তেজপুৰৰ তিনি মৌজাৰ কৃষকৰ ম্যাদীভূমিকলৈ দুই কোম্পানীৰ কাৰছাজি

 তীব্ৰ প্ৰতিক্ৰিয়াঃ বাধা দিবলৈ ওলাই আহিল কৃষক

0 12

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২মাৰ্চঃ কৃষকৰ ভূমি বিনামূল্যে আৰু বলপূৰ্বক দখল কৰিবলৈ লোৱাৰ অভিযোগত আজি তেজপুৰৰ পাৰ্শ্বৱৰ্তী বিহুগুৰি ময়লা গাঁৱত এন আৰ এল আৰু ইন্দ্ৰধনুছ গেছ গ্ৰিডৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷উল্লেখযোগ্য যে, এন আৰ এল নামৰ কোম্পানীটোৰ বিৰুদ্ধে বলপূৰ্বক স্হানীয় কৃষক ৰাইজৰ ভুমিত পাইপ স্হাপনৰ অপচেষ্টা কৰাৰ অভিযোগ কৰিছে স্হানীয় কৃষক ৰাইজে৷ ইয়াকে লৈ আজি ক্ষুব্ধ ৰাইজে দুই প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰশাসন তথা চৰকাৰৰ হস্তক্ষেপ দাবী কৰে৷ আজি এনে কাৰ্যৰ বিৰুদ্ধে হলেশ্বৰ, বাঁহবাৰী আৰু বিহগুৰি মৌজাৰ ৰাইজ মিলিত হয় ময়লা অঞ্চলত৷ প্ৰণিধানযোগ্য যে, ইতিমধ্যে ইন্দ্ৰধনুছ গেছ কোম্পানীয়ে এই অঞ্চলৰ বৃহৎ কৃষি ভূমিৰ তলেৰে বহুৱাইছে গেছ সৰবৰাহৰ বাবে বৃহৎ আকাৰৰ পাইপ৷ ইয়াৰ বাবে কৃষক সকলক ৪০শতাংশ ধন আদায়ৰ প্ৰতিশ্ৰুতি দি কাম আৰম্ভ কৰে যদিও বাকী ধন সম্পূৰ্ণৰূপে আদায় পোৱা নাই বুলিও অভিযোগ উঠিছে৷ ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি এই পাইপ লাইনৰ সমান্তৰালভাৱে আৰু তিনিডালকৈ তেল গেছৰ পাইপ জোৰজুলুমকৈ কৃষকৰ মাটিত পোতাৰ বাবে তৎপৰ হৈছে এন আৰ এল আৰু ইন্দ্ৰধনুছ কোম্পানী৷ কিন্তু ইয়াৰ বাবে কৃষি ভূমিৰ গৰাকীৰ পৰা অনুমতিটো লোৱা নাই আৰু কোনোধৰণৰ ক্ষতিপূৰণৰ ব্যৱস্থা নকৰি বলপূৰ্বক এই কাম কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ কৰা কৃষক সকল দুয়োটা কোম্পানীৰ বিৰুদ্ধে ক্ষোভিত হৈ উঠে৷ পৰিণতিত ৰাইজে আজি এন আৰ এল ক এনেদৰে পাইপ স্হাপন কৰাত বাধা প্ৰদান কৰাৰ লগতে এই ভূমিৰ চৰজমিন তদন্ত কৰা লাট মণ্ডল গৰাকীকো বাক্য বানেৰে থকা সৰকা কৰে৷ এন আৰ এলে আনকি দৰিদ্ৰ লোকৰ ঘৰ ভাঙি ঘৰৰ মাজেৰে পাইপ সংস্হাপন কৰাৰো অভিযোগ কৰিছে ক্ষোভিত ৰাইজে৷উল্লেখযোগ্য যে,এই ক্ষেত্ৰত কৃষক সুৰক্ষা সমিতিয়ে উত্থাপন কৰা গুৰুতৰ অভিযোগ অনুসৰি,স্হানীয় ২৫০জন দৰিদ্ৰ কৃষকৰ ভূমি দাবী হুমকিৰে এইদৰেই ব্যৱহাৰ কৰিব বিছৰা হৈছে৷এনে মইমতালিক ৰাইজে কোনো কাৰণতে মানি নলয় আৰু ব্যৱহাৰ কৰিবলৈ বিচৰা ভূমিৰ বিপৰীতে ৰাইজক উপযুক্ত ক্ষতিপূৰণৰ আদায় দিব লাগিব বুলিও কৃষক সংগঠনটোৰ লগতে ৰাইজে দাবী জনাইছে৷ উল্লেখযোগ্য যে,ইন্দ্ৰধনুচৰ স’তে হোৱা কৃষকৰ চুক্তিৰ অচিলা লৈ ইন্দ্ৰধনুচৰ বোকোচাত উঠি এন আৰ এলে এইদৰে কৃষকৰ ম্যাদী ভূমি দখল কৰিবলৈ লোৱা কাৰ্যৰে মণ্ডল তথা চৰকাৰী বিভাগ জড়িত হৈ পৰা বিষয়টোৱে গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে৷ কৃষকৰ ভূমি বিনামূল্যে কাঢ়িবলৈ বিচৰা এই ঘটনাক ৰাইজে ধিক্কাৰ দিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More