তেজপুৰৰ প্ৰান্তে প্ৰান্তে বিশ্ব পৰিৱেশ দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী

0 17
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱসৰ আজিৰ দিনটোত তেজপুৰৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠানে প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত গছপুলি ৰোপণেৰে জনসাধাৰণৰ মাজত বিশেষ সজাগতা সৃষ্টি কৰা দেখা যায়। বন বিভাগৰ লগতে বিভিন্ন শৈক্ষিক অনুষ্ঠানে আজি পুৱাই নিজ নিজ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ উপস্থিতিত  গছপুলি বিতৰণৰ লগতে শিক্ষানুষ্ঠানৰ চৌহদ আৰু অন্যান প্ৰান্তত বিভিন্ন মূল্যবান গছপুলি ৰোপণেৰে ধৰণি সেউজীয়া কৰাৰ সংকল্প গ্ৰহণ কৰে। তেজপুৰ কেতেকীবাৰীৰ আছামভেলী জুনিয়ৰ কলেজত আজি শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ বিজয় শইকীয়া আৰু পৰিচালন সঞ্চালক অভিজিৎ কলিতাৰ নেতৃত্বত শিক্ষক-শিক্ষয়িত্ৰীসকলে একাংশ শিক্ষাৰ্থীৰ হাতত  গছপুলি অৰ্পণ কৰি পৰিৱেশ সজাগতাৰ ওপৰত পাঠদান কৰে। শিক্ষানুষ্ঠানখনৰ চৌহদৰ লগতে কেতেকীবাৰী অঞ্চলত গছপুলি ৰোপণো কৰে প্ৰকৃতি প্ৰেমী, সংগীত শিল্পী ময়ূৰ কাঞ্চন বৰাৰ জৰিয়তে। সেইদৰে তেজপুৰ পল’ফিল্ডস্থিত ৰাষ্ট্ৰভাষা বিদ্যালয় প্ৰাংগনতো আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত বিদ্যালয় বন্ধৰ মাজতো বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি সুৰেশ চিৰোহিয়া, প্ৰধান শিক্ষক বিজয় কাণ্ডুলনা আৰু সহ প্ৰধান শিক্ষক হিৰণ্য কুমাৰ দাসৰ নেতৃত্বত শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয় চৌহদৰ লগতে স্থানীয় অঞ্চলটিত মূল্যবান গছপুলি ৰোপণ কৰে। বিদ্যালয়খনৰ এই কাৰ্যসূচীত একাংশ শিক্ষাৰ্থীও উপস্থিত থাকি উৎসাহেৰে ৰোপণ কৰে গছপুলি।  একেদৰে বিশ্ব পৰিবেশ দিৱস উপলক্ষে আজি দেওবাৰৰ বিদ্যালয়ৰ পাঠদান বন্ধ থকা দিনটোতো তেজপুৰ গুৰুকুল বিদ্যালয়ৰ জয়মতী পথাৰ চৌহদতো কণ কণ শিক্ষাৰ্থীসকলক গছপুলিৰ প্ৰয়োজনীয়তাৰ দিশটো অৱগত কৰি গছপুলি ৰোপণ কৰোৱাই শিক্ষক-শিক্ষয়িত্ৰীসকলে। কণ কণ শিক্ষাৰ্থীসকলক শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰিবেশ সুৰক্ষাৰ ওপৰত উদাহৰণ দাঙি ধৰি পাঠদান কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ জৰিয়তে বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰি দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰে। সেইদৰে তেজপুৰৰ অসমীয়া ক্লাবৰ উদ্যোগতো আজি ক্লাব চৌহদত গছপুলি ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰে। তেজপুৰ- ঘগৰা চাহ বাগিচা আদৰ্শ বিদ্যালয়তো বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। তেজপুৰ সদৰ বন কাৰ্যালয়ৰ বনকৰ্মীৰ কেইবাজনীয়া এটি দলে বিদ্যালয়খনত ২০ টা অৰ্জুন গছৰ পুলি ৰোপণ কৰে। বিদ্যালয়ৰ নিজা উদ্যোগত এশ টা গছৰ পুলি ৰোপনৰ ব্যৱস্থা কৰা হয়। অনুষ্ঠানত শোণিতপুৰ জিলা পৰিষদৰ  সভানেত্ৰী ডলী চুৰিণে গছপুলি ৰোপণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এটি কৃষ্ণচুড়া পুলি বিদ্যালয়ৰ চৌহদত ৰোপণ কৰে। বিদ্যালয়ৰ অধ্যক্ষ পলাশ কুমাৰ নাথ সমন্বিতে বিদ্যালয় সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে বৃক্ষৰোপণৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিৱসটি উদযাপন কৰে। একেদৰে তেজপুৰৰ মহিলাৰ অনুষ্ঠান মৈত্ৰী সংঘৰ উদ্যোগতো আজি গছপুলি ৰোপণ আৰু সজাগতা অনুষ্ঠানেৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাৰ লগতে উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ উদ্যোগতো বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে মিলনবাকৰি ৰাস মহোৎসৱৰ বাকৰিত সম্পাদক প্ৰশান্ত দাসৰ নেতৃত্বত গছপুলি ৰোপণ কৰা হয়। আনহাতে, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী কন্যা বিদ্যালয়তো  বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই বৰ্ষৰ মূল বিষয় “একমাত্র ধৰিত্ৰী” শীর্ষক বক্তৃতা প্ৰদান কৰে ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ বিষয়া বৰ্ণালী শইকীয়াই। এজোপা গছ ৰোপণ কৰিয়েই যে আমাৰ দ্বায়িত্ব শেষ নহয়, তাক কেনেকৈ প্ৰতিপালন কৰি বিশুদ্ধ বায়ু পাব পৰাকৈ উপযোগী কৰিব লাগে, সেই বিষয়ে ছাত্ৰীসকলক বিষদভাবে অৱগত কৰোৱাই।বিশ্ব পৰিৱেশ দিৱসৰ শপত বাক্য পাঠ কৰাই বিষয় শিক্ষক শুভ্ৰজ্যোতি শৰ্মাই এই দিৱসৰ মহত্ব তথা গুৰুত্ব বিষয়ে বিৱৰি কয়।এই দিৱসৰ লগত সংগতি ৰাখি ছাত্রীসকলৰ মাজত বৃক্ষৰোপণ শীৰ্ষক এক প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।  প্ৰতিপালন আৰু বৰ্ধনৰ দ্বায়িত্ব দি তেওঁলোকক এখন সেউজ পৃথিবী গঢ়াৰ অংশীদাৰ হ’বলৈ উদগনি যোগোৱা হয়। ইয়াৰ পিছত বিদ্যালয় চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰা হয়। আজিৰ কাৰ্যসূচীত পূর্ণ সহযোগ আগবঢ়াই “সংকল্প অসম” ৰ জয় বৰা আৰু প্ৰিয়াংশু দাসে। তেজপুৰ চায়েন্স একাডেমীৰ উদ্যোগত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামী আৰু একাডেমীৰ অধ্যক্ষা সুৰঞ্জনা শৰ্মাৰ নেতৃত্বত শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলে অংশ গ্ৰহণ কৰি একাডেমীৰ সন্মুখৰ দুয়োপাৰে গছপুলি ৰোপণ কৰি সমগ্ৰ নিকামূল সত্ৰলৈ যোৱা নৱপুৰৰ পথছোৱা সেউজীয়া কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰে। একেদৰে তেজপুৰ সাহিত্য সভাৰ উদ্যোগতো সম্পাদক দেৱব্ৰত শৰ্মাৰ নেতৃত্বত বিভিন্ন প্ৰান্তত আজি গছপুলি ৰোপণ কৰা হয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More