ্ন থকা বুলি কৈছিল৷ তদুপৰি মৃতদেহৰ পিছঅংশটো ক্ষত বিক্ষত হৈ আছিল৷ পিঠিত চিগাৰেটৰে পোৰা দাগ আছিল৷ আনহাতে,চিপীৰ আত্মীয়ই অভিযোগ কৰে যে সুদীৰ্ঘকাল তেওঁলোকক নিজ কন্যাৰ স’তে যোগাযোগ কৰিবলৈ দিয়া নাছিল অভিযুক্ত আৰক্ষী দম্পতীয়ে৷ হঠাৎ কিশোৰী চিপীক মৃত্যুমুখী অৱস্থাত উভটাই পঠোৱা এই দম্পতীয়ে আনকি তাৰপিছতো কোনো খবৰ কৰা নাই বুলি কয় দুৰ্ভগীয়া পৰিয়ালটোৱে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কিশোৰী চিপীৰ ককায়েক জুলুচ ভেংৰাই তেজপুৰ সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১৮৮৮/২০২১ নম্বৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও অভিযুক্ত দম্পতীক বিচাৰি যোৱা আৰক্ষীয়ে তেওঁলোকক পোৱা নাই বুলিয়েই সেই সময়ত প্ৰকাশ কৰিছিল৷ শোকাৱহভাবে মৃত্যু হোৱা চিপী এটা অতিশয় দৰিদ্ৰ পৰিয়ালৰ কিশোৰী হোৱাৰ বাবে আৰু অভিযুক্তদ্বয় আৰক্ষী বিভাগৰে কৰ্মচাৰী হোৱাৰ বাবেই তদন্ত লেহেমীয়া হৈছে নেকি বুলি প্ৰশ্ন উত্থাপিত হোৱাৰ বিপৰীতে আজিলৈকে হত্যাৰ অভিযোগত অভিযুক্তদ্বয়ৰ কাষেই চাপিব নোৱৰা তেজপুৰ আৰক্ষীৰ ভূমিকাও কিন্তু কম সন্দেহজনক নহয়৷ অভিযুক্ত দুই আৰক্ষী কনিষ্টবলৰ ক্ষেত্ৰত চিপী ভেংৰাৰ মৃত্যুৰ তদন্তকাৰী আৰক্ষীৰ ভূমিকাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে কালি ঢেকিয়াজুলিৰ কিশোৰী গৰাকীৰ মৃত্যুৰ বিপৰীতে দৰং আৰক্ষীৰ শীৰ্ষ বিষয়া সহ তিনিজন আৰক্ষী বিষয়াক নিলম্বনৰ নিৰ্দেশ দিয়াৰ পাছত ইমান দিনে মাত্ৰ সংবাদ মাধ্যমৰহে এক বিষয় হৈ থকা তেজপুৰৰ কিশোৰী চিপীৰ হত্যাৰ অভিযোগৰ তদন্তই এক গতি লাভ কৰিব বুলি চিপীৰ শোকগ্ৰস্ত আত্মীয়ই আশা কৰি আছে৷ কিন্তু অতি দৰিদ্ৰ পৰিয়ালটোৱে ইতিমধ্যে নপামত থকা তেওঁলোকৰ ভেটি মাটি বিক্ৰী কৰি আন ঠাইলৈ উঠি গৈছে৷ পিতৃ চানিকা ভেংৰাৰ শাৰীৰিক অৱস্থাও শোচনীয়৷ এনে অৱস্থাত একাংশ সংগঠনৰ নেতাৰ কথাই ভৰষা হোৱা এই পৰিয়ালটো তথা চবুৰীয়াই জানে যে,চিপী ভেংৰাৰ মৃত্যুৰ তদন্ত অতি জোৰদাৰ ৰূপত চলি আছে, যিটো মুঠেও সত্য নহয়৷ এনে অৱস্থাত কিশোৰী চিপীৰ অকাল আৰু যন্ত্ৰণাদায়ক মৃত্যুৰ প্ৰকৃত কাৰণ উন্মোচিত হ’বনে?

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More