তেজপুৰৰ চৰকাৰী প্ৰসূতি চিকিৎসালয়ত নৱজাতকৰ মৃত্যুঃচিকিৎসাত অৱহেলাৰ অভিযোগ

0 34

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৬জানুৱাৰীঃ তেজপুৰ পৰোৱাস্হিত মাতৃ আৰু সিশু স্বাস্থ্য চিকিৎসালয়ত আজি পুৱা এক নৱজাতকৰ মৃত্যুক কেন্দ্ৰকৰি চৰকাৰী চিকিৎসালয়খনত একাংশ চিকিৎসাকৰ্মীৰ দায়িত্ব পালনত চৰম গাফিলতিৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে,তেজপুৰৰ জয়মতী পথাৰৰ সমীপৰ ৰবীনা চৌধুৰী নামৰ প্ৰসূতী গৰাকীক কালি দিনৰ প্ৰায় ১১বজাত ভৰ্তি কৰা হৈছিল এই চিকিৎসালয়খনত৷এসপ্তাহ পূৰ্বে তেওঁ প্ৰসৱজনিত সমস্যাত ভোগাত ইয়ালৈ অনা হৈছিল যদিও প্ৰয়োজনীয় পৰীক্ষাৰ পাছত চিকিৎসকৰ পৰামৰ্শ অনুসৰিয়েই তেওঁ ঘৰলৈ নিয়া হৈছিল৷ কালি ভৰ্তি হোৱাৰ পাছত বিয়লি তিনিবজাত বিভাগীয় চিকিৎসকে সকলো ঠিকেই আছে বুলি প্ৰসূতীগৰাকীৰ আত্মীয়ক কয়৷উল্লেখযোগ্য যে,সেই সময়ত প্ৰসূতীৰ ৰক্তক্ষৰণ হৈ আছিল আৰু ভট্টাচাৰ্য উপাধিৰ বুলি প্ৰসূতীৰ আত্মীয়ই প্ৰকাশ কৰা চিকিৎসকে সেয়া স্বাভাৱিক বুলি কয়৷কিন্তু নিশা প্ৰসূতীৰ যন্ত্ৰণা বৃদ্ধি পোৱাত একেজন চিকিৎসকে প্ৰসূতী চৌধুৰীক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্হানান্তৰ পৰামৰ্শ আগবঢ়াই৷কিন্তু নিশা যন্ত্ৰণাত চটফটাই থকা প্ৰসূতীগৰাকীক স্হানান্তৰ কৰিব পৰা নগ’ল৷ অভিযোগ অনুসৰি,নিশা প্ৰসূতীগৰাকীক চাবলৈ মাতি থকা সত্বেও এগৰাকী ধাত্ৰীও নাহিল৷ পৰিণতিত আজি পুৱা তেওঁ এটি মৃত নৱজাতক প্ৰসৱ কৰে৷ নিশালৈকে গৰ্ভস্থ সন্তান সক্ৰিয় হৈ থকাৰ পাছত এনে শোকাবহ পৰিণতিৰ কাৰণ একমাত্ৰ চৰকাৰী চিকিৎসালয়খনৰ চিকিৎসক আৰু নাৰ্ছৰ অৱহেলা বুলি অভিযোগ কৰি প্ৰসূতীগৰাকীৰ আত্মীয়ই ইয়াত এটা বেজীৰ বিপৰীতে তথা আশাকৰ্মীৰ নামত ধন দাবী কৰা বুলিও অভিযোগ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More