তেজপুৰৰ ডাইমেনচন একাডেমিত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা হিন্দী গীতৰ তালত ছাত্ৰ-ছাত্ৰীৰ উদ্দাম নৃত্যঃ প্ৰতিক্ৰিয়া

কৰ্তৃপক্ষৰ মতে এয়া তিথিৰ সমাপ্তিৰ পাছৰ ঘটনা

0 34

শতাব্দ  প্ৰতিনিধি তেজপুৰ,৩০আগষ্ট: তেজপুৰৰ ডাইমেনচন একাডেমী নামৰ বেচৰকাৰী শিক্ষানুষ্ঠানখনত কালি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনটোত একাংশ ছাত্ৰ-ছাত্ৰীয়ে হিন্দী গীতৰ তালত কৰা উদ্দাম নৃত্যৰ দৃশ্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে,বিগত সময়চোৱাত শৈক্ষিক ফলাফলৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰা তেজপুৰৰ নিকটৱৰ্তী মাজগাঁৱত থকা শিক্ষানুষ্ঠানখনত কালি একাংশ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সংঘটিত এনে অমাৰ্জিত আচৰণকলৈ তেজপুৰতো বিভিন্নজনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ হিন্দী গীতৰ তালত একাংশ ছাত্ৰ-ছাত্ৰীৰ উদ্দাম নৃত্যৰ দৃশ্যাংশ আৰু ইয়াকে লৈ ৰাজ্য জুৰি সৃষ্ট ব্যাপক প্ৰতিক্ৰিয়াৰ বিপৰীতে ডাইমেনচন একাডেমী কৰ্তৃপক্ষই এই ঘটনাৰ শংকৰদেৱৰ তিথিৰ স’তে কোনো ধৰণৰ সম্পৰ্ক নাই বুলি দাবী কৰিছে৷ আজি শিক্ষানুষ্ঠানৰ অধ্যক্ষ ড° খৰ্গেশ্বৰ বৰকাকতিয়ে এই বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে,পূৰ্বৰ দৰেই ডাইমেনচন একাডেমিত যথা বিহিত ভাবে মহাপুৰুষজনাৰ তিথি অনুষ্ঠিত হৈ যায়৷ সম্পূৰ্ণ পৰম্পৰা অনুসৰি তিথি পালন আৰু সমাপ্তিৰ পাছত একাংশ ছাত্ৰ-ছাত্ৰী চাফচিকুনৰ বাবে থাকে আৰু পাছত তেওঁলোকেই এইদৰে নৃত্য কৰে৷ তদুপৰি,অধ্যক্ষজনে এই ঘটনাক ষড়যন্ত্ৰমূলক বুলিও আখ্যা দিয়ে৷ অধ্যক্ষজনৰ এনে ভাষ্যৰ বিপৰীতে স্হানীয় বহু সংখ্যক ক্ষুব্ধ লোকে এই ঘটনা শিক্ষানুষ্ঠানখনৰ আভ্যন্তৰীণ প্ৰশাসনিক ব্যৰ্থতা বুলি অভিহিত কৰিছে৷ তেওঁলোকে কয় যে,যদিহে তিথি যথাসময়ত নিয়ম অনুসৰি সমাপ্ত হৈছিল তেনেহলে শিক্ষানুষ্ঠানখন বন্ধ নোহোৱা পৰ্যন্ত দায়িত্বশীল কৰ্তৃপক্ষৰ প্ৰতিনিধিৰ উপস্থিতি আৱশ্যক আছিল৷ কিন্তু ইয়াৰ বিপৰীতে একাংশ ছাত্ৰ-ছাত্ৰীক তেনেদৰে শিক্ষানুষ্ঠানৰ ভিতৰত এৰি দি এক বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ কৰিবলৈ দিয়াটোক সহজভাবে ল’ব পৰা নাযায় বুলি মন্তব্য কৰিছে ঘটনাটোকলৈ ক্ষুব্ধ লোকে৷ আজি এই ঘটনা সন্দৰ্ভত শিক্ষানুষ্ঠানখনত আছুুৰ স্হানীয় বিষয় ববীয়াই উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু তেওঁ লোকেও ইয়াত মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি যথাবিহিত ভাবে সমাপ্ত হোৱাৰ পাছতহে এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰি লগতে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে৷ আছুৰ বিষয়ববীয়া সকলে ভৱিষ্যত যাতে শিক্ষানুষ্ঠানখনত এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবেও সতৰ্ক কৰি দিয়ে৷ উল্লেখযোগ্য যে,কালিৰ ঘটনাক লৈ ৰাজ্যৰ বহুসংখ্যক লোকে সামাজিক মাধ্যমত শিক্ষানুষ্ঠানখনত সংঘটিত এই ঘটনাৰ তীব্ৰ সমালোচনা কৰাৰ বিপৰীতে শিক্ষানুষ্ঠান কৰ্তৃপক্ষও এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে যদিও এইপৰ্যন্ত এইক্ষেত্ৰত কোনো তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ ইপিনে, এই ঘটনাক গৰিহণা দিছে শ্ৰী শ্ৰী নিকামুল সত্ৰৰ বুঢ়া ভকত পীতাম্বৰ বৰাই।তেওঁ এই কাৰ্যক অতি গৰ্হিত বুলি আখ্যা দি এনে ঘটনাৰে জড়িত সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও কয়৷ আনহাতে,এই ঘটনাকলৈ শিক্ষানুষ্ঠান কৰ্তৃপক্ষই দোষ স্বীকাৰ কৰি ক্ষমা নিবিচাৰিলে শিক্ষানুষ্ঠান খনত তলা লগাই দিয়া হ’ব বুলি ঘোষণা কৰে জাতীয়তাবাদী যুৱ সন্মিলনৰ সভাপতি ৰাজীৱ দাসে৷ সম্প্ৰতি তীব্ৰ চৰ্চাৰ বিষয় হৈ পৰা এই অনাহুত ঘটনাকলৈ তেজপুৰত প্ৰতিক্ৰিয়া অব্যাহত আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More