তেজপুৰৰ বিন্দুকুৰিত যাত্ৰীবাহী ৰে’লক আগচিলে বন্যহস্তীয়ে

0 18

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৬অক্টোবৰ: তেজপুৰৰ নিকটৱৰ্তী বিন্দুকুৰিত এটা প্ৰকাণ্ড বন্যহস্তীয়ে আগচি ধৰিছে ৰে’ল৷ ৰে’ল লাইনৰ ওপৰত আকোৰগোঁজ ভাবে অৱস্থান গ্ৰহণ কৰি যাত্ৰীবাহী ৰে’ল ৰখাই থোৱা গজৰাজে পাছত বিন্দুকুৰি অঞ্চলত এটা পৰিয়ালৰ বাসগৃহ ভাঙে৷ শীত কালিৰ আৰম্ভণিতেই বনাঞ্চলৰ পৰা ওলাই আহি খেতি পথাৰ আৰু জনাঞ্চলত বন্যহস্তীৰ বিচৰণ শোণিতপুৰ ৰঙাপৰা, চাৰিদুৱাৰ, বিন্দুকুৰি, ডিপোটা, বাঁহবাৰী, মোৱামাৰী, বিহুগুৰি আদি অঞ্চলৰ লগতে সমীপৱৰ্তী চাপৰি অঞ্চলৰ বাবে এক নৈমিত্তিক ঘটনাত পৰিণত হৈছে৷ বৰ্তমান ৰঙাপৰা আৰু তেজপুৰৰ নিকটৱৰ্তী বিন্দুকুৰিত বন্যহস্তীৰ বিচৰণ আৰম্ভ হোৱাই নহয়,ৰঙাপৰাত একাধিক বাসগৃহ আৰু দোকান গৃহ ভাঙিছে হাতীয়ে৷উল্লেখযোগ্য যে,কালি নিশা বনাঞ্চলৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড হাতীয়ে বিন্দুকুৰি স্হিত ভাৰতীয় খাদ্য নিগমৰ সমীপত ৰে’ল লাইনৰ ওপৰত অৱস্থান লয়৷ নিশা প্ৰায় আঠ বজাত ৰঙিয়া ডেকাৰগাঁও যাত্ৰীবাহী ৰে’লখন সেই স্হানত উপস্থিত হোৱাৰ সময়ত হাতীটোৱে ৰে’লখন আগচি ধৰে৷ ৰে’লৰ ইঞ্জিনৰ গৰ্জন আৰু বাৰম্বাৰ উকিলৈ কেৰেপ নকৰা হাতীটোৱে ৰে’লৰ চিৰিৰ ওপৰতে পাঁচমিনিটৰ অধিক সময় ৰৈ থাকে৷ ইতিমধ্যে সেই স্হানত বহু সংখ্যক লোক উপস্থিত হৈ চিঞৰ বাখৰ কৰাৰ লগতে ৰৈ যোৱা ৰে’লখনে বাৰম্বাৰ উকিওৱাৰ অন্তত অৱশেষত হাতীটোৱে ৰে’ল পথৰ কাষলৈ নামি যায় আৰু কাষৰে এটা বাসগৃহ ধ্বংস কৰে৷ উল্লেখযোগ্য যে,সোণাইৰূপাই অভয়াৰণ্যৰ পৰা ইতিমধ্যে ১১টা হাতী ৰঙাপৰাৰ লগতে বিন্দকুৰিৰ বিভিন্ন স্হানত বিচৰণ কৰি আছে৷ ইপিনে শেহতীয়াকৈ কঁঠালগুৰি ছাহ বাগিচাত আন এক বন্যহস্তী ৰহস্যময় দঁতাল লাচিতে অৱস্হান লৈছে৷ উল্লেখযোগ্য যে,অকলশৰীয়া এই দঁতাল হাতীটোৱে কেতিয়াবা সোণাই ৰূপাই,কেতিয়াবা চাৰিদুৱাৰ আৰু নামেৰিত বিচৰণ কৰে৷ প্ৰথম অৱস্থাত সকলোৱে লাডেন নাম দিয়া হাতীটোক বনবিভাগে লাচিত নামৰে নামকৰণ কৰে৷বহু বাসগৃহ ধ্বংস কৰা এই লাচিতে বৰ্তমান কঁঠালগুৰি চাহ বাগিচাত আশ্ৰয় লোৱাত সম্প্ৰতি স্হানীয় লোকসকল শংকিত হৈ উঠিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More