তেজপুৰৰ ফাৰ্মাচীত অবৈধ চিকিৎসা:যুৱকৰ মৃত্যুকলৈ প্ৰতিক্ৰিয়া

0 31

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২১ছেপ্টেম্বৰঃ তেজপুৰৰ এখন ফাৰ্মাচীত কালি সন্ধিয়া ভিতৰ পৰোৱাৰ খোকন দেৱনাথ(৩০) নামৰ এজন যুৱকক চিকিৎসকৰ নিদান পত্ৰ অবিহনেই চিকিৎসা কৰাৰ কিছু সময়ৰ পাছতে যুৱকজনৰ মৃত্যু ঘটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঘটনা সন্দৰ্ভত অবৈধ ভাবে চিকিৎসা প্ৰদান কৰা ফাৰ্মাচীৰ গৰাকীৰ বিৰুদ্ধে যুৱকজনৰ পৰিয়ালে স্হানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷উল্লেখযোগ্য যে,ভিতৰ পৰোৱা নিবাসী যুৱকজন পেটৰ বিষত আক্ৰান্ত হৈছিল আৰু তেওঁ চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে পৰোৱা স্হিত ৰঞ্জিত নেৱাৰ মালিকানাধীন ফাৰ্মাচীলৈ লৈ আহে৷ইয়াত চিকিৎসকৰ নিদান পত্ৰ অবিহনেই ৰঞ্জিত নেৱাৰে যুৱকজনক দুটা চেলাইন আৰু এটা বেজী দিয়ে৷ইয়াৰ বিপৰীতে মুঠ আঠশ টকা লৈ নেৱাৰে যুৱকজনক সুস্হ হোৱাৰ আশ্বাস দি ঘৰলৈ পঠিয়াই দিয়ে৷ কিন্তু যুৱকজন ঘৰ গৈ পোৱাৰ পিছত মূৰৰ বিষত আক্ৰান্ত হয় আৰু বমি কৰিবলৈ ধৰে৷ তাৰ পিছতে অসুস্থ যুৱকজনক চিকিৎসালয়লৈ নিয়া হয় য’দিও ইতিমধ্যে যুৱকজনৰ মৃত্যু ঘটে৷ইফালে, যুৱকজনৰ মৃত্যু সন্ধ্যা হোৱাত মৰোনোত্তৰ পৰীক্ষা কালি সম্পন্ন নোহোৱাৰ বিপৰীতে আজি দিনতহে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয়৷এই ঘটনাৰ পাছতে নিহত যুৱকজনৰ আত্মীয় তথা একাংশ লোকে ফাৰ্মাচীত উপস্থিত হৈ নেৱাৰক জৱাবদিহি কৰে আৰু নেৱাৰেও তেওঁ চিকিৎসা কৰা বুলি স্বীকাৰ কৰে৷ উল্লেখ্য যে, ফাৰ্মাচীখনত এটা পৃথক কোঠাত চিকিৎসক অবিহনেই ৰোগীৰ পৰীক্ষা তথা চিকিৎসা প্ৰদান কৰা হয়৷ চিকিৎসাৰ নামত ৰমৰমীয়া অবৈধ বেহা সপত্নীক ৰঞ্জিত নেৱাৰে চলাই গৈছিল যদিও বিয়াগোম স্বাস্থ্য বিভাগৰ বিষয়টো চকুত পৰা নাছিল৷ইপিনে,ভুক্তভোগী পৰিয়াল তথা আত্মীয়ই হত্যাকাৰী ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে নেৱাৰৰ ফাৰ্মাচী বন্ধ কৰাৰ দাবী জনাইছে জিলা স্বাস্হ্য বিভাগ আৰু জিলা প্ৰশাসনৰ ওচৰত৷আনহাতে গুৰুতৰ ভাবে অসুস্থ হোৱাৰ পাছতো চিকিৎসকৰ কাষ নাচাপি বহুলোকে ফাৰ্মাচীলে গৈ চিকিৎসা তথা ঔষধ গ্ৰহণ কৰা অসচেতন কাৰ্যৰ বাবেও একাংশ লোক বিপদত পৰে বুলি বিভিন্নজনে মন্তব্য কৰিছে৷ ইফালে এই বিষয় চোৱা চিতাৰ বাবে এটা বিভাগ আছে আৰু দুজনকৈ ঔষধ পৰিদশক আছে যদিও তেওঁ লোকৰ ভূমিকাও ৰহস্য জনক হোৱাৰ বাবে এনেদৰে নিৰীহ যুৱক মৃত্যৰ মুখত পৰিল বুলিও স্হানীয় ৰাইজে অভিযোগ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More