তেজপুৰৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ত অনিয়মীয়া উপস্থিতি

0 27
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২জুনঃ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ তৃতীয় তথা চতুৰ্থ শ্ৰেণীকে ধৰি মুঠ ২৬ হাজাৰ ৪৪১টা পদত প্ৰত্যক্ষ নিযুক্তিৰ বাবে আবেদন আহ্বান জনোৱাৰ লগে লগে নিবনুৱাৰে ভৰি থকা ৰাজ্যখনৰ বহু সংখ্যক নিবনুৱাৰ মনত আশাৰ সঞ্চাৰ হৈছে।শেহতীয়াকৈ এই প্ৰ-পত্ৰ দাখিলৰ সময় পূৰ্বৰ নিৰ্ধাৰিত তাৰিখৰ বিপৰীতে এসপ্তাহ বৃদ্ধি কৰাৰ লগতে চৰকাৰে শনি আৰু দেওবাৰেও নিয়োগ বিনিময় কেন্দ্ৰ সমূহ খোলা ৰখাৰ ব্যৱস্থা কৰিছে।উল্লেখযোগ্য যে, বৃহৎ সংখ্যক প্ৰ-পত্ৰ দাখিলৰ এই অনলাইন প্ৰক্ৰিয়াত মাজে মাজে চাৰ্ভাৰ ডাউন হোৱাত এক সমস্যাৰ উদ্ভৱ হোৱাৰ লগতে আধাৰ কাৰ্ডৰো এক সমস্যাৰ সন্মূখীন হৈছে বহু সংখ্যক আবেদন প্ৰত্যাশী।উল্লেখযোগ্য যে,আধাৰহীনসকলৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক বিকল্প হিচাপে গ্ৰহণৰ ব্যৱস্থা থাকিলেও যিসকলে আধাৰৰ বাবে আবেদন জনোৱাৰ পাছতো কোনো কাৰণত তেওঁলোকে আধাৰ কাৰ্ড লাভ কৰা নাই, সেইসকল বৰ্তমান সমস্যাত পৰিছে এই নিয়োগৰ প্ৰ-পত্ৰ দাখিলৰ ক্ষেত্ৰত।এইসকলে তেওঁলোকৰ আবেদন কেনেদৰে দাখিল কৰিব তাকে লৈ বিবুধিত পৰাৰ উপৰি নিয়োগ বিনিময় কেন্দ্ৰটো ইয়াৰ কোনো উত্তৰ নাই।উল্লেখযোগ্য যে,শোণিতপুৰৰ তেজপুৰস্থিত নিয়োগ বিনিময় কেন্দ্ৰৰ সহকাৰী সঞ্চালকজনৰ বিৰুদ্ধেও কাৰ্যালয়ত অধিকাংশ সময় উপস্থিত নথকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।উল্লেখযোগ্য যে,সম্প্ৰতি শনি আৰু দেওবাৰেও জিলা নিয়োগ বিনিময় কেন্দ্ৰ খোলাৰ চৰকাৰী নিৰ্দেশৰ পাছতো যোৱা শনি আৰু দেওবাৰে এইগৰাকী বিষয়া কাৰ্যালয়ত উপস্থিত নাছিল।সপ্তাহৰ দুটামান দিনহে কাৰ্যালয়লৈ আহি বাকী দিন গুৱাহাটীত অতিবাহিত কৰা শোণিতপুৰৰ নিয়োগ বিনিময় কেন্দ্ৰৰ সহকাৰী সঞ্চালকজনৰ এনে অনিয়মীয়া উপস্থিতিৰ সন্দৰ্ভত ইয়াৰ পূৰ্বেও তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ ওচৰত অভিযোগ দিয়া হৈছিল যদিও পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহ’ল।এনে অৱস্থাত বিপাঙত পৰা আবেদন দাখিলৰ প্ৰত্যাশীসকলে তেওঁলোকৰ সমস্যাৰ সমাধান কাৰ পৰা লাভ কৰিব সেইলৈ প্ৰশ্ন উত্থাপিত হোৱাৰ উপৰি বিষয়টোৰ ক্ষেত্ৰত চৰকাৰেও এক পৃথক নিৰ্দেশনা জাৰি কৰাৰ আহ্বান জনাইছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More