তেজপুৰৰ দোলাবাৰী পঞ্চায়তৰ পি এম এ ৱাই গৃহৰ হিতাধিকাৰীয়ে লাভ কৰা নাই এমজি এনৰেগাৰ ধন

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১১ জানুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰৰ দৰিদ্ৰ হিতাধিকাৰীৰ বাবে প্ৰধান মন্ত্ৰী আৱাস যোজনা চমুকৈ পি এম এ ৱাই গৃহৰ যি উদ্দেশ্যৰে প্ৰদান কৰা হৈছিল বাস্তৱত সেয়া অসাৰ প্ৰতিপন্ন হোৱাৰ অভিযোগ উত্থাপিত হৈছে । শোণিতপুৰৰ গাভৰু উন্নয়ন খণ্ডৰ অধীনৰ দোলাবাৰী গাওঁ পঞ্চায়তত লাভ কৰা পি এম এ ৱাইৰ অধিকাংশ হিতাধিকাৰীয়ে উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ। পঞ্চায়তখনৰ চাৰি নম্বৰ ৱাৰ্ডৰ প্ৰায় সংখ্যক হিতাধিকাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰি আজি কয় যে যোৱা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কিছু সংখ্যকে আৰু আন কিছু সংখ্যক পৰৱৰ্তী সময়ত আৱাস যোজনাৰ গৃহৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় কিস্তি লাভৰে মুঠ এক লাখ ত্ৰিশ হেজাৰ টকা মুঠ ধন লাভ কৰাৰ বিপৰীতে আন একাংশৰ কিস্তি সমুহ সম্প্ৰতি একাউণ্টত জমা হৈছে। সেই ধন লাভ কৰি কিছু সংখ্যকে কিছু নিজৰ সাচতীয়া ধন সংযোগৰে ঘৰ সমুহ প্ৰায় সম্পূৰ্ণ কৰি তুলিছে যদিও আন একাংশই ধনৰ অভাৱত সম্পূৰ্ণ কৰিব পৰা নাই ।ইফালে একাংশ হিতাধিকাৰীয়ে আৱাস যোজনাৰ সম্পূৰ্ণ ধন লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে যদিও ইয়াৰ পিছৰ কাৰ্যব্যৱস্থাত খড়্গহস্ত হৈ পৰিছে দৰিদ্ৰ ৰাইজ। ৱাৰ্ডটোত নিৰ্মাণ কৰা পি এম এ ৱাইৰ হিতাধিকাৰী সকলে উক্ত ধনৰ সৈতে লাভ কৰিবলগীয়া এম জি এনৰেগাৰ যি ধন বিগত ছয়- সাত মাহে লাভ নকৰাত ক্ষোভিত হৈ পৰিছে । এই সকলৰে কেইগৰাকী মানৰ দুই – এটা কিস্তি অৰ্থাৎ বত্ৰিশ শ ছয় টকাহে লাভ কৰিছে। পঞ্চায়তলৈ প্ৰাপ্য ধনৰ বাবে বিভাগীয় কৰ্মচাৰীক হিতাধিকাৰী সকলে জানিব বিচাৰিলে তাৰ সদুত্তৰ লাভ নকৰে। বৰঞ্চ হিতাধিকাৰী সকলৰ যাৱতীয় সকলো কাৰ্য সম্পাদন কৰাৰ লগতে পাইপ লাইনত থকা বুলি পতিয়ন নিয়াব চেষ্টা কৰে। আন একাংশৰ একাউণ্ট নম্বৰ ভুল বুলি কৈ এৰাই চলিব বিছাৰে। প্ৰকৃততে কাৰ গাফলতিত হিতাধিকাৰী সকলে আজিলৈকে প্ৰাপ্য লাভ কৰা নাই সেয়াহে সাঁথৰ হৈ পৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More