তেজপুৰৰ বিভিন্ন স্থানত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা

0 107

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মাৰ্চঃ IMG 20230321 WA0090তেজপুৰৰ বিভিন্ন স্হানত সম্প্ৰতি আৰম্ভ হৈছে বিহু নাছ আৰু ঢোল বাদনৰ কৰ্মশালা। তিনিআলি মহিলা সকলৰ উদ্যোগত বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত বিহু নাচ আৰু ঢোলৰ কৰ্মশালা কালি এগছি বন্তি আৰু ধুপ জ্বলাই বালিপুখুৰী সত্ৰৰ সত্ৰাধিকাৰ ৰামেশ্বৰ মহন্ত আৰু তিলক কেওঁটে শুভাৰম্ভ কৰে৷এই অনুষ্ঠানত নাৰিকল ভাঙে পিলি পটংগীয়াই, অনুষ্ঠানটোত উপস্থিত থাকে বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক পুৰ্ণানন্দ মহন্ত, চিত্ৰ ৰঞ্জন পটংগীয়া ,উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত দাস আৰু প্ৰশিক্ষন গ্ৰহণ কৰিবলৈ অহা শিশু সকলৰ অভিভাৱক সকল৷উল্লেখযোগ্য যে,প্ৰশিক্ষণৰ প্ৰথম দিনটোতে ৮৫ গৰাকী শিশু নাচনী আৰু ১২ টি শিশু ঢুলীয়াই অংশ গ্ৰহন কৰে৷কৰ্মশালা খনৰ পৰিচালনাৰ সম্পূৰ্ণ দায়িত্ব দিয়া হয় বিহু শিল্পী দিব্যজ্যোতি মহন্তৰ লগতে তেওঁৰ সহযোগী সকলক৷ প্ৰথম দিনা এঘন্টা বিহু নাচ আৰু ঢোল বাদন শিকোৱা হয়৷শেষত শিশু সকলৰ দ্বাৰা পৰিৱেশিত জাতীয় সংগীতৰে প্ৰথম দিনৰ কৰ্মশালা সমাপ্ত হয়৷তদুপৰি ইচ্ছুক বিহু নাচ আৰু ঢোল বাদনৰ প্ৰতি আগ্ৰহ থকা শিশু সকলৰ অভিভাৱকক সমিতিৰ স’তে যোগাযোগ কৰিবলৈ কৰ্মশালাৰ আয়োজক সমিতিয়ে আহ্বান জনাইছে।ইপিনে, তেজপুৰ একাডেমী হাইস্কুলতো শোণিতপুৰ জিলা বিহু কৃষ্টি পৰিষদৰ উদ্যোগত তৃতীয় বাৰ্ষিক বিহুনাছ আৰু ঢোল বাদন কৰ্মশালাৰ শুভাৰম্ভণী কৰা হৈছে৷ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি নৰহৰি চুতীয়া আৰু সুৰেণ বৰুৱাই বন্তি প্ৰজ্বলন কৰি তথা এফাকি ঘোষাৰে কৰ্মশালাৰ আৰম্ভণি কৰে৷ পৰিষদৰ জিলা সম্পাদক উত্তম কুমাৰ দাসে আঁত ধৰা এই অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি পৰেশ পটঙ্গীয়া, উপ-সভাপতি মুকুল চুতীয়া, সাংস্কৃতিক সম্পাদক ৰজনী বৰা, ৰাজীৱ দাস,নৃত্য পটীয়সী মৌচুমী শৰ্মা, মনিকা ডেকা, সহকৰৰী সম্পাদক তৰুণ দাস, ৰাজেন বৰা, ক্ষীৰমাই বৰা, দিপেন শইকীয়া, সাংগঠনিক সম্পাদক অনুপ অসমীয়া, নমী হাজৰিকা, মামু বায়ন, মুনমী বৈশ্য, যতীন্দ্ৰনাথ শইকীয়া,ৰাজীৱ শৰ্মা,বৰ ঢুলীয়া গোলাপ বৰা, দেৱজিৎ লাহন , জয়ন্ত বৰা, প্ৰশিক্ষক নিলাক্ষী বৰুৱা আৰু ভালেসংখ্যক ৰাইজ ৷ইপিনে মাজগাঁৱৰ জাতীয় ছহিদ বাকৰিতো তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ১৫মাৰ্চৰ পৰা বিহু নাচ আৰু ঢোল বাদনৰ ৩০ দিনীয়া কৰ্মশালা অব্যাহত আছে৷ যথেষ্ট সংখ্যক প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা এই কৰ্মশাৰ আৰম্ভণি অনুষ্ঠানত সাংস্কৃতিক ক্ষেত্ৰখনৰে জড়িত কে’বাগৰাকীও প্ৰবীন নবীন শিল্পী উপস্থিত থাকে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More