তেজপুৰৰ প্ৰবীণ খেলুৱৈ অনু লহকৰ ডেকাৰ বিয়োগ

0 29

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭জুলাই: তেজপুৰ জিলা ভলীবল দলৰ এগৰাকী সদস্যা হিচাপে দুবাৰকৈ আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত অংশ লোৱা সুদক্ষ মহিলা ভলীবল খেলুৱৈ আৰু এথলেট অনু লহকৰ ডেকা(৬৩)ৰ যোৱা নিশা পৰলোকপ্ৰাপ্তি ঘটিছে।তেজপুৰৰ মিছন চাৰিআলিৰ সমীপৱৰ্তী শুক্লেশ্বৰ নগৰ নিবাসী তথা ১৯৫৯ত জন্ম গ্ৰহণ কৰা এইগৰাকী ভলীবল খেলুৱৈয়ে ১৯৭৬ত শিৱসাগৰত আৰু ১৯৭৭ত তেতিয়াৰ অবিভক্ত শোণিতপুৰৰ হাৱাজানত অনুষ্ঠিত হোৱা আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত তেজপুৰৰ জিলা মহিলা ভলীবল দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্যা হিচাপে অংশ লৈ দক্ষতাৰ পৰিচয় দিছিল। তদুপৰি এথেলেট হিচাপে দৌৰতো প্ৰতিভা প্ৰদৰ্শন কৰা এইগৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰবীন ক্ৰীড়াত অংশ লৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। সামাজিক ভাবেও যথেষ্ট সক্ৰিয়তা প্ৰদৰ্শন কৰা ডেকা স্থানীয় শুক্লেশ্বৰ নগৰ মহিলা মহিলা সমিতিৰ সভানেত্ৰী পদত মৃত্যু পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰিছিল।তেওঁৰ আকস্মিক বিয়োগত তেজপুৰ জিলা ক্ৰীড়া সন্হা,তেজপুৰ জিলা ভলীবল সন্হা,তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ,ক্ৰীড়া সংগঠক মৃদুল শৰ্মা,শুক্লেশ্বৰ মহিলা সমিতি,শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন আদি বিভিন্ন অনুষ্ঠানে শোক প্ৰকাশ কৰিছে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More