তেজপুৰৰ নিৰু নেওগ বৰাৰ সৃষ্টিশীল যাত্ৰা

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫জানুৱাৰী: তেজপুৰ ঘৰপৰা চুবুৰী নিবাসী নিৰু নেওগ বৰাই ১৯৭৩ চনতে নাটক ৰচনা কৰাৰ মাজৰে সৃষ্টিশীল কৰ্ম্মত আত্মপ্ৰকাশ কৰিছিল আৰু তেওঁৰ সাহিত্য কৃতি নাটকৰ উপৰি শিশু গল্প, শিশু উপন্যাস আৰু অন্যান্য লেখাত প্ৰতিফলিত হৈছে ৷ বিহপুৰীয়াৰ নিচেই ওচৰৰ কহুৱা গাঁৱত জন্ম গ্ৰহণ কৰা নিৰু নেওগ বৰাই ২০১৫ চনত কলিয়াবৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ আদৰণি সমিতিয়ে সদৌ অসম ভিত্তিত আয়োজন কৰা চুটি গল্প প্ৰতিযোগিতাত ৩য় পুৰস্কাৰ লাভ কৰিছিল ৷ শাৰীৰিক অসুস্হতাৰ বাবে ২০০১ চনৰ পৰা তেওৰ সৃষ্টি কৰ্ম্মলৈ স্হবিৰতা আহিছিল যদিও ২০১৪ চনৰ পৰা পুনৰ হাতত কলম তুলি লৈছিল ৷ মৌচাক, মুকুতা, আমাৰ অসম, দৈনিক অগ্ৰদূত, জনসাধাৰণ, জনমভূমিৰ বিশেষ সংখ্যা, সদৌ অসম মইনা পাৰিজাতৰ “মইনা“ , লেখিকাৰ আলোচনী “স্বদেশ“, চেন্নাইৰ অসম এচোচিয়েচনৰ মুখপত্ৰ “কাবেৰী“ আদিত চুটি গল্প আৰু শিশু গল্প প্ৰকাশ হৈছে ৷ প্ৰকাশিত আৰু অপ্ৰকাশিত সৃষ্টি ৰাজিৰ সংকলিত ৰূপ হিচাপে এতিয়ালৈকে তেঁওৰ নখন গ্ৰন্থ প্ৰকাশ হৈছে আৰু আন দুখন প্ৰকাশৰ পথত ৷ তেওঁৰ প্ৰকাশিত পুথি সমূহ হৈছে ভোকাতুৰ মইনা ( ৩খন একাংকিকাৰ সংকলন ),বন্ধন মুক্তি , গল্প সংকলন সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ টিহু অধিবেশনত পুৰস্কৃত, মৰ্ত্যৰ দেৱশিশু নামৰ শিশু গল্প সংকলন, সাহসী কণমানি নামৰ শিশু গল্প সংকলন, অসম লেখিকা সংস্হাৰ টেঙাখাত অধিবেশনত পুৰস্কৃত, সংকল্প লওঁ আহক তিনিখন নাটকৰ সংকলন, এখন নতুন পৃথিৱীৰ সন্ধানত তিনিখন শিশু উপন্যাসৰ সংকলন ৷ যিখনে ২০২০ চনত ধেমাজিত অনুষ্ঠিত লেখিকা সমাৰোহ সমিতিৰ অধিবেশনত নিপ বৰুৱা সোৱৰণি শিশু সাহিত্য প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল, বুদ্ধিমতী নৱনীতা — শিশু গল্প সংকলন, এখন পূৰ্ণাংগ নাটক জীৱনটো এখিলা উকা কাগজৰ দৰে ( নিজেই লিখিব পাৰি নিজৰ ভবিষ্যৎ ), এজাক চৰাই আৰু মইনাহঁত (শিশুৰ পূৰ্নাংগ নাটক) ৷ যোৱা ডিচেম্বৰ মাহত প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাঃলিঃ এ আইনা জীৱনৰ সৌজন্যত ৰং চেনেলৰ উদ্যোগত তেজপুৰ বান থিয়েটাৰত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা একাংক নাট প্ৰতিযোগিতাত তেঁওৰ “সংকল্প লও আহক“ শীৰ্ষক মহিলাই প্ৰদৰ্শন কৰিব পৰা নাটকখনিয়েও অংশ গ্ৰহণ কৰি দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷এসময়ৰ হাইস্কুলৰ শিক্ষয়িত্ৰী নিৰু নেওগ বৰাই সাংসাৰিক অসুবিধাৰ বাবে এগৰাকী আদৰ্শ গৃহিনী হিচাপে সংসাৰ চলাইছিল যদিও ব্যস্ততাৰ মাজত তেওঁৰ সৃষ্টিশীল মনটো হেৰুৱাই দিয়া নাছিল ৷ উল্লেখ যে , সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰ শাখাই আয়োজন কৰা ঁঁফুল বৰা সোৱৰণি গল্প প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্হান লাভ কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More