তেজপুৰৰ প্ৰবীন খেলুৱৈ মামু বায়নৰ সাফলতা

0 19

শতাব্দ প্ৰতিনিধি তেজপুৰ,৭মে’: তেজপুৰৰ পাৰ্বতীনগৰ নিবাসী মামু বায়নে নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা খেল’ মাষ্টাৰ্চ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ত্ৰিপল জাম্পত সোণৰ পদক অৰ্জন কৰি ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । মীনা নামৰে পৰিচিত খেলুৱৈগৰাকী তেজপুৰস্থিত নিয়োগ বিনিময় কেন্দ্ৰৰ এগৰাকী কৰ্মচাৰী । কৰ্মজীৱন তথা ঘৰুৱা দায়িত্ব পালনৰ সমান্তৰালভাবে ক্ৰীড়া ক্ষেত্ৰখনৰে দীৰ্ঘকাল জড়িত হৈ আছে বায়ন । শৈশৱৰে পৰাই বিভিন্ন ক্ৰীড়াৰ স’তে জড়িত থকা বায়নে ২০১১ৰ পৰাই প্ৰবীন ক্ৰীড়াত অংশ লয় আৰু যোৱা প্ৰায় ১১বছৰে তেওঁ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে । ২০২১ত তেওঁ আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল । তদুপৰি,সৌন্দৰ্য প্ৰতিযোগিতাতো অংশলোৱা এইগৰাকী মহিলাই ২০১৯ত মিচেছ ইণ্ডিয়া নেছনেল প্ৰতিযোগিতাত শ্ৰেষ্ঠ কেটৱাকৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল । তেওঁ ২০২১ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱমে’ন এচিভাৰ সন্মান লাভ কৰাৰ উপৰি ২০২২ত শ্ৰেষ্ঠ সামাজিক বঁটাও অৰ্জন কৰিবলৈ সক্ষম হয়। অনাগত সময়তো ক্ৰীড়া ক্ষেত্ৰখনৰে জড়িত থাকি তেওঁ ৰাজ্য তথা দেশক প্ৰতিনিধিত্ব কৰি যাবলৈ আগ্ৰহী বুলিও তেওঁ প্ৰকাশ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More