তেজপুৰৰ ডেকাৰগাঁও ৰে’ল ষ্টেচনত চিণ্ডিকেট

আঁৰত ৰাজনৈতিক দালাল:আৰক্ষী আৰু পৰিবহন বিভাগৰ ভূমিকা সন্দেহজনক

0 22

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২১অক্টোবৰ: তেজপুৰৰ ডেকাৰগাঁও ৰে’লষ্টেচনত যোৱা দীঘলীয়া সময়চোৱাত চলি আহিছে এক চিণ্ডিকেট৷একোখন ছয় চকীয়া ট্ৰাকে প্ৰতিবাৰ সামগ্ৰী কঢ়িওৱাৰ সময়ত এই চিণ্ডিকেট চক্ৰটোক আদায় দিব লাগে এহেজাৰ টকা আৰু সৰু সৰু বাহন সমূহে এবাৰত আদায় দিব লাগে তিনিশ টকা৷ আনহাতে এইদৰে অবৈধ ভাবে ধন সংগ্ৰহ কৰাৰ পথ সুগম কৰিবৰ বাবেই এই চক্ৰটোৱে আনকি ইয়াত বাধা আৰোপ কৰা লোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাই নহয় আৰক্ষীৰ সহায়ত তেনে লোকক বিপদত পেলোৱাৰো ফন্দী কৰাৰ অভিযোগ উঠি আহিছে৷ উল্লেখযোগ্য যে,ডেকাৰ গাঁও ৰে’ল ষ্টেচনত চলা এই অবাধ চিণ্ডিকেটৰ আঁৰত তেজপুৰ আৰু বিশ্বনাথৰ এটা ৰাজনৈতিক চক্ৰও জড়িত আছে৷কেবল সিমানেই নহয়,এই চিণ্ডিকেট চক্ৰটোৱে স্হানীয় আৰক্ষীৰো ছত্ৰছায়া লাভ কৰা বুলি ৰাইজে অভিযোগ কৰিছে৷উল্লেখযোগ্য যে,ডেকাৰগাঁও ৰে’ল ষ্টেচনলৈ বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে চিমেণ্ট,ৰঙত মিহলোৱা গুড়াৰ বস্তা,ঘেঁহু,যন্ত্ৰপাতি ৰে’ল যোগে আহে৷ এনে অৱস্থাত দৈনিক এই ষ্টেচনলৈ বহুসংখ্যক ট্ৰাক আহে৷এই ট্ৰাক সমূহৰ পৰাই প্ৰতি বাৰ সামগ্ৰী কঢ়িওৱাৰ সময়ত এই চিণ্ডিকেট চক্ৰটোৱে তিনিশ আৰু এহেজাৰ টকাকৈ সংগ্ৰহ কৰে৷ইপিনে যিকোনো অনিয়মৰ ক্ষেত্ৰত এনে ট্ৰাকচালক আৰু ব্যৱসায়িক সুৰক্ষা দিয়া এই চিণ্ডিকেট চক্ৰটোৱে আনকি অভাৰ লোড কঢ়িয়াই অনা কাৰ্যত বাধা দিয়া সকলকো আৰক্ষীৰ দ্বাৰা হাৰাশাস্তি কৰাৰ ঘটনা সংঘটিত হৈছে৷ উল্লেখযোগ্য যে চিণ্ডিকেট চক্ৰটোৰ বিৰোধী যিকোনো লোকৰ বিৰুদ্ধে বিভিন্ন ষড়যন্ত্ৰ আৰু ভাবুকি প্ৰদান কৰি অহাৰ বিপৰীতে অভাৰলোড কঢ়িওৱা ট্ৰাক ৰাষ্ট্ৰীয় পথৰ সলনি কুণ্ডাৰবাৰী ডেকাৰগাঁও সংযোগী পথটোৰে যাতায়াত কৰাত এই গ্ৰাম্য পথটোৰ ক্ষতি হোৱাৰ আশংকা বৃদ্ধি পাইছে৷ইপিনে ডেকাৰগাঁও ৰে’ল ষ্টেচনত চলা চিণ্ডিকেটৰ বিৰুদ্ধে স্হানীয় ৰাইজে পূৰ্বে আনুষ্ঠানিক অভিযোগ দাখিল কৰা সত্বেও একাংশ ৰাজনৈতিক দালালৰ সহযোগৰ বাবেই এই চিণ্ডিকেট অব্যাহত আছে৷উল্লেখযোগ্য যে স্হানীয় বেবেজীয়া আৰক্ষী চকীয়েও এই চিণ্ডিকেট চক্ৰটোক সহায় কৰি অহাৰ গুৰুতৰ অভিযোগ?উঠিছে৷উল্লেখযোগ্য যে,অবৈধ ভাবে ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰা এই চক্ৰটোৱে আনকি স্হানীয় ঐতিহ্যমণ্ডিত ৰাস সমিতিৰ সদস্য সকলৰ বিৰুদ্ধেও চক্ৰান্ত কৰাৰ অভিযোগ উঠিছে৷ৰিংকু বৰুৱা নামৰ এজনৰ নেতৃত্বত এই চিণ্ডিকেট একা’শই চলোৱা বুলি অভিযোগ উঠি অহাৰ সময়তে কালি বিয়লি কুণ্ডাৰবাৰী ডেকাৰগাঁও সংযোগী পথৰে এখন ট্ৰাকত জোখতকৈ অধিক চিমেণ্ট কঢ়িয়াই অনাত স্হানীয় ৰাইজে ট্ৰাকখন আৱদ্ধ কৰাৰ লগে লগে এই চিণ্ডিকেট বাহিনীয়ে একাংশ স্হানীয় যুৱকক ভাবুকি প্ৰদান কৰাৰ লগতে বেবেজীয়া আৰক্ষীক ট্ৰাকখন মোকলাই নিয়াৰ বাবে ব্যৱহাৰ কৰে৷আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ মাজৰ দুজনক আটক কৰিবলৈ লোৱাৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়৷ অতিৰিক্ত বোজাই কঢ়িয়াই অনা ট্ৰাকখন পাছত পৰিবহন বিভাগে জব্দ কৰিবলৈ বাধ্য হয়৷ উল্লেখযোগ্য যে,ৰাইজৰ প্ৰতিবাদৰ বিপৰীতে পাছত ঘটনাস্থলীত মহাভৈৰৱ, শ’লমৰা আৰক্ষী চকীৰ লগতে তেজপুৰ সদৰ আৰক্ষী চকীৰ পৰা যোৱা আৰক্ষী বিষয়া তথা অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰে ৰাইজৰ মাজত হোৱা আলোচনাৰ সময়ত ৰে’ল ষ্টেচনটোত চলি থকা চিণ্ডিকেট আৰু পৰিবহন আইন ভংগৰে অতিৰিক্ত বোজাই কঢ়িওৱা ঘটনাৰ সবিশেষ প্ৰকাশ কৰি ৰাইজে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷উল্লেখযোগ্য যে,চিণ্ডিকেট চক্ৰটোৰ সকলো ষড়যন্ত্ৰ কালি ফাদিল হোৱাৰ বিপৰীতে ৰইজে ইয়াত চলি থকা এই অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহন বিভাগে ইমানদিনে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সেই লৈ উদ্বেগ প্ৰকাশ কৰি স্বচ্ছ আৰু নিকা বুলি দাবী কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালতে শাসকীয় পক্ষৰ একাংশ দালালৰূপী পালিনেতাৰ সহযোগতে এই চিণ্ডিকেটৰাজ গঢ়ি উঠা বুলি অভিযোগ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More